ETV Bharat / state

বিজেপিয়ে প্ৰশাসন ব‍্যৱস্থাটোক গেৰুৱাকৰণ কৰিব খুজিছে : ৰিপুণ বৰা

ৰাজ্যৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছক্লাৱত যৌথভাৱে সংবাদমেল সম্বোধন কৰে কংগ্ৰেছ, আঞ্চলিক গণ মৰ্চা, চি পি আই আৰু চি পি আই (এম এল)ৰ নেতৃত্বই । সংবাদমেলতে উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰা, আঞ্চলিক গণ মৰ্চাৰ অজিত কুমাৰ ভূঞা, CPI ৰ মুনিন মহন্ত, CPI(ML)ৰ বিবেক দাস।

Guwahati
Guwahati
author img

By

Published : Oct 1, 2020, 10:20 PM IST

গুৱাহাটী, 1 অক্টোবৰঃ "SI কেলেংকাৰী অভিযোগত আটক হোৱা দিবন ডেকাই অন‍্যতম অভিযুক্ত নহয়। চৰকাৰে সমগ্র বিষয়টো বিপথে পৰিচালিত কৰিব খুজিছে। পুলিচৰ বিৰুদ্ধে পুলিচে কি তদন্ত কৰিব। সমগ্র বিষয়টোৰ সঠিক তদন্ত বিচৰা হ'লে চৰকাৰে SI কেলেংকাৰী বিষয়টোৰ CBI তদন্ত দিলে হয়।" এই অভিযোগ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাৰ।

ৰাজ্যৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছক্লাৱত যৌথভাৱে সংবাদমেল সম্বোধন কৰে কংগ্ৰেছ, আঞ্চলিক গণ মৰ্চা, চি পি আই আৰু চি পি আই (এম এল)ৰ নেতৃত্বই। সংবাদমেলতে উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰা, আঞ্চলিক গণ মৰ্চাৰ অজিত কুমাৰ ভূঞা, CPI ৰ মুনিন মহন্ত, CPI(ML)ৰ বিবেক দাস।

লগতে পঢ়কঃ KXIP বনাম MI : টছত জয়ী হৈ ফিল্ডিঙৰ সিদ্ধান্ত কে. এল. ৰাহুলৰ

ইফালে "কেলেংকাৰীৰ উচিত তদন্ত বিচৰা হ'লে চৰকাৰে সমগ্র ঘটনাৰ CBIৰ তদন্ত দিলে হয়। তদন্তৰ নামত চৰকাৰে কেৱল ভেকোভাওনাহে কৰি আছে।" শেহতীয়াকৈ সংঘটিত হোৱা SI নিযুক্তি কেলেংকাৰীক লৈ এই মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ৷ সাংসদ অজিত কুমাৰ ভূঞাৰ অভিযোগ মতে বৰ্তমানৰ চৰকাৰখনে কেৱল নিজৰ দলৰ প্ৰাৰ্থীকহে অগ্ৰাধিকাৰ দিয়ে। বিজেপি দলৰ সদস্যক সংস্থাপিত কৰিবৰ বাবে চৰকাৰখনে এনেবোৰ দুৰ্নীতিৰ আশ্ৰয় লৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে সাংসদ গৰাকীয়ে।

সংবাদমেলত অজিত কুমাৰ ভূঞাই মন্তব্য কৰে যে ," SI কেলেংকাৰী ৰাজ্যত প্ৰথম নহয়। ইয়াৰ পূৰ্বে চৰকাৰে বিদেশী ন‍্যায়াধিকৰণ আদালত আৰু APDCLৰ কিছু সংখ্যক পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত কৰিছিল । কিন্তু তাত হোৱা দুৰ্নীতিৰ তদন্তৰ ফলাফল আজিলৈকে ৰাইজে গম নাপালে । আচলতে চৰকাৰখনে সকলোতে গেৰুৱা কৰণ কৰিব বিচাৰিছে ।"

লগতে পঢ়কঃ বাছৰ গৰাকীক প্ৰবঞ্চনা ৰাজ্য চৰকাৰৰ

আনহাতে শেহতীয়াকৈ আইনত পৰিণত হোৱা কৃষি আইনখনৰ বিৰোধিতা কৰি প্ৰদেশ কংগ্ৰেছে শুকুৰবাৰৰ পৰা ৰাজ‍্যৰ বুথ পৰ্যায়ত আন্দোলন কৰাৰ লগতে ১০ অক্টোবৰত ৰাজ‍্যত কৃষক বিৰোধী আন্দোলন গঢ়ি তুলিব বুলি জানিবলৈ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.