ETV Bharat / state

গোর্খা লোকক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী - জনজাতিৰ মৰ্যদা

দিশপুৰ প্ৰেছ ক্লাৱত গোৰ্খা ছাত্ৰ সন্থাৰ সংবাদমেল । ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনত গোর্খাসকলে গোৰ্খা সম্প্ৰদায়ৰ হকে কাম কৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ আহ্বান ৷ আগন্তক বিধানসভা নিৰ্বাচনত গোর্খা লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ দাবী গোর্খা ছাত্র সন্থাৰ ।

গোর্খা লোকক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ দাবী গোর্খা ছাত্র সন্থাৰ

author img

By

Published : Mar 3, 2021, 4:00 PM IST

গুৱহাটী, ৩ মাৰ্চ: দিশপুৰ প্ৰেছ ক্লাৱত গোৰ্খা ছাত্ৰ সন্থাৰ সংবাদমেলযোগে কেতবোৰ অভিযোগৰ লগতে দাবী উত্থাপন সংগঠনটোৰ । প্ৰত্যেক চৰকাৰে গোৰ্খাসকলক প্ৰতাৰণা কৰি অহাৰ অভিযোগ সংগঠনটোৰ ৷ বিজেপিয়ে পৰিৱৰ্তনৰ নামত কেৱল ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন । সেয়ে আগন্তুক নিৰ্বাচনত যি দলেই গোৰ্খাসকলৰ সমস্যা সমাধানৰ বিষয়ে নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰাৰ লগতে সমস্যা সামাধান কৰিব সেই দলক নিৰ্বাচনত সমৰ্থন কৰিব । অন্যথা বিপৰীত স্থিতি গ্ৰহণ কৰাৰ হুংকাৰ সংগঠনটোৰ ৷ ১৬ চনৰ নিৰ্বাচনত গোর্খাসকলৰ ৬ দফীয়া সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে । অতি পৰিতাপৰ বিষয় যে, সেয়া আজিকোপতি নহ'ল ।

গোর্খা লোকক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ দাবী গোর্খা ছাত্র সন্থাৰ

ডি ভোটাৰৰ সমস্যা সমাধান কৰা, গোর্খা জনজাতিৰ ১৩ উপ-জাতিক জনজাতিৰ মৰ্যদা দিয়াৰ বাবে বুধবাৰে এক সংবাদমেলযোগে এই দাবীসমূহ উত্থাপন কৰে । বিগত সময়ত গোর্খা বিধায়ক আৰু মন্ত্ৰী থাকিও তেওঁলোকৰ সমস্যা সমাধান কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে । যিয়ে সদনত গৈ তেওঁলোকৰ সমস্যাৰাজিৰ বিষয়ে চৰকাৰৰ আগত উপস্থাপন কৰিব পাৰিব । সদনত শুই থকাৰ বাদে উল্লেখিত দাবীসমূহৰ বাবে মাত মাতিব পৰাকৈ এইবেলি এনেকুৱা প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ আহ্বান জনাইছে সংগঠনটোৱে । বিশেষকৈ মাৰ্ঘেৰিটা, শদিয়া, চটিয়া, বিশ্বনাথ, গহপুৰ সমষ্টিত গোৰ্খাসকলে কোনো প্ৰাৰ্থীৰ জয়ৰ নিশ্চিত কৰিব পাৰে বুলিও কয় সংবাদমেলযোগে ৷

লগতে পঢ়ক:শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ বিৰুদ্ধে ক্ষোভ আটছাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.