ETV Bharat / state

UGC Department of GU: বন্ধ হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইউ জি চিৰ আঞ্চলিক কাৰ্যালয় - ইউ জি চিৰ আঞ্চলিক কাৰ্যালয়

অচিৰেই বন্ধ হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ (ইউজিচি) আঞ্চলিক কাৰ্যালয় (UGC Department will be close)।

Guahati UniversityUGC Department will be close
UGC Department: বন্ধ হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইউ জি চিৰ আঞ্চলিক কাৰ্যালয়
author img

By

Published : Nov 5, 2022, 6:38 PM IST

গুৱাহাটী, 5 নৱেম্বৰ : বন্ধ হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ (ইউজিচি) আঞ্চলিক কাৰ্যালয়। এতিয়াও ইয়াক চূড়ান্ত ৰূপ দিয়া হোৱা নাই যদিও শেহতীয়াকৈ বিশ্ববিদ্যালয় অনুদান আয়োগে (ইউজিচি) নতুন শিক্ষা নীতিৰ দোহাই দি গুৱাহাটীকে ধৰি দেশৰ সাতটা আঞ্চলিক কাৰ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে (UGC Department will be close)৷

বিশ্ববিদ্যালয় অনুদান আয়োগৰ এই আঞ্চলিক কাৰ্যালয় বন্ধ হোৱাৰ পিছত, অধ্যাপক আৰু অধ্যক্ষসকলে এতিয়া মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ বিভিন্ন সমস্যাৰ বাবে পোনপটীয়াকৈ দিল্লীলৈ যাব লাগিব ৷ গতিকে বিশ্ববিদ্যালয় অনুদান আয়োগৰ এই সিদ্ধান্তটোৱে অধ্যাপক আৰু অধ্যক্ষসকলৰ তীব্ৰ বিৰোধিতাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে ৷ বিশ্ববিদ্যালয়ৰ মুখ্য কাৰ্যালয় দিল্লীত অৱস্থিত। আয়োগৰ পুৰণি শিক্ষা নীতি অনুসৰি সমগ্ৰ দেশৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ সুবিধাৰ বাবে আঞ্চলিক কাৰ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল (Guahati UniversityUGC Department will be close)৷

এই সিদ্ধান্ত অনুসৰিয়েই পুনে, হায়দৰাবাদ, ভূপাল, দিল্লী, গুৱাহাটী, কলকাতা আৰু বেংগালুৰুত আঞ্চলিক কাৰ্যালয় স্থাপন কৰা হৈছিল ৷ এই কাৰ্যালয়সমূহৰ জৰিয়তে, শিক্ষাৰ্থী, অধ্যাপক, অধ্যক্ষ আৰু মহাবিদ্যালয়ৰ বাবে আয়োগৰ বিভিন্ন আঁচনি ৰূপায়ণ কৰা হয় ৷ অনুদান আয়োগৰ আঞ্চলিক কাৰ্যালয়সমূহৰ জৰিয়তে এই আঁচনিসমূহৰ সুবিধাবোৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক, গৱেষক আৰু ছাত্ৰ-ছাত্ৰী সকলে প্ৰত্যক্ষভাৱে লাভ কৰিব পাৰে ।

সেয়েহে, নগৰাঞ্চলৰ লগতে গ্ৰাম্য অঞ্চলৰ মহাবিদ্যালয়ৰ অধ্যাপক আৰু অধ্যক্ষসকলক পোনপটীয়াকৈ দিল্লীলৈ নোযোৱাকৈ আঞ্চলিক কাৰ্যালয়ৰ জৰিয়তে অনুদান আয়োগৰ বিভিন্ন প্ৰয়োজনীয় কাম কৰিব পাৰে ৷ এই ব্যৱস্থাৰ ফলত তেওঁলোকৰ সময় আৰু ধন ৰাহি হয় ৷

অৱশ্যে এতিয়া আঞ্চলিক কাৰ্যালয়সমূহ বন্ধ হোৱাৰ বাবে, অমীমাংসিত বিষয়ৰ বাবে বা আঁচনিবোৰ সম্পূৰ্ণ কৰাৰ বাবে পোনপটীয়াকৈ দিল্লীলৈ যাব লাগিব ৷ অনুদান আয়োগৰ কাৰ্যালয় কেন্দ্ৰীয়কৰণ কৰাৰ ফলত কামবোৰ অধিক জটিল আৰু সময়বহুল হৈ পৰিব ।

এই সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ UGC-HRD কেন্দ্ৰৰ সঞ্চালক কিশোৰ কুমাৰ দাসে কয় যে আঞ্চলিক কাৰ্যালয়সমূহ বন্ধ কৰাৰ আলোচনা ধৰি চলি আছিল । কিন্তু এতিয়ালৈকে কোনো চূড়ান্ত সিদ্ধান্ত অহা নাই ৷ তেওঁ কয় যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ UGC-HRD কেন্দ্ৰটো বন্ধ হলে অসুবিধা হ'ব ৷

মন কৰিবলগীয়া যে যোৱা আগষ্টত আয়োগৰ জ্যেষ্ঠ বিষয়াসকলৰ এখন বৈঠকতো বিষয়টো আলোচনা কৰা হৈছিল ৷ যোৱা ৭ অক্টোবৰত দিল্লীত অনুষ্ঠিত আঞ্চলিক কাৰ্যালয়সমূহৰ যুটীয়া সচিবসকলৰ এখন বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে কাৰ্যালয়সমূহ বন্ধ কৰি দিল্লীৰ ইউজিচি মুখ্য কাৰ্যালয়লৈ অনা হ’ব ।

বিভিন্ন সূত্ৰৰ পৰা জানিব পৰা মতে তেওঁলোকে প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰাৰ সময়সীমা হিচাপে ১৩ নৱেম্বৰ নিৰ্ধাৰণ কৰাৰ সিদ্ধান্ত লৈছে ৷ এই সন্দৰ্ভত আয়োগৰ সৈতে যোগাযোগ কৰাৰ সময়ত কোনো সঁহাৰি পোৱা নগ'ল ৷ দেশৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ কাম-কাজ সুশৃংখলিত কৰাৰ বাবে আৰু প্ৰশাসনৰ মসৃণ কাৰ্যকলাপৰ বাবে আয়োগৰ বিকেন্দ্ৰীকৰণ অপৰিহাৰ্য ৷ ইয়াৰ বাবে দেশৰ বিভিন্ন ৰাজ্যত আঞ্চলিক কাৰ্যালয় আৰম্ভ কৰা হৈছিল ৷

লগতে পঢ়ক: Bhupen Hazarika death anniversary: সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকীত চৰকাৰলৈ কেতবোৰ প্ৰশ্ন আছুৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.