ETV Bharat / state

স্কুটী চলাই দেশ ভ্ৰমণত তামিলনাডুৰ অধ্যাপক - তামিলনাডু

সেউজ পৰিৱেশ আৰু ৰাইজক স্বাস্থ্য ৰক্ষাৰ প্ৰতি সজাগ কৰাৰ বাবে লোকজনে বিগত 3 মে'ত পাতনি মেলিছিল তেওঁৰ যাত্ৰাৰ ৷ ইতিমধ্যে এইগপৰাকী বিশ্ববিদ্যালয়ৰ অধ্যাপকে সম্পূৰ্ণ কৰিছে 6586 যাত্ৰাপথ ৷

স্কুটী চলাই দেশ ভ্ৰমণত তামিলনাডুৰ অধ্যাপক
author img

By

Published : May 22, 2019, 9:44 PM IST

গুৱাহাটী, 22 মে': 'স্বচ্ছ ভাৰত, সেউজ ভাৰত' তেওঁৰ লক্ষ্য ৷ সেই উদ্দেশ্যৰে এখন স্কুটীত তেওঁ ওলাইছে দেশ ভ্ৰমণত ৷ তেওঁ তামিলনাডুৰ অন্নমালাই বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ অধ্যাপক এছ্ চেলভাকুমাৰ ৷ সেউজ পৰিৱেশ আৰু ৰাইজক স্বাস্থ্য ৰক্ষাৰ প্ৰতি সজাগ কৰাৰ বাবে লোকজনে বিগত 3 মে'ত পাতনি মেলিছিল তেওঁৰ যাত্ৰাৰ ৷ ইতিমধ্যে এইগপৰাকী বিশ্ববিদ্যালয়ৰ অধ্যাপকে সম্পূৰ্ণ কৰিছে 6586 যাত্ৰাপথ ৷ উত্তৰ-পূবৰ কেইবাখনো ৰাজ্য ভ্ৰমণ কৰাৰ পাছত বুধবাৰে চেলভাকুমাৰ উপস্থিত হয় গুৱাহাটীত ৷

স্কুটী চলাই দেশ ভ্ৰমণত তামিলনাডুৰ অধ্যাপক

200 দিনত সমগ্ৰ দেশ ভ্ৰমণ কৰাৰ লক্ষ্যৰে তেওঁ এই যাত্ৰাৰ পাতনি মেলা বুলি প্ৰকাশ কৰে ৷ অক্টোবৰ মাহত যাত্ৰাৰ অন্ত পৰাৰ আশা ব্যক্ত কৰে লোকগৰাকীয়ে ৷ইপিনে, উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰি অনন্য অভিজ্ঞতা লাভ কৰি ৰাইজক পথ সুৰক্ষাৰ প্ৰতি সচেতন হোৱাৰ লগতে বাইক চলাওঁতে হেলমেট পৰিধান কৰিবলৈ আহ্বান জনায় চেলভাকুমাৰে ৷

Intro:এখন স্কুটিৰে এক অনন্য প্ৰয়াস চলাইছে এজন প্ৰবক্তা ই । তামিলনাডু অন্নমালাই বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ প্ৰবক্তা এচ চেলভাকুমাৰ নামৰ ব্যক্তিজনে উত্তৰ পূৱৰ কেইবাখনো ৰাজ্য ভ্ৰমণ কৰাৰ আন্তত বুধবাৰে উপস্থিত হয় হি অসমত । সেউজ পৰিবেশ আৰু প্ৰতিজন লোকৰ সু স্বাস্থ্য গঢ়াৰ বাৰ্তা বিলাবলৈ তামিলনাডুৰ পৰা ব্যক্তিজনে আৰম্ভ কৰিছিল এই যাত্ৰা য় ৩ মেৰ পৰা আৰম্ভ কৰা এই যাত্ৰাত ব্যক্তিজনে ৬,৫৮৬ কি: মিটাৰ সম্পূৰ্ণ কৰিছে ১৫ দিনত । উত্তৰ পূবৰ কেইবাখনো ৰাজ্য পৰিভ্ৰমণ কৰি বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত মুখামুখি হয় সাংবাদিকৰ । তেওঁৰ ইচ্ছা ২০০ দিনত সমগ্র দেশ পৰিভ্ৰমণ কৰাৰ । লগতে উত্তৰ পূৱ ভ্ৰমণ কৰি এক অন্য অনুভৱ কৰে বুলি মন্তব্য কৰে । পৰবৰ্তী সময়ত ভাৰতবৰ্ষৰ অন্য ৰাজ্য সমূহো ভ্ৰমণ কৰিব বুলি মত ব্যক্ত কৰে । এই ভ্ৰমণ আগন্তুক অক্টোবৰ মাহত সমাপ্ত হব বুলিও আশা কৰিছে তেওঁ । লগতে তেওঁ কয় যে নতুন বাইক ৰাইডাৰ সকলে চলোৱাৰ সময়ত যাতে হেলমেট পৰিধাধ কৰে ।সেউজীয়া পৰিবেশৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা অনাৰ লক্ষ্যৰে হাতত লোৱা এই প্ৰচেষ্টা ক সকলোৱে আদৰণি জনাইছে ।

Body:লিপিকা ডেকা

Conclusion:গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.