ETV Bharat / state

বহু দৰিদ্ৰ লোকক মুখত ভাত দিয়া এখন ঘাঁহৰ বজাৰ

নামী দামী বজাৰ আপুনি বহুত দেখিছে ৷ কিন্তু ঘাঁহৰ বজাৰ দেখিছে নে ? হয়, দৰঙত আছে এনে এখন বিশেষ বজাৰ ৷ এইখন ব্যক্তিক্ৰমী বজাৰত পোৱা যায় কেৱল ঘাঁহ ।

author img

By

Published : Dec 3, 2020, 6:24 PM IST

grass market
grass market

দলগাঁও, 3 ডিচেম্বৰ : নিত্য ব্যৱহাৰ্য সামগ্ৰী যেনে খাদ্যবস্তু, কাপোৰ, ফল-মূল, শাক-পাচলি আদিৰ বজাৰ আমি সকলোৱে দেখিছো ৷ জীৱ-জন্তু বিক্ৰী কৰা বজাৰো আমি দেখিছো ৷ কিন্তু পশুখাদ্য বিশেষ কৈ ঘাঁহৰো যে এখন বজাৰ থাকিব পাৰে, সেয়া ভাবিলে আচৰিত নালাগে নে ! আমাৰ অসমতে আছে এনে ঘাঁহৰ বজাৰ ৷ য’ত বিক্ৰী হয় পশুৰ বাবে কেঁচা ঘাঁহ ৷

grass market
খাৰুপেটীয়া ঘাঁহৰ বজাৰ

দৰঙৰ সংখ্যালঘু অধ্যুষিত খাৰুপেটীয়াত আছে এইখন বিশেষ বজাৰ । মুকলি আকাশৰ তলত বহা এখন অস্থায়ী পশু খাদ্যৰ অৰ্থাৎ ঘাঁহৰ বজাৰ । দুপৰীয়াৰ পৰা বহা বজাৰখনত ঘাঁহ কিনিবলৈ ভিৰ কৰে অসংখ্য গ্ৰাহকে । খাৰুপেটীয়া এই বজাৰত উপলব্ধ বিভিন্ন প্ৰকাৰৰ ঘাঁহ । প্ৰতি বোজাৰ ঘাঁহৰ দাম ১০ টকা । চৰাঞ্চলৰ একাংশ দৰিদ্ৰ লোকে ওদালগুৰি জিলাৰ বিভিন্ন ঠাইৰ পৰা প্ৰতি দিনে তিনি চাৰি খন গাড়ী, ঠেলাৰিক্সা, চাইকেল আদিৰে এই ঘাঁহ সমূহ লৈ আহে পথাৰলৈ ।

বহু দৰিদ্ৰ লোকক মুখত ভাত দিয়া এখন ঘাঁহৰ বজাৰ

পশু পালক আৰু দুগ্ধ উৎপাদক সকলে খাদ্যৰ বাবে এইখন বজাৰ পৰা ক্ৰয় কৰে ঘাঁহ সমূহ । গৰু, ম’হৰ খাদ্য বাবে অঞ্চলটোৰ পশু পালক আৰু দুগ্ধ উৎপাদক সকল নিৰ্ভৰ কৰিব লগীয়া হৈছে এই ঘাঁহৰ বজাৰ খনৰ ওপৰত । বৃহতাঞ্চলৰ বহু লোক এই ঘাঁহ বজাৰখনৰ সৈতে জড়িত হৈ আছে ৷ তেওঁলোকৰ অৰ্থনীতিও নিৰ্ভৰ কৰে এই বজাৰখনৰ ওপৰত ৷ তাৰোপৰি সেই অঞ্চলৰ বহু পশু পালকৰ বাবে এক সহায় হৈ পৰিছে এই বিশেষ ঘাঁহৰ বজাৰখন ৷

লগতে পঢ়ক : সন্তোষ হোজাইৰ হত্যাকাণ্ড : দুই কনিষ্টবলক তিনিদিনৰ চিআইডিৰ জিম্মালৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.