ETV Bharat / state

ৰাজ্যৰ নামঘৰলৈ ২ কোটি ৫০ লাখকৈ আৰ্থিক সাহায্য দিব চৰকাৰে

author img

By

Published : Aug 31, 2020, 4:55 AM IST

সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীৰো প্ৰতিটো নামঘৰতে এতিয়া দেখা গৈছে জনশূন্য পৰিৱেশ ৷ কৰ’নাৰ এনে ভয়াবহতাৰ মাজতে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা বিশেষ ঘোষণাই উৎফুল্লিত কৰি তুলিছে সমগ্ৰ লোকক ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি ৰাজ্যৰ মুঠ ৮০০০ নামঘৰৰ আন্তঃগাঁথনি উন্নত কৰাৰ নামত ২ কোটি ৫০ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ কথা উল্লেখ কৰিছে ৷

govt will offers 2.5 lakhs fund to the Namgahars at Assam

গুৱাহাটী, ৩০ আগষ্ট : কৰ’না কেন্দ্ৰিক শেহতীয়া পৰিস্থিতি আৰু ৰাজ্য চৰকাৰৰ কেতবোৰ নীতি নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি সম্প্ৰতি ৰাজ্যৰ সকলোবোৰ ধৰ্মীয় অনুষ্ঠান প্ৰায় জনশূন্য ৷ সাধাৰণতে হিন্দু ধৰ্মাৱলম্বী লোকৰ বাবে অতি পৱিত্ৰ বুলি গণ্য কৰা ভাদমাহত প্ৰতিটো নামঘৰতে দেখা যায় ভক্তৰ সমাগম ৷ কিন্তু সম্প্ৰতি দেশৰ কৰ’না কেন্দ্ৰিক পৰিস্থিতিৰ বাবে এতিয়া প্ৰতিটো নামঘৰেই জনশূন্য ৷ মাত্ৰ পৰম্পৰাগতভাৱে নামঘৰৰ নেতৃস্থানীয় লোকসকলে পুৱা গধূলি নাম কীৰ্তনেৰে ৰক্ষা কৰি আহিছে ধৰ্মীয় ৰীতি-নীতি ৷

সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীৰো প্ৰতিটো নামঘৰতে এতিয়া দেখা গৈছে জনশূন্য পৰিৱেশ ৷ নামঘৰলৈ অহাৰ পৰিৱৰ্তে ভক্তসকলে এই পৱিত্ৰ ভাদ মাহত ঘৰতে কৰিছে নাম-কীৰ্তন ৷

ৰাজ্যৰ নামঘৰলৈ ২ কোটি ৫০ লাখকৈ আৰ্থিক সাহায্য দিব চৰকাৰে

কৰ’নাৰ এনে ভয়াবহতাৰ মাজতে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা বিশেষ ঘোষণাই উৎফুল্লিত কৰি তুলিছে সমগ্ৰ লোকক ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি ৰাজ্যৰ মুঠ ৮০০০ নামঘৰৰ আন্তঃগাঁথনি উন্নত কৰাৰ নামত ২ কোটি ৫০ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ কথা উল্লেখ কৰিছে ৷ যাৰ বাবে এতিয়া ৰাজ্যৰ একাংশ নামঘৰ কৰ্তৃপক্ষৰ মাজত বিৰিঙিছে আশাৰ ৰেঙণি ৷ কিয়নো আৰ্থিক অভাৱৰ বাবে ৰাজ্যৰ ভালেসংখ্যক নামঘৰৰ আন্তঃগাঁথনি এতিয়াও অতি পুতৌজনক ৷ এনে প্ৰেক্ষাপটত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামঘৰ সমূহৰ আন্তঃগাঁথনি উন্নয়ণৰ বাবে আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণাই সততে উৎসাহিত কৰি তুলিছে সকলোকে ৷

লগতে পঢ়ক : যান্ত্ৰিকতাৰ কোলাহলত অতিষ্ট হৈছে নেকি ? আহক এইখন গাঁৱলৈ..

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.