ETV Bharat / state

বনবিভাগৰ অনুমতি অবিহনে চৰকাৰী বিষয়াই কাটিলে গছ - গছপুলি ৰোপণ

এফালে পৰিৱেশ সংৰক্ষণকলৈ চৰকাৰৰ বৃহৎ বৃহৎ আঁচনি, আনফালে চৰকাৰী বিষয়াই কোনো ধৰণৰ অনুমতি নোলোৱালৈ কাটিছে গছ। কাহিলিপাৰাৰ দক্ষিণগাঁৱত এগৰাকী মহিলা চৰকাৰী বিষয়াৰ কাণ্ড, অনুমতি নোলোৱাকৈ কাটি পেলালে বৃহৎ গছ। বন বিভাগে জব্দ কৰিলে কাটি পেলোৱা গছ।

tree cutting in guwahati
tree cutting in guwahati
author img

By

Published : Jun 10, 2020, 3:17 AM IST

গুৱাহাটী, 9 জুন : পৰিৱেশ দিৱসৰ দিনা হাতে হাতে গছপুলি লৈ ৰোপন কৰিবলৈ ওলাই অহা চৰকাৰী বিষয়া সকলে যদি অনুমতি নোলোৱাকৈ গছ কাটে তেন্তে সমাজক দেখাই গছপুলি ৰোপণ কৰাৰ কিবা অৰ্থ আছে নেকি ? নিশ্চয়কৈ নাথাকে । যোৱা ৫ জুন তাৰিখে সমগ্ৰ বিশ্বই পৰিৱেশ দিৱস উদযাপন কৰি গছপুলি ৰোপন কৰিছিল। অসমতো চৰকাৰী-বেচৰকাৰী সংগঠন সমূহৰ লগতে ৰাইজ গছপুলি ৰোপন কৰি পৰিৱেশ সংৰক্ষণ কৰাৰ বাবে আহ্বান জনাইছিল সকলো ৰাইজক। ইয়াৰ মাজতে কিন্তু মহানগৰীৰ দক্ষিণগাঁৱত এগৰাকী চৰকাৰী বিষয়াই কাটি পেলালে নিজৰ ঘৰৰ সন্মুখত থকা এজোপা বৃহৎ গছ।

tree cutting in guwahati
চৰকাৰী বিষয়াই কাটিলে গছ

এগৰাকী অসম আৰক্ষীৰ শীৰ্ষ পদবীধাৰী ৰৌচানাৰা বেগম নামৰ বিষয়া গৰাকীয়ে কোনো ধৰণৰ চৰকাৰী অনুমতি নোলোৱাকৈ কাটি পেলাইছে এজোপা বৃহৎ গছ। আমফান ধুমুহাৰ প্ৰভাৱৰ সময়ত মহিলা গৰাকীয়ে এজোপা গছ কাটি পেলোৱাৰ খবৰ পাই মঙলবাৰে কালাপাহাৰ খণ্ড বন বিষয়াৰ লোক আহি কাটি পেলোৱা গছটো জব্দ কৰে। জানিব পৰা মতে বৃহৎ গছজোপাত বিভিন্ন প্ৰকাৰৰ চৰাই আহি আশ্ৰয় লৈছিল। এইদৰে এজোপা বৃহৎ গছ কাটি পেলোৱাত অঞ্চলটোৰ বহু প্ৰকৃতিপ্ৰেমী লোকে অসন্তুষ্টি প্ৰকাশ কৰিছে ।

বনবিভাগৰ অনুমতি অবিহনে চৰকাৰী বিষয়াই কাটিলে গছ
এতিয়া প্ৰশ্ন হ'ল, প্ৰকৃতি সংৰক্ষণৰ কথা কোৱা চৰকাৰখনে এইদৰে অনুমতি বিহীন ভাবে গছ কাটি পেলোৱা চৰকাৰী বিষয়া গৰাকীৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিব , নে চৰকাৰী বিষয়া হোৱাৰ সুবাদতে ৰক্ষা পৰিব মহিলা গৰাকী । এই সকলো বিষয় লক্ষণীয় হ'ব ৷

লগতে পঢ়ক : তৈল খাদৰ জুই বিয়পিব পাৰে ডিব্ৰুগড় ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.