ETV Bharat / state

দিহিং পাটকাইত কয়লাৰ মুক্ত খনন সন্দৰ্ভত সংবাদমেলযোগে স্থিতি স্পষ্ট কৰিলে চৰকাৰে

author img

By

Published : May 30, 2020, 10:47 PM IST

বন মন্ত্ৰী শুক্লবৈদ্যই সংবাদমেলত কয় যে ১৯৭৩ চনৰ পৰাই চালেকিৰ এই অঞ্চলটোত ক'ল ইণ্ডিয়া লিমিটেডে কয়লা খনন চলাই আহিছে যদিও তেওঁলোকৰ লীজৰ ম্যাদ ২০০৩ চনত অন্ত পৰে । কিন্তু ২০০৩ ৰ পৰা ২০১৩ চনলৈকে অবৈধভাবে ক'ল ইণ্ডিয়াই তাত খনন চলাই গৈছিল । অসম চৰকাৰে বন (সংৰক্ষণ) আইন, ১৯৮০ অমান্য কৰি কয়লা খনন চলোৱা বাবে ক'ল ইণ্ডিয়া লিমিটেডৰ ওপৰত ৪৩.২৪ কোটি টকাৰ জৰিমনা বিহে । ভাৰত চৰকাৰে ২৮ টা চৰ্ত আৰোপ কৰি প্ৰথম পৰ্যায়ৰ চৰ্ত সাপেক্ষে অনুমোদন প্ৰদান কৰে । এই চৰ্তসমূহ পূৰণ কৰিলেহে ভাৰত চৰকাৰে চূড়ান্ত অনুমোদন প্ৰদান কৰিব ক'ল ইণ্ডিয়া লিমিটেডক ।

Government clarifies their stand upon Dehing Patkai open coal mining
দিহিং পাটকাইত কয়লাৰ মুক্ত খনন সন্দৰ্ভত সংবাদমেলযোগে স্থিতি স্পষ্ট কৰিলে চৰকাৰে

গুৱাহাটী,30 মেঃ দিহিং পাটকাইৰ সংলগ্ন চালেকি বনাঞ্চলত মুক্ত কয়লা খননক কেন্দ্ৰ কৰি চলি থকা বিতৰ্কৰ মাজতে শনিবাৰে ৰাজ্য চৰকাৰৰ স্থিতি স্পষ্ট কৰি দিয়ে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু ৰাজ্য চৰকাৰৰ মুখপাত্ৰ তথা উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত এখন যৌথ সংবাদমেলত ভাগ লৈ মন্ত্ৰী দুগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখন অংগীকাৰবদ্ধ যে কোনো মূল্যৰ বিনিময়তে বনাঞ্চল ধ্বংস কৰি কয়লা খনন চলাবলৈ দিয়া নহ'ব । গতিকে চালেকি বনাঞ্চলক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা দু:চিন্তাৰ কোনো কাৰণ নাই ।

বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ মন্তব্য

বন মন্ত্ৰী শুক্লবৈদ্যই সংবাদমেলত কয় যে, ১৯৭৩ চনৰ পৰাই চালেকিৰ এই অঞ্চলটোত ক'ল ইণ্ডিয়া লিমিটেডে কয়লা খনন চলাই আহিছে যদিও তেওঁলোকৰ লীজৰ ম্যাদ ২০০৩ চনত অন্ত পৰে । কিন্তু ২০০৩ ৰ পৰা ২০১৩ চনলৈকে অবৈধভাবে ক'ল ইণ্ডিয়াই তাত খনন চলাই গৈছিল । ২০১৩ চনৰ ২ এপ্ৰিলত তদানীন্তন ৰাজ্য চৰকাৰে বন (সংৰক্ষণ) আইন, ১৯৮০ ৰ অধীনত ২০০৩ চনৰ পৰা ২০১২ চনলৈ চলোৱা কয়লা খননৰ 'ex post facto'ৰ অনুমোদনৰ বাবে তথা সমগ্ৰ ৯৮.৫৯ হেক্টৰ এলেকাত ২০১২ চনৰ পৰা ২০২৩ চনলৈ খনন কাৰ্য চলাবলৈ আগতীয়া অনুমোদন প্ৰদান কৰাৰ বাবে ক'ল ইণ্ডিয়া লিমিটেডে দাখিল কৰা এক প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰে ।

বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ মন্তব্য

প্ৰস্তাৱটোত উল্লেখ কৰা মাটিকালিৰ ৫৭.২০ হেক্টৰ এলেকাত ইতিমধ্যে ২০১২ চন পৰ্যন্ত খনন কাৰ্য চলোৱা হৈছে । পূৰ্বৰ অসম চৰকাৰে প্ৰেৰণ কৰা এই প্ৰস্তাৱ কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়ৰ ফৰেষ্ট এপ্ৰাইজেল কমিটীয়ে ২০১৩ চনৰ ১০ জুনত আলোচনা কৰে তথা এই প্ৰস্তাৱ ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ অনুমোদন সাপেক্ষে অনুমতি প্ৰদানৰ বাবে পৰামৰ্শ আগবঢ়ায় । ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এখন বিশেষজ্ঞ সমিতি গঠন কৰি দিয়া হয় । এই সমিতিয়ে ২০১৯ চনৰ অক্টোবৰত ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ বিবেচনাৰ বাবে নিজৰ প্ৰতিবেদন জমা দিয়ে ।

বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ মন্তব্য

ভাৰত চৰকাৰে ২৮ টা চৰ্ত আৰোপ কৰি প্ৰথম পৰ্যায়ৰ চৰ্ত সাপেক্ষে অনুমোদন প্ৰদান কৰে । এই চৰ্তসমূহ পূৰণ কৰিলেহে ভাৰত চৰকাৰে চূড়ান্ত অনুমোদন প্ৰদান কৰিব । সেই অনুসৰি অসম চৰকাৰে বন (সংৰক্ষণ) আইন, ১৯৮০ অমান্য কৰি কয়লা খনন চলোৱা বাবে ক'ল ইণ্ডিয়া লিমিটেডৰ ওপৰত ৪৩.২৪ কোটি টকাৰ জৰিমনা বিহে । আজি পৰ্যন্ত টিকক অপেন কাষ্ট প্ৰজেক্টত কয়লা খননৰ বাবে চূড়ান্ত অনুমোদন প্ৰদান কৰা হোৱা নাই । ইয়াৰোপৰি সেই সময়চোৱাত তাত কৰ্মৰত হৈ থকা ২৪ গৰাকী বন বিষয়াৰ বিৰুদ্ধে ব্যৱস্থাও গ্ৰহণ কৰা হৈছে বুলি বনমন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে ।

উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ মন্তব্য

সমগ্ৰ অসমত মুঠ ১০ কোটি গছপুলি ৰোপনৰ বাবে মুখ্যমন্ত্ৰীয়ে দিয়া নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত এই পৰ্যন্ত ৬ কোটি গছপুলি ৰোপন শেষ কৰা হৈছে বুলিও মন্তব্য বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ । একেদৰে সংবাদমেলত ভাগ লৈ চৰকাৰী মুখপাত্ৰ তথা উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে, অসমৰ ৰাইজ আস্বস্ত হৈ থাকক, চৰকাৰে এনে কাম কেতিয়াও নকৰে যিয়ে আমাৰ পৰিৱেশ বা পাৰিপাৰ্শ্বিকতা বিনষ্ট কৰিব পাৰে । বনজ সম্পদ বা বনাঞ্চল ধ্বংস কৰি কয়লা খননৰ অনুমতি সোণোৱাল চৰকাৰে নিদিয়ে বুলি তেওঁ স্পষ্ট কৰি দিয়ে ।

লগতে পঢ়ক- ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ মৰাণৰ অকলশৰীয়া আইতাক ঘৰ সাঁজি দিলে কেইজনমান যুৱকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.