গুৱাহাটী,6 নৱেম্বৰঃ জগৎ বিখ্যাত শক্তিপীঠ কামাখ্যা দেৱীৰ মন্দিৰ পুনৰ আহিছে বিতৰ্কলৈ। এইবাৰ এই বিতৰ্কৰ লগত সাঙোৰ খাই পৰিছে ৰিলায়েন্স ইন্ডাষ্ট্ৰিজৰ স্বত্বাধিকাৰী মুকেশ আম্বানীৰ নাম। উল্লেখনীয় যে, কামাখ্যা মন্দিৰৰ মনিকুটৰ তিনিটা কলহ সোনেৰে নিৰ্মাণ কৰি দিয়াৰ বাবে প্ৰতিশ্ৰুতি দি মুকেশ আম্বানী আৰু তেওঁৰ পত্নী নীতা আম্বানীয়ে ইতিমধ্যে ভালেখিনি কাম আগবঢ়াইছে ।
এই সোনৰ কলহ নিৰ্মানত প্ৰায় উনৈশ কিলোগ্ৰাম সোন ব্যবহাৰ কৰা হ’ব। ইয়াৰে পঞ্চাশ শতাংশ কাম সম্পন্নও হৈছে। কিন্তু এনে এক প্ৰক্ৰিয়া চলি থকা সময়তে এই কাৰ্য আইন বিৰুদ্ধ বুলি অভিযোগ উঠিছে । অচিন্ত দাসগুপ্ত নামৰ এগৰাকী জ্যেষ্ঠ অধিবক্তাই সাংবাদিকক জনোৱা মতে, এনে কাৰ্যই কামাখ্যা ধাম ঐতিহ্যৰ প্ৰতি ভাবুকি আনিব আৰু দেশত ঐতিহাসিক ক্ষেত্ৰ সমূহৰ সংৰক্ষণৰ বাবে থকা আইন সমূহে এনে কথাক কেতিয়াও উৎসাহিত কৰা নাই।
উল্লেখ্য যে, এই অভিযোগ উত্থাপন হোৱাৰ সময়তে কামাখ্যা ধাম কৰ্তৃপক্ষই জনাইছে যে, মন্দিৰত পূৰ্বেও কোনো কোনো ভক্তই সোনৰে সামগ্ৰী নিৰ্মান কৰাই দিয়াৰ উপৰি পুনঃনিৰ্মানৰ কামো কৰি দিয়াৰ উদাহৰণ আছে।
লগতে পঢ়কঃ নতুন প্ৰজন্মক অগপৰ বিশেষ দায়িত্ব