ETV Bharat / state

কৃষকৰ মাটি আৱন্টন লৈ কৃষকক উচিত মূল্য নিদিয়াৰ অভিযোগ - ৪০০ কে ভি বিদ্যুৎ সৰবৰাহ

গোলাঘাটৰ মাজেৰে ৪০০ কে ভি বিদ্যুৎ সৰবৰাহ কৰা কল্পতৰু পাৱাৰ ট্ৰেন্সমিচন লিমিটেডৰ বিৰুদ্ধে দিশপুৰ প্ৰেছ ক্লাৱত অসম বড়ো-কছাৰী যুৱ ছাত্ৰ পৰিষদৰ সংবাদ মেল ৷ 6000 কৃষকৰ মাটি আৱন্টন লৈ কৃষকক উচিত মূল্য নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কৃষকসকলে ৷

কৃষকৰ মাটি আৱন্টন লৈ কৃষকক উচিত মূল্য নিদিয়াৰ অভিযোগ

author img

By

Published : Jan 21, 2021, 7:02 AM IST

Updated : Jan 21, 2021, 10:28 AM IST

গুৱাহাটী, 21 জানুৱাৰী: কল্পতৰু পাৱাৰ ট্ৰেন্সমিচন লিমিটেডৰ বিৰুদ্ধে দিছপুৰ প্ৰেছ ক্লাৱত অসম বড়ো-কছাৰী যুৱ ছাত্ৰ পৰিষদৰ সংবাদ মেল ৷ কোম্পানীটোৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে গোলাঘাটবাসী ৰাইজে ৷ কাৰণ কল্পতৰু পাৱাৰ ট্ৰেন্সমিচন লিমিটেড নামৰ কোম্পানীটোৱে গোলাঘাটৰ মাজেৰে ৪০০ কে ভি বিদ্যুৎ সৰবৰাহ কৰাৰ বাবে প্ৰায় 6000 কৃষকৰ মাটি আৱন্টন লৈছিল ৷ কিন্তু তাৰ পৰিৱৰ্তে কৃষকক উচিত মূল্য দিয়াৰ কথা ঘোষণা কৰিছিল যদিও বৰ্তমানলৈ এটকাও নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে কৃষক সকলে ৷

কৃষকৰ মাটি আৱন্টন লৈ কৃষকক উচিত মূল্য নিদিয়াৰ অভিযোগ

উল্লেখ্য যে, কৃষক ৰাইজৰ মাটি-সম্পতি নষ্ট কৰি বিদ্যুৎ নিৰ্মান কৰি প্ৰাপ্য ধন আদায় নিদিয়া কল্পতৰু কোম্পানীয়ে চাহ বাগানৰ মালিকক এটা খুটাৰ বিনিময়ত পোন্ধৰ লাখ টকাকৈ আদায় দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে গোলাঘাটবাসী ৰাইজে ৷ কিন্তু দুখীয়া কৃষকক এক লাখ টকা দিবলৈও অমান্তি হৈছে বুলি সংবাদমেলত অভিযোগ কৰে কৃষক ৰাইজে ৷ এই অভিযোগ সম্বলিত এক স্মাৰক প্ৰত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰাৰ লগতে চৰকাৰৰ সংশ্লিষ্ট বিভাগক অতি শীঘ্ৰে কৃষক সকলৰ এই দাবীসমূহ পূৰণ কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক: ডিব্ৰুগড়ত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ সংবাদ মেল

Last Updated : Jan 21, 2021, 10:28 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.