গুৱাহাটী, ২৭ মাৰ্চঃ শণিবাৰৰ পৰা সাধাৰণ ৰোগীৰ বাবে বন্ধ থাকিব গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল । আজিৰ তাৰিখত জি এম চি এইছত ৭৫০ গৰাকী ৰোগী আছে তেওঁলোককো পৰ্যায়ক্ৰমে স্থানান্তৰ কৰা হব । ইতিমধ্যে গুৱাহাটীৰ ৩৩ খন ব্যক্তিগত হাস্পতালৰ সৈতে ৰাজ্য চৰকাৰৰ বুজাবুজিৰ চুক্তি সম্পাদিত হৈছে । গতিকে জি এম চি এইছলৈ চিকিৎসা সেৱা ল'বলৈ অহা ৰোগীসকলক কাইলৈৰ পৰা মহানগৰীৰ এই ৩৩ খন ব্যক্তিগত হাস্পতাললৈ প্ৰেৰণ কৰা হ'ব । এই চিকিৎসা হ'ব সম্পূৰ্ণ বিনামূলীয়া । ৰোগীসকলৰ চিকিৎসা ব্যয় বহন কৰিব ৰাজ্য চৰকাৰে ।
আজি বিয়লি এক সংবাদমেলত এই কথা প্ৰকাশ কৰে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । শণিবাৰৰ পৰা জি এম চি এইছ হব সম্পূৰ্ণ ৰূপে কৰ'ণা হাস্পতাল । অৱশ্যে জি এম চি এইছত তিনিটা বিভাগৰ চিকিৎসা সেৱা সদ্যহতে চলি থাকিব । সেই তিনিটা বিভাগ হৈছে প্ৰসূতি, জৰুৰীকালিন সেৱা আৰু কেঞ্চাৰ ৰোগৰ চিকিৎসা । আগন্তুক ৪৮ ঘন্টাৰ ভিতৰত জি এম চি এইছ সম্পূৰ্ণৰূপে সাধাৰণ ৰোগীৰ বাবে বন্ধ হৈ পৰিব । দুমাহৰ বাবে মহানগৰীৰ ৩৩ খন ব্যক্তিগত হাস্পতালৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে ।
দুদিনৰ ভিতৰত ডিব্ৰুগড় আৰু শিলচৰ মেডিকেল কলেজ হাস্পতালকো কৰ'ণা হাস্পতাললৈ ৰূপান্তৰিত কৰা হ'ব । এই পৰ্যন্ত ৩০৮ টা নমুনা সংগ্ৰহ কৰা হৈছে আৰু ইয়াৰে ২৭৭ টাৰ পৰীক্ষা কৰা হৈছে আৰু আটাইকেইটাই নিগেটিভ পোৱা গৈছে । কাইলৈৰ পৰা এম বি বি এছৰ চূড়ান্ত বৰ্ষৰ ৬২০ গৰাকী শিক্ষাৰ্থীকো কৰ'ণা চিকিৎসাৰ প্ৰশিক্ষণ দিয়া হ'ব । কোনো অৱসৰপ্ৰাপ্ত চিকিৎসকক চৰকাৰে এই সংকটকালত কৰ'ণাৰ চিকিৎসাৰ বাবে আমন্ত্ৰণ নজনাই বুলি মন্ত্ৰী ডঃ শৰ্মাই স্পষ্ট কৰি দিয়ে । কৰ'ণা চিকিৎসাৰ বাবে ৮ ঘন্টাকৈ তিনিটা গোটত চিকিৎসকৰ দল গঠন কৰি দিয়া হব । চিকিৎসকৰ আন এটা গোট সংৰক্ষিত থাকিব বুলিও তেওঁ কয় । আনহাতে, খুব সোনকালেই আৰু পাচখন নতুন হাস্পতাল গঢ়ি তোলা হব বুলি ঘোষণা কৰে মন্ত্ৰী ডঃ শৰ্মাই ।
লগতে পঢ়কঃ ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে শুনানি গ্ৰহণ আৰম্ভ হ'ল উচ্চ ন্যায়ালয়ত