ETV Bharat / state

ভালুকৰ সাঙীত পৰিণত মহানগৰীৰ বিদ্যুৎ শক্তি উৎপাদনৰ কোটি টকীয়া প্ৰকল্প

আজিও বন্ধ হৈ পৰি আছে বিদ্যুৎ শক্তি উৎপাদন কৰাৰ বাবে পল্টন বজাৰৰ বৰছলা বিলৰ কাষত স্থাপন কৰা প্ৰকল্পটো (GMC electricity produce project) ৷ দুবাৰকৈ মুকলি কৰাৰ পাচতো ৰাজ্য চৰকাৰৰ ফালৰ পৰা আজিকোপতি মুকলি নহ’ল 1.49 কোটি টকীয়া প্ৰকল্পটো ৷ এই অভিযোগ মহানগৰবাসী ৷

author img

By

Published : Jun 8, 2022, 10:49 PM IST

Updated : Jun 8, 2022, 10:59 PM IST

GMC electricity produce project
ভালুকৰ সাঙীত পৰিণত মহানগৰীৰ বিদ্যুৎ শক্তি উৎপাদন কৰা কোটি টকীয়া প্ৰকল্পটো

গুৱাহাটী, 8 জুন : আজিও কাৰ্যক্ষম হৈ নুঠিল বিদ্যুৎ শক্তি উৎপাদন কৰাৰ বাবে পল্টন বজাৰৰ বৰছলা বিলৰ কাষত স্থাপন কৰা প্ৰকল্পটো ৷ গুৱাহাটী পৌৰ নিগমে জাৱৰৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰাৰ বাবে পল্টন বজাৰৰ বৰছলা বিলৰ কাষত স্থাপন কৰা প্ৰকল্পটো দুবাৰকৈ মুকলি কৰাৰ পিছতো প্ৰকল্পটো কাৰ্যক্ষম হৈ উঠা নাই (GMC electricity produce project still stalled)।

উল্লেখ্য যে, গুৱাহাটী পৌৰ নিগম কতৃপক্ষৰ চৰম গাফিলতি আৰু দায়িত্বহীনতাৰ বাবে গুৱাহাটী পৌৰ নিগমে জাৱৰৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰাৰ বাবে সাতবছৰ পূৰ্বে পল্টন বজাৰৰ বৰছলা বিলৰ কাষত স্থাপন কৰা প্ৰকল্পটো আজি পৰ্যন্ত কাৰ্যক্ষম হৈ নুঠিল ৷ এই অভিযোগ মহানগবাসীৰ ৷

তথ্য অনুসৰি, যোৱা 2015 চনতে এই প্ৰকল্পটোৰ কাম আৰম্ভ কৰা হৈছিল ।

দুবছৰৰ ভিতৰত প্ৰকল্পটো সম্পূৰ্ণ কৰি কাৰ্যক্ষম কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছিল । কিন্তু পৌৰ নিগম কৰ্তৃপক্ষৰ চৰম অৱহেলা আৰু দায়িত্বজ্ঞানহীনতাৰ বাবে প্ৰকল্পটো সময়ত সম্পূৰ্ণ হৈ নুঠিল । তাৰ পাচত বিগত 2020 চনতহে প্ৰকল্পটোৰ কাম সম্পূৰ্ণ কৰি 2020 চনৰ 13 আগষ্টত প্ৰকল্পটো মুকলি কৰা হয় যদিও প্ৰকল্পটো কাৰ্যক্ষম হৈ নুঠিল ।

পৌৰ নিগমে এই প্ৰকল্পটো স্থাপনৰ বাবে জি পি এছ ৰিনুৱেল এলুমিনিটেড প্ৰাইভেট লিমিটেড (GPS Renuel Aluminated Private Limited) নামৰ কোম্পানীটোক দায়িত্ব দিছিল । আনকি প্ৰকল্পটোৰ বাবে পৌৰ নিগমে 1.49 কোটি টকা খৰচ কৰিছে । প্ৰকল্পটো নিৰ্মাণৰ উদ্দেশ্যে আছিল মহানগৰীত দৈনিক উৎপাদন হোৱা জাৱৰৰ পৰা বিজ্ঞানসম্মতভাৱে বিদ্যুৎ শক্তি উৎপাদন কৰা আৰু এই বিদ্যুৎ শক্তিৰ দ্বাৰা মহানগৰীৰ ৰাস্তাৰ বিজুলী বাতি জ্বলোৱা ৷

লগতে পঢ়ক : ৰাজ্যত অচিৰেই বলৱৎ হ'ব নতুন যান-বাহন আইন: চন্দ্ৰমোহন পাটোৱাৰী

সেয়ে প্ৰকল্পটোৰ বাবে তিনিটাকৈ বৃহৎ টেংকি স্থাপনো কৰা হৈছিল । প্ৰথমতে এটা টেংকিত সংগ্ৰহ কৰা জাৱৰবোৰ ভৰাই তাত কেঁচা আৰু শুকান জাৱৰবোৰ ভাগ কৰাৰ লগতে বৰ্জিত প্লাষ্টিকবোৰ আঁতৰ কৰা হয় । তাৰ পিছত কেঁচা জাৱৰবোৰ দ্বিতীয়টো টেংকীত ভৰাই নিষ্কাষণ কৰি সেইবোৰ বিজ্ঞানসন্মতভাৱে তৃতীয় টেংকীত ভৰাই মিথাইল গেছ উৎপাদন কৰা হয় ।

বিশেষ জেনেৰেটৰ ব্যৱহাৰ কৰি শেষত মিথাইল গেছৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰা হয় । এই বিদ্যুৎ শক্তিৰে পল্টনবজাৰ এলেকাৰ 200 টা ৰাস্তাৰ বিজুলী বাতি জ্বলোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল । প্ৰকল্পটোৰ জৰিয়তে দৈনিক 5 টন জাৱৰৰ পৰা 700 ইউনিট মিছাইল গেছ উৎপাদন কৰাৰ ক্ষমতা নিৰ্ধাৰণ কৰা হৈছিল ।

কিন্তু প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ পিছতো আজিলৈকে বিজুলী বাতি জ্বলোৱা দূৰৈৰ কথা বিদ্যুৎ শক্তি উৎপাদনৰ কামে আৰম্ভ হোৱা নাই । আনহাতে, প্ৰকল্পটো মুকলি কৰাৰ পিছত জাৱৰৰ অভাৱৰ বাবে প্ৰকল্পটো কাৰ্যক্ষম কৰিব পৰা নাছিল বুলি পৌৰ নিগম কৰ্তৃপক্ষ অজুহাত প্ৰদৰ্শন কৰিছিল । পিছত এই বছৰৰ 10 ফেব্ৰুৱাৰীত প্ৰকল্পটো পুনৰ মুকলি কৰা হয় ।

কিন্তু বহু বছৰ ব্যৱহাৰ নকৰাকৈ প্ৰকল্পটোৰ মেছিনবোৰ ব্যৱহাৰ নকৰাকৈ এনেদৰে পেলাই থৈ দিয়া হয় ৷ ফলত বৰ্তমান ইয়াৰ মেচিন তথা যন্ত্ৰ-পাতিসমূহ বেয়া হৈ পৰিছে । যাৰ বাবে ৰাইজৰ কোটি কোটি টকা খৰছ কৰি নিৰ্মাণ কৰা এই প্ৰকল্পটো ভালুকৰ সাঙীত পৰিণত হৈছে ।

লগতে পঢ়ক : উত্তৰ-পূৰ্বাঞ্চলত স্থায়ী শান্তি আৰু অৰ্থনৈতিক পুনৰুত্থান সম্ভৱ হৈছে: সৰ্বানন্দ সোণোৱাল

Last Updated : Jun 8, 2022, 10:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.