গুৱাহাটী,3 অক্টোবৰ: 50 বছৰ অতিক্ৰম কৰিলে গুৱাহাটী চাহ নিলাম কেন্দ্ৰই । সোণালী জয়ন্তী বৰ্ষত ভৰি দিয়া এই চাহ নিলাম কেন্দ্ৰটো 1970 চনত স্থাপন কৰাৰ পিছত সমগ্ৰ দেশৰ ভিতৰতেই হৈ পৰিছিল চৰ্চাৰ এক কেন্দ্ৰ স্বৰূপ । বহু ভাল-বেয়া সময় অতিক্ৰমী পঞ্চাশ বছৰত ভৰি দিয়া গুৱাহাটী চাহ নিলাম কেন্দ্ৰ আজি অসমৰ বাবে এক গৌৰৱৰ বিষয় । কিয়নো সম্প্ৰতি ডিজিটেল মাধ্যমৰ জৰিয়তে চাহৰ নিলাম হোৱা গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ স্থান সমগ্ৰ বিশ্বৰ ভিতৰতে শীৰ্ষত । 1970 চনৰ 25 ছেপ্তেম্বৰত স্থাপন কৰা হৈছিল এই কেন্দ্ৰটো ।
গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ সোণসেৰীয়া অতীত সুঁৱৰি কেন্দ্ৰটোৰ বায়াৰ্ছ এছ'চিয়েছনৰ সম্পাদক দীনেশ বিহানীয়ে ইটিভি ভাৰতৰ আগত কয় যে, সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাকে প্ৰমুখ্য কৰি বহু লোকৰ ত্যাগ আৰু অৱদান এই নিলাম কেন্দ্ৰটোৰ সৈতে জড়িত হৈ আছে । 1970 চনত অৰ্থাৎ কেন্দ্ৰটো স্থাপনৰ প্ৰথম বছৰতে 9.1 মিলিয়ন কিল’গ্ৰাম চাহ এই কেন্দ্ৰই বিক্ৰী কৰিবলৈ সক্ষম হৈছিল । সেই সময়ত প্ৰতি কিলোৰ মূল্য আছিল 5.68 টকা । কিন্তু 2019-20 বৰ্ষত গুৱাহাটী চাহ নিলাম কেন্দ্ৰত অভিলেখ সংখ্যক 204 মিলিয়ন কিল’গ্ৰাম চাহ বিক্ৰী হয় । গড়ে 139.63 টকা দৰত এই চাহপাত বিক্ৰী কৰা হৈছে বুলি বিহানীয়ে প্ৰকাশ কৰে ৷
2010 চনৰ আগলৈকে এই কেন্দ্ৰটোত শতাধিক চাহ কোম্পানীৰ প্ৰতিনিধি আৰু ক্ৰেতাৰ উপস্থিতিত চাহ নিলাম প্ৰক্ৰিয়া চলিছিল যদিও সম্প্ৰতি ডিজিটেল মাধ্যমেৰে নিলাম প্ৰক্ৰিয়া চলি আহিছে । ইতিমধ্যে গুৱাহাটী চাহ নিলাম কেন্দ্ৰই অসমৰ চাহৰ প্ৰতি সাধাৰণ লোকৰ আগ্ৰহ বৃদ্ধি কৰিবলৈ এটা টি লাউঞ্জো স্থাপন কৰিছে ।
লগতে চাওকঃ মাটিৰ কৰ পোৱা টকাৰে আঁচনি ঘোষণা কৰিছে মন্ত্ৰী হিমন্তই: নগেন ডেকা