ETV Bharat / state

"ঘোচখোৰ আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব"- আৰক্ষী আয়ুক্ত

author img

By

Published : Sep 27, 2019, 5:27 PM IST

মহানগৰ আৰক্ষীৰ কোনো লোকে যদি ব্লেকমেইলিং, প্ৰবঞ্চনা আদি কাৰ্যৰে কোনো ব্যক্তিক হাৰাশাস্তি কৰে তেন্তে সেই সম্পৰ্কে জনসাধাৰণক শীৰ্ষ আৰক্ষী বিষয়াক অৱগত কৰিবলৈ আহ্বান জনাই আৰক্ষী আয়ুক্ত দীপক কুমাৰে । লগতে এই সম্পৰ্কে তেওঁলোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও উল্লেখ কৰে ।

মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰ

গুৱাহাটী,27ছেপ্টেম্বৰঃ দিছপুৰ থানাৰ উপ পৰিদৰ্শক গহীন পেগুৰ গ্ৰেপ্তাৰ সন্দৰ্ভত মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে কয় যে এজন বেংক বিষয়াই নিজৰ সহকৰ্মীৰ সৈতে গৈ থকা সময়ত উপ পৰিদৰ্শক গহীন পেগুয়ে বিষয়াজনৰ লগত দুৰ্ব্যৱহাৰ কৰে আৰু বিষয়াজনৰ দ্ৰাইভিং লাইচেন্স আৰু বাহনৰ উপযুক্ত নথিপত্ৰ জব্দ কৰে । জব্দকৃত নথিপত্ৰ খিনি পুনৰ ঘূৰাই দিয়া বাবদ পেগুৱে বিষয়াগৰাকীৰ পৰা ধন দাবী কৰে । এই কথাখিনি বিষয়াজনে শীৰ্ষ আৰক্ষীক অৱগত কৰাত মহানগৰ আৰক্ষীয়ে ঘটনাৰ সত্যতা প্ৰমাণ কৰিবলৈ দুৰ্নীতি নিবাৰক শাখাৰ সহযোগত বৃহস্পতিবাৰে নিশা পেগুক হাতে-লুটে ধন লৈ থকা সময়ত গ্ৰেপ্তাৰ কৰে । উল্লেখ্য যে ইয়াৰ পূৰ্বেও মহানগৰ আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হোৱা কেতবোৰ অভিযোগৰ বাবে তেওঁলোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ।

মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ সংবাদমেল

আনহাতে, গীতানগৰ থানাত ৰুজু হোৱা আন এক গোচৰ সন্দৰ্ভত আৰক্ষী আয়ুক্ত গৰাকীয়ে কয় যে, বাইহাটা চাৰিআলী নিবাসী ধৰ্মেশ্বৰ ৰায়ে নিজকে গীতানগৰ আৰক্ষীৰ ভুৱা উপ পৰিদৰ্শকৰ পৰিচয় দি এজন লোকৰ পৰা চৰকাৰী চাকৰি দিয়াৰ প্ৰলোভন দেখুৱাই 50 হাজাৰ টকাৰ উৎকোচ লৈছিল । পাছত মহানগৰ আৰক্ষীয়ে অভিযান চলাই ভুৱা ধৰ্মেশ্বৰ ৰায়ৰ গুৱাহাটীৰ ভাড়াঘৰৰ পৰা উপ পৰিদৰ্শকৰ সম্পূৰ্ণ পোছাক উদ্ধাৰ কৰে । লগতে দীপক কুমাৰে কয় যে, মহানগৰ আৰক্ষীৰ কোনো লোকে যদি ব্লেকমেইলিং, প্ৰবঞ্চনা আদি কাৰ্যৰে কোনো ব্যক্তিক হাৰাশাস্তি কৰে তেন্তে সেই সম্পৰ্কে জনসাধাৰণক শীৰ্ষ আৰক্ষী বিষয়াক অৱগত কৰিবলৈ আহ্বান জনাইছে । লগতে এই সম্পৰ্কে তেওঁলোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে ।

Intro:সাৱধান মহানৰৰ আৰক্ষী ঘোষসুৰ আৰক্ষী বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হব : আৰক্ষী আয়ুক্ত
Body:দিছপুৰ থানাৰ উপ পৰিদৰ্শক গহীন পেগুৰ গ্ৰেপ্তাৰ সন্দৰ্ভত গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে কয় যে এজন বেংক বিষয়াই নিজৰ সহকৰ্মীৰ সৈতে গৈ থকা সময়ত উপ পৰিদৰ্শক গহীন পেগুয়ে বিষয়াজনৰ লগত দুৰ্ব্যৱহাৰ কৰে আৰু বিষয়াজনৰ দ্ৰাইভিং লাইচেন্স আৰু বাহনৰ উপযুক্ত নথি পত্ৰ জব্দ কৰে। জব্দকৃত নথি পত্ৰ খিনি পুনৰ ঘূৰাই দিয়া বাবদ পেগুৱে বিষয়াগৰাকীৰ পৰা ধন দাবী কৰে। আৰু এই কথাখিনি বিষয়াজনে শীৰ্ষ আৰক্ষীক অৱগত কৰাত মহানগৰ আৰক্ষীয়ে ঘটনাৰ সত্যতাসত্য প্ৰমাণ কৰিবলৈ দুৰ্নীতি নিবাৰক শাখাৰ সহযোগত বৃহস্পতিবাৰে নিশা পেগুক হাতে-লুটে ধন লৈ থকা সময়ত গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও মহানগৰ আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হোৱা কেতবোৰ অভিযোগৰ বাবে তেওঁলোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।

গীতানগৰ থানাত বৃহস্পতিবাৰে চিলনীচোৰৰ গোচৰ ৰুজু হোৱা সন্দৰ্ভত দীপক কুমাৰে কয় যে বন্তি বেয়াৰ হাউচত কৰ্মৰত দীনেশ মণ্ডল নামৰ ২১ বছৰীয়া যুৱকজনে ভুৱা গোচৰ ৰুজু কৰিছিল। দীনেশৰ হাতত থকা 2লাখ 50হাজাৰ টকা বিৰোবাৰীস্থিত নিজ বন্ধুৰ হাতত সেই টকাখিনি দি আহিছিল।

উক্ত থানাতে গোচৰ ৰুজু হোৱা আন এক গোচৰ সন্দৰ্ভত আৰক্ষী আয়ুক্ত গৰাকীয়ে কয় যে, বাইহাটা চাৰিয়আলী নিবাসী ধৰ্মেশ্বৰ ৰায়ে নিজকে গিতানগৰ আৰক্ষী ভুৱা উপ পৰিদৰ্শৰ পৰিচয় দি এজন লোকৰ পৰা চৰকাৰী চাকৰি দিয়াৰ প্ৰলোভন দেখুৱাই 50 হাজাৰ টকাৰ ঘোষ লৈছিল। পাছত মহানগৰ আৰক্ষীয়ে অভিযান চলাই ভুৱা ধৰ্মেশ্বৰ ৰায়ৰ গুৱাহাটীৰ ভাড়া ঘৰৰ পৰা উপ পৰিদৰ্শকৰ সম্পূৰ্ণ পোছাক উদ্ধাৰ কৰে। লগতে দীপক কুমাৰে কয় যে, মহানগৰ আৰক্ষীৰ কোনো লোকে যদি ব্লেকমেইলিং, প্ৰবঞ্চনা আদি কাৰ্যৰে কোনো ব্যক্তিক হাৰাশাস্তি কৰে তেন্তে সেই সম্পৰ্কে জনসাধাৰণক শীৰ্ষ আৰক্ষী বিষয়াক অৱগত কৰিবলৈ আহ্বান জনাইছে। আৰু এই সম্পৰ্কে তেওঁলোকে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে।

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.