গুৱাহাটী, 16 মে' : জুৰোড বিস্ফোৰণে বিজেপি চৰকাৰ আৰু প্ৰশাসনৰ সম্পূৰ্ণ ব্যৰ্থ স্বৰূপক উদঙাইছে বুলি মন্তব্য কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ ৷ কংগ্ৰেছ চৰকাৰে নিজ শাসনকালত তৎপৰতা আৰু পাৰদৰ্শিতাৰে ৰাজ্যত বহু কূটাঘাত প্ৰতিহত কৰিছিল বুলিও সংবাদ মেলত প্ৰকাশ কৰে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷
কিন্তু কংগ্ৰেছৰ বিপৰীতে বিজেপিৰ শাসনকালত অসমবাসীৰ মনত সন্ত্ৰাসবাদে সংশয়ৰ সৃষ্টি কৰিছে আৰু এই সংশয় আঁতৰোৱাত বিজেপি সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলিও বিজেপিক কটাক্ষ কৰে কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে ৷ প্ৰশাসন যন্ত্ৰৰ দুৰ্বলতাৰ ফলতেই গুৱাহাটীত এনেধৰণৰ আতংকময় পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি কৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সমালোচনা কৰে অপূৰ্ব ভটাটাচাৰ্যই ৷