ETV Bharat / state

Bodoland University: বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ গৱেষণামূলক কামলৈ আন্তৰ্জাতিক স্বীকৃতি

কোকৰাঝাৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এক গৱেষণাই লাভ কৰিছে আন্তৰ্জাতিক স্বীকৃতি ৷ বিশ্ববিদ্যালয়খনৰ কাঠফুলাৰ বিশেষ গৱেষণাই (Specialty Mushroom) জাৰ্মান পেটেণ্টৰ কাৰ্যালয়ৰ পৰা স্বীকৃতি লাভ কৰি (German Patent office) দেশৰ ঔষধৰ ক্ষেত্ৰখনলৈ এক সম্ভাৱনা কঢ়িয়াই আনিছে ৷

Bodoland University
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ গৱেষণামূলক কামলৈ আন্তৰ্জাতিক স্বীকৃতি
author img

By

Published : Nov 5, 2022, 1:14 PM IST

গুৱাহাটী, 5 নৱেম্বৰ : কোকৰাঝাৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এক গৱেষণাই লাভ কৰিছে আন্তৰ্জাতিক স্বীকৃতি ৷ বিশ্ববিদ্যালয়খনৰ কাঠফুলাৰ বিশেষ গৱেষণাই (Specialty Mushroom)জাৰ্মান পেটেণ্টৰ স্বীকৃতি লাভ কৰি (German Patent office)দেশৰ ঔষধৰ ক্ষেত্ৰখনলৈ বিশেষ অৱদান আগবঢ়াবলৈ সক্ষম হৈছে ।

জাৰ্মান পেটেণ্ট অফিচে ভাৰত চৰকাৰৰ সহযোগত কোকৰাঝাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ে(Bodoland University) খেতি কৰা কাঠফুলাৰ ওপৰত কৰা এন্টিমাইক্ৰ'বিয়াল, এন্টিডায়েবেটিক আৰু এন্টিঅক্সিডেন্ট প্ৰভাৱৰ সৈতে সোণৰ নেনোকণা সংশ্লেষণৰ গৱেষণামূলক কামলৈ পেটেণ্ট প্ৰদান কৰিছে ।

Bodoland University
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ গৱেষণামূলক কামলৈ আন্তৰ্জাতিক স্বীকৃতি

বিশ্ববিদ্যালয়খনৰ জৈৱ প্ৰযুক্তি বিভাগৰ গৱেষণা কেন্দ্ৰত যোৱা ৮ বছৰৰ ধৰি এবিধ নিৰ্দিষ্ট উচ্চমানৰ ছুপাৰ কাঠফুলাৰ বিষয়ে বিশেষ গৱেষণা হৈ আহিছিল । এই গৱেষণা কৰ্মত জড়িত হৈ আছে ভাৰতৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও শিক্ষানুষ্ঠান আৰু গৱেষণানুষ্ঠানৰ ভালে কেইজন গৱেষক ৷

বড়োলেণ্ড ইউনিভাৰ্ছিটিৰ প্ৰফেচৰ সন্দীপ দাস, ভাস্কৰ বিশ্বাস আৰু ড°ৰাজু আলি, গোৱা কলেজ অব্ ফাৰ্মাচীৰ ড° শৈলেন্দ্ৰ গৌৰৱ আৰু ড° গিৰিশ গাৱাছ, ICAR- National Institute of High-Security Animal Diseases, Madhya Pradeshৰ ড° প্ৰদীপ গান্ধালে, তামিলনাডুৰ A. V. V. M Sri Pushpam নামৰ কলেজ এখনৰ ড° ছিংগামূৰ্তি আৰু ড° মুন্নিয়াপান আয়ান্নাৰ যৌথ গৱেষণাই লাভ কৰিছে এই স্বীকৃতি ৷

এই বিশেষ প্ৰজাতিৰ কাঠফুলাৰ সোণৰ নেনোকণাবোৰে(Gold Nanoparticles) উৎকৃষ্ট এন্টিমাইক্ৰ’বিয়াল, এন্টিডায়েবেটিক আৰু এন্টিঅক্সিডেন্ট বৈশিষ্ট্য আৰু গুণ দেখুৱাইছিল । জৈৱ প্ৰযুক্তি বিভাগৰ গৱেষক বিশেষজ্ঞ তথা অধ্যাপক সন্দীপ দাসৰ তত্বাৱধানত ভাৰতৰ পূব হিমালয় বেল্টত পোৱা বন্য কৰ্ডিচেপছ কাঠফুলাৰ জিনীয় বৈচিত্ৰ্য আৰু ঔষধি গুণৰ ওপৰত ব্যাপকভাৱে ৮ বছৰ ধৰি কাম কৰি আহিছে ।

কোকৰাঝাৰৰ বডোলেণ্ড বিশ্ববিদ্যালয়ৰ টেকন'লজি ইনকিউবেচন চেণ্টাৰত কৰ্ডিচেপছ মিলিটাৰিছ কাঠফুলাৰ খেতিৰ মানক এই গৱেষণাগাৰটোৱে বিভিন্ন আণৱিক ব্যৱস্থাক লক্ষ্য কৰি উৰ্ধমুখী গৱেষণাত মনোনিৱেশ কৰিছে । কৰ্ডিচেপছ কাঠফুলাত নিহিত হৈ থকা জৈৱ সক্ৰিয় যৌগসমূহৰ বাবে ইয়াৰ উৎকৃষ্ট ঔষধি বৈশিষ্ট্য আছে বুলি ইতিমধ্যে প্ৰমাণিত হৈছে ।

এই সহযোগিতামূলক অধ্যয়নে ইয়াৰ ঔষধি আৰু পুষ্টিকৰ গুণসমূহৰ বৈধতা প্ৰদান কৰিছে । এই অধ্যয়নে কৰ্ডিচেপছ মিলিটাৰিছ প্ৰজাতিৰ কাঠফুলাৰ পৰা নেন’গল্ড কণিকাৰ সংশ্লেষণ আৰু ইয়াৰ এন্টিডায়েবেটিক, এন্টিঅক্সিডেন্ট আৰু এন্টিবেক্টেৰিয়েল সম্ভাৱনাৰ বিষয়ে তথ্যমূলক বিশ্লেষণ আগবঢ়ায় । জৈৱ সংশ্লেষিত নেন’গল্ড কণিকাই চিকিৎসামূলক ঔষধৰ বিকাশত নেনোকণাৰ নতুন প্ৰয়োগৰ ইংগিত দিয়ে ৷

এই নেনোকণাবোৰ মলম, টেবলেট, কেপচুল আৰু অন্যান্য ৰূপত প্ৰদান কৰিব পৰা যায় । বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এই সফল গৱেষণাৰ পেটেণ্টে ঔষধৰ জগতখনলৈ বৃহৎ অৱদান আগবঢ়াব বুলি আশা কৰা হৈছে ৷ জৈৱ সংশ্লেষিত নেন’গল্ড কণিকাই চিকিৎসামূলক ঔষধৰ বিকাশত নেনোকণাৰ নতুন প্ৰয়োগৰ ইংগিত দিয়ে ৷

এই নেনোকণাবোৰ মলম, টেবলেট, কেপচুল আৰু অন্যান্য ৰূপত প্ৰদান কৰিব পৰা যায় । বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এই সফল গৱেষণাৰ পেটেণ্টে ঔষধৰ জগতখনলৈ বৃহৎ অৱদান আগবঢ়াব বুলি আশা কৰা হৈছে ৷

লগতে পঢ়ক : Cuentos De La Abuela: স্পেনিছ ভাষাতো প্ৰকাশ পালে ৰসৰাজৰ বুঢ়ী আইৰ সাধু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.