ETV Bharat / state

9th anniversary of Modi govt : আজি শিৱসাগৰৰ বিশাল জনসভাত অংশ ল’ব বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডাই

author img

By

Published : Jun 18, 2023, 8:40 AM IST

Updated : Jun 18, 2023, 9:57 AM IST

আজি শিৱসাগৰত আয়োজন কৰা হ’ব বিশাল জনসভাত ৷ উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডাৰ লগতে বহু শীৰ্ষ বিষয়া ৷ মোদী চৰকাৰৰ ৯ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে উদযাপন কৰা মহা জনসম্পৰ্ক অভিযান সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোহাঁইৰ সংবাদমেল ৷

9th anniversary of Modi govt
শিৱসাগৰত আয়োজন কৰা হ’ব বিশাল জনসভাত

শিৱসাগৰত আয়োজন কৰা হ’ব বিশাল জনসভাত

গুৱাহাটী, ১৮ জুন : মহানগৰীৰ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোহাঁইৰ সংবাদমেল । মোদী চৰকাৰৰ ৯ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে উদযাপন কৰা মহা জনসম্পৰ্ক অভিযান সন্দৰ্ভত আয়োজন কৰা হয় এই সংবাদমেল । মহা জনসম্পৰ্ক অভিযানৰ মূল ৰাজ্যিক দায়িত্বত থকা পুলক গোহাঁয়ে এই সংবাদমেলত কয় যে ৩০ মে’ৰ পৰা আৰম্ভ হোৱা মহা জনসম্পৰ্ক অভিযানৰ অন্ত পৰিব ৩০ জুনত ।

এই অভিযানৰ অংশস্বৰূপে ইতিমধ্যে ৫ টা লোকসভা সমষ্টিত সম্পন্ন হৈছে জনসভা । গুৱাহাটী, কৰিমগঞ্জ, বৰপেটা, ডিফু আৰু কলিয়াবৰত অনুষ্ঠিত হৈছে এই জনসভা । দেওবাৰে অৰ্থাৎ আজি শিৱসাগৰত অনুষ্ঠিত হ’ব যোৰহাট লোকসভা সমষ্টিৰ বিশাল জনসভা । এই সভাত উপস্থিত থাকিব বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডা । লগতে হোজাইত অনুষ্ঠিত হ’বলগীয়া নগাঁও লোকসভা সমষ্টিৰ জনসভাত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ।

নগাঁও জনসভাৰ স্থান ঠিক কৰা হৈছে যদিও গৃহমন্ত্ৰীৰ পৰা মঞ্জুৰী লাভ কৰিলেই ঠিৰাং হ’ব এই জনসভাৰ তাৰিখ । মহা জনসভাৰ উপৰিও অনুষ্ঠিত হ’ব বিভিন্ন স্তৰৰ সভা । প্ৰতিটো লোকসভা সমষ্টিত ১০০০ বিশেষ পৰিয়ালক বাছি উলিয়াই জনসম্পৰ্ক গঢ়ি তোলা হৈছে । ২১ তাৰিখৰ পৰা বুথ পৰ্যায়ত ঘৰে ঘৰে সম্পৰ্ক ৰক্ষাৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব ।

এই সংবাদমেলতে জোনালী নাথৰ হত্যাকাণ্ড সন্দৰ্ভত মন্তব্য আগবঢ়াই সম্পাদকগৰাকীয়ে কয়, ‘‘জোনালী নাথৰ হত্যাকাণ্ড অতি দুখজনক আৰু মৰ্মান্তিক । এয়া কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে । এই ঘটনাৰ উচিত বিচাৰ কৰি দোষীক কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে । CID ৰ IGP গৰাকীৰ প্ৰতিবেদন গ্ৰহণযোগ্য নহয় । ইতিমধ্যে ইয়াৰ বাবেই আৰক্ষী সঞ্চালক প্ৰধানে ক্ষমা বিচাৰিছে জোনালী নাথৰ পৰিয়ালক’’।

লগতে বৰ্তমান ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা বানপানী সন্দৰ্ভত মন্তব্য আগবঢ়াই কয়, ‘‘অসমত বাৰিষা কালৰ বানপানীৰ কথা সকলোৱে জানে । পূৰ্বেও অসমৰ বানপীড়িতৰ ওচৰত বিজেপিৰ দলৰ কাৰ্যকৰ্তাই ঠিয় দিছে । দলৰ ফালৰ পৰা আগবঢ়াব পৰা সহায় সহযোগিতাত কেতিয়াও কৃপণালি কৰা হোৱা নাই । নিশ্চিতভাৱে বান সমস্যাত জৰ্জৰিত লোক সকলৰ ওচৰলৈ যাব চৰকাৰ, প্ৰশাসন তথা বিজেপি কৰ্মকৰ্তাসকল’’ ।

লগতে পঢ়ক : Awareness meeting on traffic guidelines: হোজাইত যান-বাহনৰ নীতি-নিৰ্দেশনা সন্দৰ্ভত সজাগতা সভা

Last Updated : Jun 18, 2023, 9:57 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.