ETV Bharat / state

কৰ'ণাৰ লগত সহবাস কৰি আমি আগুৱাই যাব লাগিব : ডঃ প্ৰতাপ জ্যোতি সন্দিকৈ - শিক্ষাৰ্থীসকলৰ শৈক্ষিক দিশ

অহা ১ ছেপ্টেম্বৰৰ পৰা বিশ্ববিদ্যালয়খনৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে সাজু হৈছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ । ছাত্র-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতলৈ লক্ষ্য কৰি বিশ্ববিদ্যালয়খনে গ্ৰহণ কৰিছে এই সিদ্ধান্ত । গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে শনিবাৰে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে ।

gauhati university vice chancellor
gauhati university vice chancellor
author img

By

Published : Aug 9, 2020, 5:08 AM IST

গুৱাহাটী, 8 আগষ্ট : ছেপ্তেম্বৰ মাহৰ পৰা উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহ খোলাৰ কথা ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। শিক্ষামন্ত্ৰীৰ নিদেৰ্শ মৰ্মে কৰ'ণা ভাইৰাছৰ আতংকৰ বাবে বন্ধ হৈ থকা গুৱাহাটী বিশ্ববিদ্যালয় আৰু ইয়াৰ অন্তৰ্গত কলেজসমূহৰ শিক্ষা প্ৰদান ব্যৱস্থা পুনৰ আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি চলাইছে গুৱাহাটী বিশ্ববিদ্যালয়ে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈ

অহা ১ ছেপ্টেম্বৰৰ পৰা বিশ্ববিদ্যালয়খনৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে সাজু হৈছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ । ছাত্র-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতলৈ লক্ষ্য কৰি বিশ্ববিদ্যালয়খনে গ্ৰহণ কৰিছে এই সিদ্ধান্ত । গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে শনিবাৰে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে ।

বিশ্ববিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ মহলাৰ পৰীক্ষাসমূহো পৰ্যায় ক্ৰমে অনুষ্ঠিত কৰিবলৈ সাজু হৈছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ । সহজ পদ্ধতিৰে অনুষ্ঠিত কৰিব পৰীক্ষাসমূহ । ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ সকলো নীতি নিৰ্দেশনা মানি ক্লাছ আৰু হোষ্টেলসমূহো সাজু কৰি তোল হৈছে । গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ ৩৫০ খন মহাবিদ্যালয়কো সাজু হ'বলৈ উপাচাৰ্যগৰাকীয়ে আহ্বান জনাইছে ।

১ ছেপ্টেম্বৰৰ পৰা বিশ্ববিদ্যালয়ৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ

ইফালে কৰ’ণা ভাইৰাছৰ ভয়াৱহতাৰ মাজত যাতে শিক্ষাৰ্থীসকলৰ শৈক্ষিক দিশটো ক্ষতি নহয় তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে বুলি উল্লেখ কৰে উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে। তাৰোপৰি সকলো প্ৰকাৰৰ সাৱধানতা অৱলম্বন কৰি আগবাঢ়িব পৰা যাব বুলিও আশা প্ৰকাশ কৰিছে উপাচাৰ্যগৰাকীয়ে ।

লগতে পঢ়ক : ঠেলামৰাত অন্য তিনি বিধায়কসহ উপস্থিত শিলাদিত্য দেৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.