গুৱাহাটী,29 এপ্ৰিলঃ কৰ'ণা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশজুৰি চলি আছে লক্ ডাউন। এই সময়চোৱাত আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হৈছে সাধাৰণ জনতা । তাৰোপৰি ভাড়াত থাকি বিভিন্ন মহাবিদ্যালয়-বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰীসকল এতিয়া চিন্তিত হৈ পৰিছে। কিয়নো লক্ ডাউন খোলাৰ পিছতে ঘৰ অথবা আৱাস-নিৱাসৰ মাছুল পৰিশোধ কৰিব লাগিব ছাত্ৰ-ছাত্ৰীসকলে । আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলক ঘৰ ভাড়াৰ ক্ষেত্ৰত ৰেহাই দিবলৈ দাবী উত্থাপন কৰে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাই।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ এনে বহু শিক্ষাৰ্থী আছে যিসকলৰ পৰিয়ালৰ আৰ্থিক অৱস্থা দুৰ্বল । যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ঘৰ ভাড়া ৰেহাই দিয়াৰ ক্ষেত্ৰত পদক্ষেপ ল'বলৈ দাবী জনাইছে বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মুন তালুকদাৰে । ইফালে এই সন্দৰ্ভত ৰাজ্যৰ আটাইকেইখন বিশ্ববিদ্যালয় একত্ৰিত হৈ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷
লগতে পঢ়কঃজনপ্ৰিয় অভিনেতা ইৰফান খানৰ মৃত্যু