ETV Bharat / state

অধিবক্তাক হেণ্ডকাফ লগাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰোষত অসম আৰক্ষী; পাঁচ লাখ টকা ক্ষতিপূৰণৰ নিৰ্দেশ

এগৰাকী অধিবক্তাক হেণ্ডকাফ লগোৱাৰ বাবেই এতিয়া অসম আৰক্ষীৰ সঞ্চালক প্ৰধান তথা আৰক্ষী বিভাগক সকীয়নি প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ জৰিমনা ভৰিব আৰক্ষীয়ে ৷

author img

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 8:10 PM IST

Gauhati High Court Warns DGP
Assam Director General of Police

গুৱাহাটী, ২১ ডিচেম্বৰ: অধিবক্তাক হেণ্ডকাফ লগাই বিপদত পৰিছে অসম আৰক্ষী । ২০২১ চনৰ ৰুজু হোৱা এক গোচৰৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙক সকীয়নি প্ৰদান কৰাৰ লগতে আৰক্ষীক ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিছে ।

এজন অধিবক্তাক হেণ্ডকাফ লগোৱাৰ বাবেই ন্যায়ালয়ৰ ৰোষৰ সন্মূখীন হৈছে আৰক্ষী সঞ্চালক প্ৰধান আৰু অসম আৰক্ষী । উল্লেখ্য যে ২০১৬ চনত গুৱাহাটীৰ পাণবজাৰত গাড়ী পাৰ্কিং কৰাক কেন্দ্ৰ কৰি এজন অধিবক্তাৰ গৃহৰক্ষী বাহিনীৰ জোৱানৰে কাজিয়া হৈছিল । সেই কাজিয়াক কেন্দ্ৰ কৰি ৰুজু হোৱা গোচৰত অধিবক্তাজনক গ্ৰেপ্তাৰ কৰি পানবজাৰ থানাৰ আৰক্ষীয়ে হেণ্ডকাফ লগাইছিল ।

উক্ত বিবাদৰ গোচৰত অধিবক্তাজন দোষমুক্ত হৈছিল যদিও পৰৱৰ্তী সময়ত তেওঁ হেণ্ডকাফ লগোৱা ঘটনা সন্দৰ্ভত ন্যায়ালয়ত মানহানিৰ গোচৰ ৰুজু কৰে । ২০২১ চনত ন্যায়ালয়ত কৰা লেখ আবেদনৰ ভিত্তিত WP (C) 2783/2021 নম্বৰত গোচৰ ৰুজু হয় । সেই লেখ আবেদনৰ গোচৰৰ ভিত্তিত ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে । হেণ্ডকাফ লগাই আৰক্ষীয়ে অধিবক্তাজনৰ মানহানি কৰা সন্দৰ্ভত ন্যায়ালয়ে ৰায় প্ৰদান কৰি আৰক্ষীক ৫ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিয়ে ।

অসম আৰক্ষীয়ে দুমাহৰ ভিতৰত অধিবক্তাজনক এই ক্ষতিপূৰণ দিব লাগিব । আৰক্ষীক ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিয়াৰ উপৰি ন্যায়ালয়ে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক আৰক্ষীৰ এনে কাৰ্যৰ বাবে সকীয়নি প্ৰদান কৰে ।

উল্লেখ্য ইয়াৰ পূৰ্বেও কেইবাবাৰো অসম আৰক্ষী বিভিন্ন কাৰণত ন্যায়ালয়ৰ ৰোষৰ সন্মূখীন হ'বলগীয়া হৈছে । লক্ষণীয় বিষয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে আৰক্ষীক জনসাধাৰণৰ সৈতে সৌহাদ্যপূৰ্ণ ব্যৱহাৰ কৰাৰ লগতে সুসম্পৰ্ক গঢ়ি তোলাৰ বাবে বাৰম্বাৰ আহ্বান জনাই আহিছে যদিও আৰক্ষী আৰু জনতাৰ মাজৰ ব্যৱধান কমা নাই ।

লগতে পঢ়ক: প্ৰসংগ : গ্ৰেনেড বিস্ফোৰণ; অসম আৰক্ষীক মিথ্যাচাৰী বুলিলে আলফা(স্বা)ই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.