গুৱাহাটী, 26 ডিচেম্বৰ : শনিবাৰে গুৱাহাটীৰ নুনমাটি আৰক্ষী থানাত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে দাখিল কৰা হয় এখন এজাহাৰ । সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ মহানগৰ সমিতিয়ে দাখিল কৰে এই এজাহাৰ ।
অভিযোগ অনুসৰি, শেহতীয়াকৈ অসমৰ বিভিন্ন প্ৰান্তলৈ গৈ সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই আছে বিতৰ্কিত সত্যৰঞ্জন বৰাই ৷ মুছলমানসকলৰ বিৰুদ্ধে নানা অপমানসূচক মন্তব্য আগবঢ়াই আহিছে বৰাই । যাৰবাবে আৰক্ষীৰ কাষ চাপিছে সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদে ।
ইফালে, সংগঠনটোৱে গুৱাহাটীৰ কেইবাখনো আৰক্ষী থানাত সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল । কিন্তু আজিকোপতি আৰক্ষীয়ে বিতৰ্কিত সত্যৰঞ্জনৰ বিৰুদ্ধে লোৱা নাই কোনো আইনী ব্যৱস্থা । বিভিন্ন ধৰ্মৰ লোকে বসবাস কৰা অসমত দৰ্মৰ নামত বিভাজন নকৰিবলৈ আহ্বান সংগঠনটোৰ ৷
লগতে পঢ়ক : জম্মু-কাশ্মীৰত আয়ুষ্মান ভাৰত আঁচনিৰ উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ