গুৱাহাটী, 17 মে’: মহানগৰ আৰক্ষীৰ জালত পৰিছে বৃহৎ গাড়ী চুৰি চক্ৰ । সোমবাৰে গীতানগৰ আৰক্ষীয়ে আটক কৰিছে সাতজনীয়া বৃহৎ গাড়ী চোৰৰ এটা দলক । গীতানগৰ আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলাই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰে সাতজনীয়া বৃহৎ গাড়ী চুৰি দলটোক । আৰক্ষীৰ জালত পৰা ধৃত গাড়ী চোৰ কেইটা ক্ৰমে:- উজানবজাৰৰ মন্দিপ দাস, হাউলিৰ ধ্ৰুৱ জ্যোতি দাস, খানাপাৰৰ দেৱজিৎ ভট্টাচাৰ্য্য, হোজাইৰ ক্ৰমে দ্বীপ ৰয়, প্ৰেমজিত সিংহ, সঞ্জীত সিংহ আৰু কমল শৰ্মা ।
উল্লেখ্য যে, আৰক্ষীৰ জালত পৰা দলটোৱে আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্রৰ লগত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । আনহাতে ৰাজ্যৰ বিভিন্ন থানাত গাড়ী চুৰি গোচৰত অভিযুক্ত এই বৃহৎ দলটোৰ সদস্যকেইজন ।
বৰ্তমান আৰক্ষীয়ে সোধ-পোছ অব্যাহত ৰাখিছে বৃহৎ গাড়ী চুৰি চক্ৰৰে জড়িত যুৱক কেইজনক ৷ ইফালে আৰক্ষীৰ তদন্তৰ অন্তত কেইবাখনো চুৰি গাড়ী বহিঃ ৰাজ্যৰ পৰা উদ্ধাৰৰ অভিযান আৰম্ভ কৰিছে মহানগৰ আৰক্ষীয়ে ।