ETV Bharat / state

Assam cabinet decisions: গুৱাহাটীত দেশৰ দ্বিতীয় দীৰ্ঘতম উৰণীয়া সেঁতু নিৰ্মাণৰ বাবে পুঁজি অনুমোদন চৰকাৰৰ - Tinsukia DC conference

অতীত হ’ল জিলা উপায়ুক্ত ৷ এতিয়াৰে পৰা জিলা উপায়ুক্তৰ পৰিচয় জিলা আয়ুক্ত ৷ নুনমাটিৰ পৰা সন্দিকৈ কলেজলৈ উৰণীয়া সেঁতু নিৰ্মানত অনুমোদন ৷ মাইক্ৰ’ফাইনেঞ্চৰ ঋণ লোৱা মহিলাসকলৰ তৃতীয় পৰ্যায়ৰ বকেয়া পৰিশোধৰ ক্ষেত্ৰত অনুমোদন ৷ চাওতালী ভাষাক শিক্ষাৰ মাধ্যম হিচাবে স্বীকৃতি প্ৰদান কেবিনেটৰ (Assam cabinet meeting) ৷

Assam cabinet
Assam cabinet
author img

By

Published : May 19, 2023, 8:10 PM IST

ৰাজ্যিক কেবিনেটৰ কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

গুৱাহাটী, ১৯ মে’: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত শুকুৰবাৰে জনতা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় (Assam cabinet meeting) ৷ কেবিনেট বৈঠকত কেইবাটাও উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেল যোগে সদৰী কৰে মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু পীযুষ হাজৰীকাই ৷

গুৱাহাটীৰ ট্ৰেফিক ব্যৱস্থাটো আৰু অধিক উন্নত কৰাৰ বাবে আজিৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় (Assam cabinet decision) ৷ যোৰহাট কেবিনেটত গুৱাহাটীৰ নুনমাটিৰ পৰা সন্দিকৈ কলেজলৈ এখন উৰণীয়া সেঁতু নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ আজিৰ কেবিনেটে ৮৫২.৬৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া চাৰিলেনযুক্ত উৰণীয়া সেঁতুখনৰ বাবে অনুমোদন জনায় ৷ ইতিমধ্যে উৰণীয়া সেঁতুখনৰ বাবে নিবিদা প্ৰক্ৰিয়া আৰম্ভ হৈছে (New flyover in Guwahati) ৷

উৰণীয়া সেঁতুখনৰ দৈৰ্ঘ্য হ’ব চাৰে চাৰি কিলোমিটাৰ আৰু গুৱাহাটীৰ ৰিজাৰ্ভ বেংকৰ পৰা আৰম্ভ হৈ নুনমাটিৰ এফ চি আই গুদামলৈকে হ’ব সেঁতুখন ৷ এই সেঁতুখন চহৰৰ ভিতৰত হোৱা দেশৰ দ্বিতীয়খন সৰ্ববৃহৎ দৈৰ্ঘ্যৰ উৰণীয়া সেঁতু হ’ব । ইয়াৰ এটা অংশ ৰাজগড়ৰ দিশে থাকিব ৷ ফলত সেঁতুখন মুঠ দৈৰ্ঘ্য প্ৰায় চাৰে পাঁচ কিলোমিটাৰ হ’ব ৷

আনহাতে আজিৰ কেবিনেটে তিনিচুকীয়াত অনুষ্ঠিত হোৱা জিলা উপায়ুক্তৰ সন্মিলনত লোৱা সিদ্ধান্তসমূহৰ ক্ষেত্ৰত অনুমোদন জনায় (Tinsukia DC conference) ৷ সেই অনুসৰি এতিয়াৰে পৰা ডিভিজনেল কমিচনাৰৰ অফিচসমূহ নাথাকিব ৷ ডিভিজনেল কমিচনাৰৰ ক্ষমতা সাধাৰণ প্ৰশাসন বিভাগৰ প্ৰধান সচিবৰ নিয়ন্ত্ৰণত থাকিব ৷ ৰিজনেল কমিচনাৰ পদটো নোহোৱা হৈ যোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়াৰে পৰা জিলা উপায়ুক্তসকলক জিলা আয়ুক্ত হিচাবে নামকৰণ কৰা হ’ব ৷

আনহাতে, এতিয়াৰে পৰা উপায়ুক্তসকলে তৃতীয় বৰ্গ, চতুৰ্থ বৰ্গ, গেজেটেড আৰু ন’ন গেজেটেড চাকৰিয়ালসকলক জিলাখনৰ ভিতৰত বদলি কৰিব পাৰিব ৷ অৱশ্যে গেজেটেড অফিচাৰক বদলি কৰাৰ ক্ষেত্ৰত ডিচি গৰাকীয়ে জিলাখনৰ অভিভাৱক মন্ত্ৰীৰ পৰা অনুমোদন ল'ব লাগিব ৷

সেইদৰে আজিৰ কেবিনেটে মাইক্ৰ'ফাইনেঞ্চৰ ঋণ লোৱা মহিলাসকলৰ বকেয়া পৰিশোধৰ ক্ষেত্ৰত অনুমোদন জনায় ৷ ইতিমধ্যে দুটা পৰ্যায়ৰ দিয়া হৈছে আৰু আজি তৃতীয় পৰ্যায়ৰ বাবে কেবিনেটে অনুমোদন জনায় ৷ ২৫ হাজাৰ টকা প্ৰিন্সিপাল ঋণ লোৱাসকলৰ ক্ষেত্ৰত এয়া প্ৰযোজ্য হ’ব ৷ তেওঁলোক এন পি এ মুক্ত হ’ব ৷

আনহাতে, বেংকসমূহৰ লগত থকা চৰকাৰৰ বুজাবুজিৰ চুক্তি আৰু এবছৰলৈ বৃদ্ধি কৰা হৈছে ৷ মাইক্ৰ'ফাইনেঞ্চৰ ঋণৰ ক্ষেত্ৰত প্ৰথম পৰ্যায়ত ৮.৭৩ লাখ মহিলাৰ ১৬০০ কোটি টকাৰ ঋণ আৰু দ্বিতীয় পৰ্যায়ত ৯৮ হাজাৰ মহিলাৰ ১৯০ কোটি টকাৰ ঋণ অসম চৰকাৰে পৰিশোধ কৰিছে (Assam microfinance loan) ৷

ইফালে আজিৰ কেবিনেটে চান্থালী ভাষাক শিক্ষাৰ মাধ্যম হিচাবে স্বীকৃতি প্ৰদান কৰে ৷ চাওতালী ভাষাটোৰ বাবে প্ৰাকঃপ্ৰাথমিক আৰু প্ৰাথমিক পৰ্যায়ত চাওতালী শিক্ষাৰ্থীৰ বাবে চান্থালী ভাষাত পাঠ্যপুথি প্ৰস্তুত কৰা হ’ব ৷ চাওতালী ভাষাত পাঠ্যপুথি প্ৰস্তুত কৰাৰ বাবে ‘অ’লচিকি’ নামৰ স্ক্ৰীপ্ট ব্যৱহাৰ কৰা হ’ব ৷

লগতে পঢ়ক: Akhil Gogoi Press Meet: জোনমণি ৰাভাৰ মৃত্যুৰ CBI তদন্তৰ দাবী অখিল গগৈৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.