ETV Bharat / state

SCERT Scam: দীঘলীয়া হৈছে তালিকা; পুনৰ চাৰি আৰটিআই কৰ্মীক গ্ৰেপ্তাৰ

ৰাজ্য কঁপোৱা SCERT কেলেংকাৰী সন্দৰ্ভত অব্যাহত আছে তদন্ত ৷ ইতিমধ্যেই মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিছে কেলেংকাৰী ধনৰ ভাগ লোৱা কেইবাগৰাকীও লোকক ৷ শুকুৰবাৰেও চাৰিগৰাকী RTI কৰ্মীক গ্ৰেপ্তাৰ কৰে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে (CM vigilance) ৷

author img

By

Published : Jun 2, 2023, 10:43 PM IST

Etv Bharat
Etv Bharat

গুৱাহাটী, ২ জুন: ডি এল এডৰ (D El Ed) প্ৰশিক্ষণ আৰু প্ৰমাণপত্ৰ প্ৰদানক লৈ SCERT ৰ তদানীন্তন সঞ্চালক শেৱালী দেৱী শৰ্মাই সংঘটিত কৰা ১০৫ কোটি কেলেংকাৰী তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে ৷ মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ জালত পৰিছে ইজিনৰ পাচত সিজন কেলেংকাৰীৰে জড়িত ব্যক্তি ৷ শুকুৰবাৰে শেৱালী দেৱী শৰ্মাক ব্লেকমেইল কৰি ধন লোৱা 4 জন RTI কৰ্মী জালত পৰে মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষৰ (Assam SCERT Scam) ৷

দিনজোৰা জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা RTI কৰ্মী কেইজন হ’ল বিদ্যুৎ কলিতা, বিদ্যুৎ কলিতাৰ শহুৰেক কেশৱ গগৈ, ডেভিড অধিকাৰী আৰু মনোজ দাস । তদন্তকাৰী দলটোৰ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি ৬৭ লাখ টকা বিদ্যুৎ কলিতাৰ একাউন্টলৈ শেৱালী দেৱী শৰ্মাই চৰকাৰী বেংক একাউণ্টযোগে প্ৰেৰণ কৰিছিল । লগতে শেৱালী দেৱী শৰ্মাৰ পৰা বিদ্যুৎ কলিতা আৰু ডেভিড অধিকাৰীয়ে লৈছিল নগদ ২ কোটি টকা (RTI activist arrested for SCERT scam) ৷

আনহাতে শুকুৰবাৰে পূৰ্বে গ্ৰেপ্তাৰ হোৱা আৰটিআই কৰ্মী ৰবিজিৎ গগৈৰ ভেটাপাৰাস্থি ফ্লেটত অভিযান চলোৱাৰ লগতে সাংবাদিক পূজামণি দাসৰ মিৰ্জাৰ বাসগৃহতো অভিযান চলায় । উল্লেখ্য যে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ হৈছিল হাউলী ডায়েটৰ কনিষ্ঠ সহায় সোণমণি নাথ । জানিব পৰা মতে সোণমনি নাথৰ একাউন্টত শেৱালী দেৱী শৰ্মাই চৰকাৰী একাউন্টৰ পৰা দুই লাখ টকা আদায় দিছিল (SCERT scam update)।

স্মৰ্তব্য যে ৰবিজিৎ গগৈয়ে ডি এল এডৰ কেলেংকাৰী সন্দৰ্ভত তথ্য বিচাৰি শেৱালী দেৱী শৰ্মাৰ কাৰ্যালয়ত RTI আবেদন দাখিল কৰি আবেদনখন প্ৰত্যাহাৰ কৰিছিল । ইয়াৰ বিনিময়ত ৮৩ লাখ টকা শেৱালী দেৱী শৰ্মাৰ পৰা আদায় কৰিছিল । অনুপ শইকীয়াই RTI ৰ জৰিয়তে শেৱালী দেৱী শৰ্মাৰ পৰা প্ৰায় ৫০ লাখ টকা আদায় কৰিছিল ।

ইতিমধ্যেই গ্ৰেপ্তাৰ হোৱা সাংবাদিক পূজামণি দাসে ৮.৭০ লাখ আত্মসাৎ কৰাৰ লগতে সাংবাদিক ভাস্কৰজ্যোতি হাজৰিকাই ৪ লাখ টকা আত্মসাৎ কৰিছিল । SCERTৰ ডি এল কোষৰ বেংক একাউন্টৰ পৰা এই চাৰি অভিযুক্তই টকা নিজৰ একাউন্টত লৈছিল ।

লগতে পঢ়ক: SCERT Scam: ব্লেকমেইলাৰ ৰবিজিৎ গগৈ আৰু পূজামণি দাসক লগত লৈ ভিজিলেন্সৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.