ETV Bharat / state

কৃষ্ণকান্ত সন্দিকৈ নগৰত ভূমিস্খলনত আৱদ্ধ চাৰিজনকৈ বনুৱা

author img

By

Published : Dec 3, 2019, 11:21 PM IST

গুৱাহাটীৰ কৃষ্ণকান্ত সন্দিকৈ নগৰত ভূমিস্খলন । অতি বিপদজনক ভাৱে পাহাৰ কাটি দেৱাল নিৰ্মাণৰ বাবে কাম কৰিছিল বনুৱা কেইজনে । কাম কৰি থকা অৱস্থাতে ভূমিস্খলন হৈ আৱদ্ধ হৈছিল মাটিৰ তলত ৷

GHY LANDSLIDE
কৃষ্ণকান্ত সন্দিকৈ নগৰত ভূমিস্খলন

গুৱাহাটী, 3ডিচেম্বৰ : গুৱাহাটীৰ কৃষ্ণকান্ত সন্দিকৈ নগৰত ভূমিস্খলন ৷ মঙ্গলবাৰে কৃষ্ণকান্ত সন্দিকৈ নগৰৰ নিবাসী ভৱেশ ডেকা নামৰ এজন ব্যক্তিয়ে গাৰ্ড ৱাল নিৰ্মাণৰ বাবে 10 জনকৈ বনুৱাক লগাইছিল কামত । অতি বিপদজনক ভাৱে পাহাৰ কাটি দেৱাল নিৰ্মাণৰ বাবে কাম কৰিছিল বনুৱা কেইজনে । কাম কৰি থকা অৱস্থাতে ভূমিস্খলন হৈ চাৰিজনকৈ বনুৱা মাটিৰ তলত আৱদ্ধ হৈ পৰিছিল ৷ মাটি খহি আৱদ্ধ হোৱা বনুৱা চাৰিগৰাকীৰ ভিতৰত দুজন পুৰুষ আৰু দুগৰাকী মহিলা আছিল । স্থানীয় ৰাইজৰ তৎপৰতাত চাৰিওগৰাকী বনুৱা জীৱন্তে উদ্ধাৰ কৰা হয় । ঘটনাৰ খবৰ পোৱাৰ মাত্ৰকে ঘটনস্থলীত উপস্থিত হয় দিছপুৰ থানাৰ আৰক্ষী । উদ্ধাৰ কৰা বনুৱাকেইগৰাকীক জি এম চি এইচত ভৰ্তি কৰোৱা হয় । এগৰাকী মহিলাৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷

কৃষ্ণকান্ত সন্দিকৈ নগৰত ভূমিস্খলন

আৰু পঢ়ক : পৰ্দাৰ আঁৰৰ টুইংকল

Intro:কৃষ্ণকান্ত সন্দিকৈ নগৰত ভূমিস্খলনত আবদ্ধ কেবাজনো বনুৱা। মঙ্গলবাৰে কৃষ্ণকান্ত সন্দিকৈ নগৰৰ নিবাসী ভৱেশ ডেকা নামৰ এজন ব্যক্তিয়ে গাৰ্ড ৱাল দিয়াৰ কামত ১০ জনকৈ বনুৱাক কামত লগাইছিল। অতি বিপদজনক ভাবে পাহাৰ কাটি দেৱাল নিৰ্মাণৰ বাবে কাম কৰিছিল। কাম কৰি থকা অৱস্থাতে ভূমিস্খলন হৈ চাৰিজনকৈ কাম কৰা বনুৱা আবদ্ধ হৈছিল মাটিৰ তলত। মাটি খহি আবদ্ধ হোৱা আটাইকেইজন বনুৱা মহিলা আছিল। পাছত স্থানীয় ৰাইজৰ তৎপৰতাত চাৰিগৰাকীক জীৱন্তে উদ্ধাৰ কৰা হয়। ঘটনাৰ খবৰ পোৱাৰ মাত্ৰকে ঘটনস্থলীত উপস্থিত হয় দিছপুৰ আৰক্ষী। উদ্ধাৰ হোৱা মহিলা বনুৱা কেইগৰাকী হল চনীকা খাতুন, খচিমুন নেচা,আমিনা খাতুন। এগৰাকী মহিলাৰ নাম এতিয়াও জানিব পৰা হোৱা নাই। উদ্ধাৰ কৰা মহিলা কেইগৰাকীক জি এম চি এইচত ভৰ্তি কৰোৱা হৈছে। তাৰে এগৰাকী মহিলাৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।Body:Guwahati Conclusion:Asrar Ansari
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.