ETV Bharat / state

Russia Ukraine war: যুদ্ধজৰ্জৰ ইউক্ৰেইনৰ পৰা আহিল অসমৰ আৰু চাৰিগৰাকী শিক্ষাৰ্থী

author img

By

Published : Mar 2, 2022, 3:25 PM IST

অপাৰেচন গঙ্গাৰ অধীনত অব্যাহত ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়ক উদ্ধাৰৰ প্ৰচেষ্টা । ইজনৰ পাছত সিজনকৈ ইউক্ৰেইনত আৱদ্ধ অসমৰ শিক্ষাৰ্থীও উভতি আহিছে স্ব-ভূমিলৈ । পুনৰ ইষ্টানবুলৰ পৰা দিল্লী পালেহি অসমৰ চাৰিগৰাকী শিক্ষাৰ্থী (Four more students from Assam arrive in India from Ukraine) ।

4 student of Assam arrived in New Delhi from Ukraine
যুদ্ধজৰ্জৰ ইউক্ৰেইনৰ পৰা আহিল অসমৰ আৰু চাৰিগৰাকী শিক্ষাৰ্থী

গুৱাহাটী, ২ মাৰ্চ: ৰাছিয়াৰ আক্ৰমণত ৰক্তাক্ত হৈ পৰা ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলক উদ্ধাৰ কৰাৰ বাবে অভিযান অব্যাহত আছে। আজিও বহু সংখ্যক ভাৰতীয় লোকক উদ্ধাৰ কৰি স্বদেশলৈ অনা হয় । ইফালে ইউক্ৰেইনত আৱদ্ধ অসমৰ লোকসকলক উদ্ধাৰ কৰি আনিবৰ বাবে কেন্দ্ৰীয় বহিঃৰাষ্ট্ৰ মন্ত্ৰনালয়ৰ সৈতে অসম চৰকাৰৰ ফালৰ পৰা বিৰামহীনভাৱে যোগাযোগ কৰি থকা হৈছে ।

আজি আৰু চাৰিগৰাকী অসমৰ শিক্ষাৰ্থী নতুন দিল্লীত উপস্থিত হয়(Four more students from Assam arrive in India from Ukraine) । তেওঁলোক হৈছে শিলচৰৰ গুৰপ্ৰীত কৌৰ, কোকৰাঝাৰৰ ধৃতিমান ভিক্টৰ ভূঞা, গুৱাহাটীৰ পঞ্চী মোহন আৰু জ‍াগুনৰ আনিশা গগৈ ।

ইতিমধ্যে অসমৰ ২৮ গৰাকী শিক্ষাৰ্থীক সুকলমে উদ্ধাৰ কৰি অনা হৈছে । ইষ্টানবুলৰ পৰা আজি দিনৰ ভাগত তেওঁলোক বিমান যোগে নতুন দিল্লীত উপস্থিত হয় । ইয়াৰে গুৰপ্ৰীত কৌৰক নতুন দিল্লীত তেওঁৰ পৰিয়ালৰ লোকে চমজি লয় আৰু বাকীসকলক অসম ভৱনৰ কৰ্তৃপক্ষই চমজি লয় । তেওঁলোকক বিমান যোগে গুৱাহাটীলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিব অসম ভৱনৰ কৰ্তৃপক্ষই ।

এতিয়ালৈকে ইউক্ৰেইনত আৱদ্ধ অসমৰ ৩২ গৰাকী শিক্ষাৰ্থীক উদ্ধাৰ কৰি অনা হৈছে । উল্লেখ যে মঙলবাৰে বিয়লি ইউক্ৰেইনত অধ্যয়নৰত অসমৰ ১৩ গৰাকী শিক্ষাৰ্থীক উদ্ধাৰ কৰি সুকলমে দিল্লীলৈ অনা হৈছিল । ইয়াৰ পূৰ্বে ১৫ গৰাকী শিক্ষাৰ্থীক উদ্ধাৰ কৰা হৈছিল ।

ইউক্ৰেইনৰ পৰা উদ্ধাৰ কৰি অনা শিক্ষাৰ্থীক অসম ভৱন কৰ্তৃপক্ষৰ পৰা ৰখাৰ ব্যৱস্থা কৰাৰ লগতে গুৱাহাটীলৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে (Accommodated in Assam House)। লক্ষণীয় বিষয় যে শেহতীয়াকৈ যুদ্ধজৰ্জৰ ইউক্ৰেইনত অসমৰ ১৬০ গৰাকী লোক আৱদ্ধ হৈ থকাৰ তথ্য লাভ কৰিছে অসম চৰকাৰে । পৰিয়ালৰ লোককে ধৰি বিভিন্ন উৎসৰ পৰা অসম চৰকাৰে এই তথ্য লাভ কৰিছে যদিও এই সংখ্যা আৰু অধিক হোৱাৰ সম্ভাৱনা আছে ।

যুদ্ধই বিধ্বস্ত কৰি পেলোৱা ইউক্ৰেইনত অধ্যয়নসূত্ৰে বাস কৰি অহা অসমৰ শিক্ষাৰ্থী সকলক সুকলমে উদ্ধাৰ কৰি আনিবৰ বাবে কেন্দ্ৰীয় বহিঃৰাষ্ট্ৰ মন্ত্ৰনালয়ৰ সৈতে অসম চৰকাৰৰ ফালৰ পৰা বিৰামহীনভাৱে যোগাযোগ ৰক্ষা কৰি চলা হৈছে । উদ্ধাৰ অভিযান অব্যাহত আছে যদিও উদ্বেগজনক কথাটো হ'ল অতি বিপদজ্জনক অৱস্থাত এইপৰ্যন্ত ইউক্ৰেইনত আৱদ্ধ হৈ আছে অসমৰ বহু শিক্ষাৰ্থী ।

ইফালে ৰাছিয়ান সেনাই ইউক্ৰেইনৰ ৰাজধানী দখলৰ দিশে অগ্ৰসৰ হোৱাৰ সময়তে ভাৰতীয় নাগৰিকসকলক ইউক্ৰেইনৰ ৰাজধানী কীয়েভ ত্যাগ কৰাৰ নিৰ্দেশ দিছে ভাৰত চৰকাৰে । ইতিমধ্যে বিমান যোগে বহু ভাৰতীয় লোকক ইউক্ৰেইনৰ পৰা ভাৰতলৈ অনা হৈছে যদিও অসমৰেই শতাধিক লোক এতিয়াও আৱদ্ধ হৈ আছে । আনহাতে ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়ক উদ্ধাৰৰ বাবে তীব্ৰতৰ কৰা হৈছে ‘অপাৰেচন গংগা’ ।

ইউক্ৰেইনৰ কাষৰীয়া দেশৰ পৰা ভাৰতীয়ক উদ্ধাৰ কৰিবৰ বাবে ভাৰতীয় বায়ু সেনাই অভিযান অব্যাহত ৰাখিছে । ভাৰতীয় লোকসকলক উদ্ধাৰ কৰাৰ বাবে ভাৰত চৰকাৰৰ অভিযান পূৰ্ণ গতিত অব্যাহত আছে। ভাৰতীয়সকলক ইউক্ৰেইনৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ পৰা অনাৰ ব্যৱস্থা কৰা হৈছে।

লগতে পঢ়ক: ইউক্ৰেইনত আৱদ্ধ তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ ছাত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.