ETV Bharat / state

IIT গুৱাহাটীত ভাৰতৰ প্ৰথমটো ড্ৰোণ টেকন’ল’জি কেন্দ্ৰ মুকলি

author img

By

Published : Nov 10, 2021, 9:56 AM IST

Updated : Nov 10, 2021, 2:50 PM IST

মঙলবাৰে গুৱাহাটী আই আই টিত মুকলি কৰা হয় ড্ৰোণ টেকন’ল’জি কেন্দ্ৰ মুকলি কৰা হয় ৷ কেন্দ্ৰটো উদ্বোধন কৰে কেন্দ্ৰীয় অসামৰিক বিমান পৰিৱহণ ৰাজ্য মন্ত্ৰী জেনেৰেল (অৱসৰপ্ৰাপ্ত) ভি কে সিঙে ৷

four centres of drone technology have been set up jointly by IIT Guwahati and FICCI
IIT গুৱাহাটীত চাৰিটাকৈ ড্ৰোণ টেকন’ল’জি কেন্দ্ৰ মুকলি

নিউজ ডেস্ক, 10 নৱেম্বৰ : মঙলবাৰে গুৱাহাটী আই আই টিত মুকলি কৰা হয় ভাৰতৰ প্ৰথমটো ড্ৰোণ টেকন’ল’জি কেন্দ্ৰ ৷ উত্তৰ-পূৰ্বাঞ্চলৰ অনুন্নত অঞ্চলসমূহত ঔষধৰ উপৰিও জৰুৰীকালীন সামগ্ৰী যোগান ধৰাৰ বাবে ড্ৰোণৰ ব্যৱহাৰ আৰু গৱেষণাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ’ব কেন্দ্ৰকেইটাক ৷

কেন্দ্ৰীয় ৰাজ্যিক অসামৰিক বিমান পৰিৱহণ মন্ত্ৰী জেনেৰেল (অৱসৰপ্ৰাপ্ত) ভি কে সিঙে উদ্বোধন কৰে এই কেন্দ্ৰকেইটা ৷

IIT Guwahati আৰু FICCIৰ দ্বাৰা যৌথভাৱে প্ৰতিষ্ঠা কৰা কেন্দ্ৰটোত থাকিব ড্ৰোণপোৰ্ট, চেন্টাৰ ফৰ এক্সিলেন্স ইন ৰিচাৰ্চ অন ড্ৰোণ/UAV টেকন’ল’জি যি দেশৰ প্ৰথমটো কেন্দ্ৰ হিচাপে বিবেচিত হৈছে, উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এটি দক্ষতা বিকাশ কেন্দ্ৰৰ লগতে থাকিব উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এটা ন’ডল চেন্টাৰ ফৰ এডমিনিষ্ট্ৰেটিভ দ্ৰোণ ডাটা মেনেজমেন্ট চেন্টাৰ ৷

IIT গুৱাহাটীয়ে এক বিবৃতিত কয়, "উত্তৰ-পূৰ্বাঞ্চলৰ নিৰন্তৰ সমস্যা সমাধান আৰু দেশৰ প্ৰযুক্তিগত সাফল্যত অৰিহণা যোগোৱাৰ বাবে আটাইতকৈ উন্নত থলুৱা ড্ৰোণৰ সৃষ্টি আৰু বিকাশৰ দৃষ্টিৰে The Centre for Excellence in Research on Drone/UAV Technology কেন্দ্ৰটো স্থাপন কৰা হৈছে । Technology Incubation Hub য'ত পানীৰ তলৰ ড্ৰোণৰ ওপৰত গৱেষণাও কৰা হৈছে, এই কেন্দ্ৰটোৱে ড্ৰোন/UAV, ছফ্টৱেৰ প্লেটফৰ্ম, ডাটা সংগ্ৰহ আৰু বিশ্লেষণৰ বিকাশত গুৰুত্ব প্ৰদান কৰাৰ লগতে এপ্লিকেচন আধাৰ সৃষ্টি কৰিবলৈ প্ৰতিষ্ঠানটোত উপলব্ধ বিভিন্ন দক্ষতা ব্যৱহাৰ কৰিব ৷"

এইক্ষেত্ৰত উদ্ভাৱক আৰু ষ্টাৰ্ট-আপক তেওঁলোকৰ গৱেষণা আৰু উন্নয়নমূলক কাৰ্যকলাপ চলাই নিয়াৰ ক্ষেত্ৰত কেন্দ্ৰই সহযোগিতা আগবঢ়াব ৷ সমান্তৰালকৈ, পৰীক্ষা আৰু ড্ৰোণৰ উপযুক্ত প্ৰমণপত্ৰ প্ৰদানৰ ক্ষেত্ৰতো প্ৰতিষ্ঠানটোৱে গুৰুত্ব প্ৰদান কৰিব ৷ ইতিমধ্যেই দুটাকৈ drone-based ষ্টাৰ্ট-আপে IIT গুৱাহাটী ৰিচাৰ্চ পাৰ্কত নিজৰ গৱেষণাগাৰ প্ৰতিষ্ঠা কৰিছে ৷

IIT গুৱাহাটীৰ সঞ্চালক টি জি সীথাৰামে কয় যে, উত্তৰ-পূৱৰ দূৰৱৰ্তী আৰু দুৰ্গম অঞ্চলসমূহত ড্ৰোণৰ সহায়ক প্ৰযুক্তি ব্যৱহাৰ কৰি যিকোনো জৰুৰীকালীন অৱস্থাত সামগ্ৰীৰ যোগান ধৰাৰ বাবে ড্ৰোণৰ ব্যৱহাৰ কৰিব পাৰি ।

তেওঁ কয় যে, "আই আই টি গুৱাহাটীয়ে ইয়াৰ গৱেষণা দক্ষতাৰ বিকাশ কৰিব, ড্ৰোণপোৰ্ট স্থাপন কৰিব আৰু সকলো প্ৰশাসনিক সমৰ্থন আগবঢ়াব আৰু ২০৩০ চনৰ ভিতৰত ভাৰত বিশ্বৰ ভিতৰত ড্ৰোণ কেন্দ্ৰ হোৱাৰ সম্ভাৱনা উপলব্ধি কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দৃষ্টিভংগী সফল কৰিব ৷"

উল্লেখ্য যে, উত্তৰ-পূৱৰ বাবে দক্ষতা বিকাশ কেন্দ্ৰটোৱে ৰাজ্য চৰকাৰৰ সৈতে কাম কৰিব ৷ ইয়াৰ উপৰিও ই গৃহ মন্ত্ৰণালয়, ক্ষমতা নিৰ্মাণ আৰু উন্নত প্ৰশিক্ষণৰ বাবে প্ৰাসংগিক ঔদ্যোগিক অংশীদাৰৰ সৈতেও কাম কৰিব ৷ ই চৰকাৰৰ লগতে ব্যক্তিগত প্ৰতিষ্ঠানৰ উপৰিও কৃষক, সুৰক্ষাৰ দায়িত্বত নিয়োজিত ব্যক্তি, দুৰ্যোগ প্ৰশমন বিভাগ আদিক পেছাদাৰী প্ৰশিক্ষণ প্ৰদান কৰিব ৷

FICCIৰ অসম ৰাজ্যিক পৰিষদৰ অধ্যক্ষ দীপাংকৰ বৰুৱাই কয়, ড্ৰোন প্ৰযুক্তিয়ে সীমান্ত সুৰক্ষা, কৃষি, স্বাস্থ্য, পৰ্যটন, খনন আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ ক্ষেত্ৰত সহায় কৰিব পাৰে।

লগতে পঢ়ক : ৰাজহুৱা স্থানত অবৈধভাৱে পোষ্টাৰ লগোৱা লোকৰ প্ৰমাণ দিলে GMC য়ে দিব ১০০০ টকাৰ পুৰস্কাৰ

Last Updated : Nov 10, 2021, 2:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.