গুৱাহাটী, 25 মাৰ্চ : লকডাউন ৷ মহামাৰী কৰ'ণাক প্ৰতিহত কৰাৰ স্বাৰ্থত প্ৰধানমন্ত্ৰীৰ আহ্বান প্ৰতি সহাঁৰি জনায় নিজকে গৃহবন্দী কৰিছে দেশবাসীয়ে ৷ যি সময়ত এৰিব নোৱাৰা প্ৰয়োজন নাথাকিল ঘৰৰ পৰা বাহিৰলৈ ওলোৱা নাই ৰাইজ সেই সময়তে মহানগৰীৰ ৰাজপথত স্বঘোষিত মল্লযুদ্ধত নামিল চাৰি যুৱক ৷
জালুকবাৰীৰ পৰা গড়চুক সংযোগী ৰাজপথত চাৰি যুৱকৰ তয়াময়া ৰণে ক্ষন্তেকৰ বাবে হ'লেও এখন্তেক ৰৈ যাবলৈ বাধ্য কৰালে সীমিত সংখ্যক পথচাৰীক ৷ ঘটনাৰ বিৱৰণী অনুসৰি, কৃষ্ণ কলিতা আৰু মুন যাদৱ নামৰ দুই যুৱকে চাৰিচকীয়াৰে বাহন এখন লৈ গড়চুক অভিমুখে গৈ থকা সময়তে কোনো কাৰণবশত আদবাটত ৰৈ বিজয় চৌধুৰী আৰু অজয় চৌধুৰী নামৰ দুজন পথচাৰীৰ স'তে মাৰপিটত লিপ্ত হয় । উপৰ্যুপৰি শিলেৰে ইজনে আনজনক আক্ৰমণ কৰাৰ ফলত চাৰিজন যুৱক কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয়।
পৰৱৰ্তী সময়ত, ঘটনাস্থলীত গড়চুক আৰক্ষী উপস্থিত হৈ চাৰিওজনকে আটক কৰে। ইফালে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ পাছ ব্যৱহাৰ কৰি গুৱাহাটীৰ ৰাজপথত তহল দিছিল কৃষ্ণ কলিতা আৰু মুন যাদৱে । সম্প্ৰতি গড়চুক আৰক্ষীয়ে যুৱক কেইজনৰ AS 01 HC 1575 নম্বৰৰ চাৰিচকীয়া বাহনখন জব্দ কৰিছে ।
লগতে পঢ়কঃ সোণাপুৰস্থিত জিলা চিকিৎসালয়ৰ পৰিস্থিতিৰ বুজ ল'লে পিযূষ হাজৰিকাই