নিউজ ,২৩ নৱেম্বৰ: অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আজি প্ৰথম মৃত্যু বাৰ্ষিকী(first death anniversary of Tarun Gogoi) । ২০২০ বৰ্ষৰ আজিৰ দিনটোতেই মহাপ্ৰয়াণ ঘটিছিল অসমৰ ৰাজনীতিৰ মহীৰূহ স্বৰূপ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ (Senior Politician Tarun Gogoi passed away) ৰ । তিনিটা কাৰ্যকাল অৰ্থাৎ ১৫ টা বছৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰা তৰুণ গগৈক আজি প্ৰথম মৃত্যু বাৰ্ষিকী(first death anniversary of Tarun Gogoi)ত ৰাজ্যবাসীয়ে শ্ৰদ্ধাৰে স্মৰণ কৰে ।
ৰাজনীতিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা চলিত বৰ্ষত তেওঁক মৰণোত্তৰভাৱে ভাৰতবৰ্ষৰ তৃতীয় সৰ্বোচ্চ অসমাৰিক সন্মান 'পদ্মভূষণ' বঁটাৰে সন্মানিত কৰা হৈছিল । তেওঁৰ পত্নী ডলী গগৈয়ে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা স্বামীৰ হৈ এই সন্মান গ্ৰহণ কৰিছিল । বিগত বৰ্ষৰ ২৩ নৱেম্বৰত অসমৰ প্ৰিয় নেতা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মহাপ্ৰয়াণৰ পিছতেই শোকস্তব্ধ হৈ পৰিছিল ৰাজ্যবাসী ।
প্ৰিয় নেতাগৰাকীক শেষ বাৰৰ বাবে চোৱাৰ হেঁপাহেৰে বহু লোকে বহু বাট কুৰি বাই আহিছিল গুৱাহাটীলৈ ।
২৩ নৱেম্বৰত মৃত্যু হ’লেও ২৬ নৱেম্বৰতহে তেওঁৰ শেষকৃত সম্পন্ন কৰা হৈছিল । পিতৃৰ শেষ ইচ্ছা অনুসৰি পুত্ৰ গৌৰৱ গগৈয়ে ৰাজ্যজুৰি তৰুণ গগৈৰ চিতাভষ্ম বিসৰ্জনৰ ব্যৱস্থা কৰিছিল । সেই উদ্দেশ্যেই ২০২০ ৰ ৯ ডিচেম্বৰৰ পৰা আৰম্ভণি কৰিছিল শান্তি সদ্ভাৱনা যাত্ৰাৰ ।
আজি তেওঁৰ প্ৰথম মৃত্যু বাৰ্ষিকীত ৰাজ্যজুৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয় । বিশেষকৈ কংগ্ৰেছৰ উদ্যোগত ৰাজ্যজুৰি শ্ৰদ্ধঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় । গুৱাহাটী ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হয় । ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ ৰিপুন বৰা, সংসদ গৌৰৱ গগৈ, বিৰোধী দলপতি দেবব্ৰত শইকীয়াকে ধৰি দলৰ নেতাসকলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্মৃতিচাৰণ কৰে ।
ইফালে তিতাবৰৰ ৰঙাজানত জন্মগ্ৰহণ কৰা এই প্ৰবাদপ্ৰতিম ৰাজনীতিবিদ গৰাকীৰ বাসগৃহত পুৱাৰে পৰা ৰাজহুৱা নাম-প্ৰসংগ আৰু সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ আনহাতে, বৰপেটা জিলা কংগ্ৰেছৰ কাৰ্যালয়, নগাঁৱত নগাঁও জিলা NSUI আৰু জিলা যুৱ কংগ্ৰেছৰ কৰ্মী সকলৰ উদ্যোগতো অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জননেতা পদ্মভূষণ তৰুণ গগৈ (Padma Bhushan Tarun Gogai)ৰ প্ৰথম মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয় ৷
অসম তথা ভাৰতবৰ্ষৰে কিংবদন্তী এইগৰাকী ৰাজনৈতিক নেতাৰ অনুপস্থিতি অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে বৃহৎ ক্ষতি ৷ সমগ্ৰ ৰাজ্যবাসীয়ে আজি সোঁৱৰিছে এইগৰাকী মহান ৰাজনীতিবিদক ৷
লগতে পঢ়ক: আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰথম মৃত্যু বাৰ্ষিকী