ETV Bharat / state

Flood in Rangia: আপোন ঘৰখন বিচাৰি হাহাকাৰ এটি কণমানিৰ

author img

By

Published : Jul 2, 2022, 2:01 PM IST

কৰুণ তথা হৃদয়বিদাৰক ৷ ৰঙিয়াত কিছুদিন পূৰ্বে অহা বলিয়া বানে উটুৱাই নিছে ৰঙিয়াৰ বালাগাঁৱৰ ৰমিলা দাসৰ সপোনৰ ঘৰখন (Flood in Rangia)। বানত সম্পূৰ্ণৰূপে ভাঙি যোৱা মৰমৰ ঘৰখনৰ ভগ্নাৱশেষৰ মাজত সামগ্ৰী বিচাৰি ফুৰিছে ৰমিলা দাসৰ লগতে তেওঁৰ পুত্ৰই (Floods have washed away the dream homes ) ।

flood in rangiya
Flood in Rangiya: আপোন ঘৰখন বিচাৰি হাহাকাৰ এটি কণমানিৰ

ৰঙিয়া, 2 জুন: হৃদয়বিদাৰক ৷ ৰঙিয়াত কিছুদিন পূৰ্বে অহা বলিয়া বানে উটুৱাই নিছে বহুতৰে সপোনৰ ঘৰখন (Floods have washed away the dream homes )। তেনে এগৰাকী ভুক্তভোগী হৈছে ৰঙিয়াৰ বালাগাঁৱৰ ৰমিলা দাস । পানী অলপ শুকাইছে যদিও বৰ্তমানেও ৰমিলা দাসৰ পৰিয়ালটো উভতি যাব পৰা নাই মৰমৰ ঘৰখনলৈ ।

কাৰণ হঠাতে অহা পানীৰ ঢলে ঘৰৰ আচবাব সমন্বিতে সম্পূৰ্ণ ঘৰটোৱে উটুৱাই লৈ গৈছে দুৰ্ভগীয়া পৰিয়ালটোৰ । বানত সম্পূৰ্ণৰূপে ভাঙি যোৱা মৰমৰ ঘৰখনৰ ভগ্নাৱশেষৰ মাজত সামগ্ৰী বিচাৰি ফুৰিছে ৰমিলা দাসৰ লগতে তেওঁৰ পুত্ৰই ।

১৫ দিন পূৰ্বে হোৱা প্ৰলয়ংকাৰী বানৰ পিছত ভাঙি যোৱা ঘৰখনলৈ আহি শোকত ভাগি পৰিছে ৰমিলা দাস নামৰ এই মহিলাগৰাকী । দুবছৰ পূৰ্বে হোৱা বানতো এই দুৰ্ভগীয়া পৰিয়ালটোৰ ঘৰ সম্পূৰ্ণৰূপে ভাগিছিল । পিছত কিছু ঋণ আৰু সূদত ধনলৈ দৰিদ্ৰ পৰিয়ালটোৱে কোনোমতে ঘৰ এটা সাজিছিল ।

কিন্তু এইবাৰৰ বানেও ঘৰটো ভাঙি নিঃশেষ কৰাত পুনৰ ঘৰ বনাবলৈ সামৰ্থ নোহোৱা হৈছে বানপীড়িত এই পৰিয়ালটোৰ । বানৰ পিছত এতিয়া চাৰিজনীয়া পৰিয়ালটোৱে আশ্ৰয় লৈছে বেলেগৰ ঘৰত। একমাত্ৰ আশ্ৰয়স্থল মৰমৰ ঘৰখন হেৰুৱাই এতিয়া দুয়োটা সন্তানক লৈ কেনেদৰে জীৱন নিৰ্বাহ কৰিব সেইয়া ভাবি দিন অতিবাহিত কৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে।

লগতে পঢ়ক: ডিব্ৰুগড়ৰ খোৱাঙত বানৰ বিভীষিকা: ফেনে ফুটুকাৰে বাঢ়িছে বুঢ়ীদিহিঙৰ পানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.