ETV Bharat / state

Flood in Assam: ৰাজ্যত বানৰ কবলত লক্ষাধিক লোক; পৰিস্থিতি ভয়ংকৰ হোৱাৰ আশংকা

ৰাজ্যত ক্ৰমাৎ জটিলৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে ৷ সম্প্ৰতি ৰাজ্যৰ প্ৰায় 1 হাজাৰখন গাঁও পৰিছে বানৰ কবলত ৷

author img

By

Published : Jun 21, 2023, 10:43 PM IST

Flood in Assam
Flood in Assam

গুৱাহাটী, 21 জুন: ৰাজ্যৰ বান পৰিস্থিতি বুধবাৰৰ দিনটোতো অপৰিৱৰ্তিত হৈ আছ ৷ 20খন জিলাৰ 780খন ৰাজহ গাঁৱৰ 1,19,830 জন লোক চলিত বানৰ কৱলত পৰিছে ৷ বানৰ ফলত 5842.78 হেক্টৰ কৃষিভূমি নষ্ট হৈছে ৷ বুধবাৰে সন্ধিয়া ৰাজ্যিক দুৰ্যোগ প্ৰশমন কর্তৃপক্ষই প্ৰকাশ কৰিছে এই তথ্য ৷

বানত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে মুঠ ২৫ টা সাহায্য শিবিৰ মুকলি কৰা হৈছে ৷ ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে প্ৰকাশ কৰা অনুসৰি মাত্ৰ ভূটানৰ কুৰিশু বান্ধে পানী এৰাৰ বাবেই নহয়, ভূটান আৰু অসমৰ উজনি অৱবাহিকা অঞ্চলত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ বাবেও নামনি অসমৰ বিভিন্ন ঠাইত বান হৈছে ৷

ভূটান চৰকাৰে বুধবাৰে প্ৰকাশ কৰা বতৰৰ আগজাননী অনুসৰি দুৰ্যোগ প্ৰশমন কৰ্তৃপক্ষই কয় যে অহা 2-3 দিনত ভূটানৰ বিভিন্ন ঠাইত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷ তেনে পৰিস্থিতিত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ পানী বাঢ়িব পাৰে৷ যদি সেয়াই হয়, তেন্তে নামনি অসমৰ বান জটিল হৈ পৰাৰ আশংকা আছে৷ এনে পৰিস্থিতিত দুৰ্যোগ প্ৰশমন কর্তৃপক্ষই নৈপৰীয়া ৰাইজক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে ৷

উল্লেখ্য যে বৰপেটা ৰোডৰ বেকী আৰু ৰঙিয়াৰ পুঠিমাৰী নৈ বুধবাৰে বিপদসীমাৰ ওপৰেৰে বৈ আছে বুলি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰিছে ৷ নদী দুখনৰ কাষৰীয়া গাঁওসমূহত প্ৰশাসনে সতর্কতা অৱলম্বন কৰিছে ৷ লক্ষণীয় যে দৰং আৰু কোকৰাঝাৰৰ 8 খন দলঙৰ বিস্তৰ ক্ষতি হোৱাত ৰাইজৰ যাতায়াতৰ অসুবিধা হৈছে ৷

ইফালে, ভূটানৰ বান্ধৰ অতিৰিক্ত পানী বৰপেটা, বাক্সা, চিৰাং জিলালৈ বৈ অহাত আতংকৰ সৃষ্টি হৈছে ৷ যোৱা বছৰো ভূটানৰ অতিৰিক্ত পানীয়ে বহু গাঁৱৰ ক্ষতিসাধন কৰিছিল ৷ বানত প্ৰভাৱিত হৈছে এক লাখৰো অধিক পশুধন আৰু হাঁহ-কুকুৰা ৷

ইফালে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই মঙলবাৰে বতৰৰ আগজাননী আৰু সতর্কতা জাৰি কৰা মতে অহা 24 ঘণ্টাত অসমৰ জিলাসমূহৰ প্ৰায় সকলো ঠাইতে বিজুলী ঢেৰেকনিসহ পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে দুই এঠাইত বজ্ৰপাতৰ লগতে ঠাই বিশেষে প্ৰৱলৰ পৰা অতি প্ৰৱল তথা দুই এঠাইত অত্যন্ত প্ৰৱল বৰষুণৰ সম্ভাৱনা আছে |

যোৱা 24 ঘণ্টাত সৰ্বোচ্চ তাপমাত্ৰা স্বাভাৱিকতকৈ ৩ ডিগ্ৰী চেলছিয়াছৰ পৰা 5 ডিগ্ৰী চেলছিয়াছৰ কম আছিল ৷ ৰাজ্যখনৰ বুধবাৰে সৰ্বাধিক সৰ্বোচ্চ তাপমাত্ৰা লামডিংত 33 ডিগ্ৰী চেছিয়াছ ৰেকৰ্ড কৰা হৈছিল ৷

লগতে পঢ়ক: Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণ ফলত কোন কোন মন্ত্ৰী-বিধায়ক হ’ব সমষ্টিবিহীন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.