গুৱাহাটী, 22 জুলাই: বিগত দুদিনৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ বানৰ সৃষ্টি হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৷ ৰাজ্যৰ পৰিস্থিতি অধিক অৱনতি হোৱাৰ আশংকা প্ৰকট ভিন্নজনৰ ৷ ইতিমধ্যে বিধ্বংসী বানৰ ফলত ৰাজ্যৰ ২৫ খন জিলাৰ ৭০ টাকৈ ৰাজহ চক্ৰৰ ২,৪০৯ খন গাঁৱৰ, প্ৰায় ২৪,৫৮,০৫২ গৰাকী লোক প্ৰভাৱিত হৈছে ৷ ব্ৰহ্মপুত্ৰ নদীকে ধৰি ৰাজ্যৰ ভিন্ন নৈ-উপনৈ সমূহৰ জলস্তৰ বৃদ্ধি পোৱাত লক্ষাধিক লোকৰ ঘৰ-দুৱাৰকে ধৰি খেতিপথাৰ বুৰ গৈছে বানত ৷ যাৰ ফলত সকলো এৰি সম্প্ৰতি আন স্থানলৈ যাবলৈ বাধ্য হৈ পৰিছে বানাক্ৰান্ত ৰাইজ ৷
ধেমাজি,লখিমপুৰ,বিশ্বনাথ,নলবাৰী,বাক্সা,বঙাইগাঁও,গোৱালপাৰা,দৰং আদি জিলাত সংহাৰী ৰূপ ধাৰণ কৰিছে শেহতীয়া বান পৰিস্থিতিয়ে ৷ ৰাজ্যৰ ১,১০,৩২৩.৫৪ হেক্টৰ কৃষিভূমি সম্প্ৰতি বানৰ কবলত ৷ আনহাতে সংহাৰী বানৰ ফলত ৰাজ্যজুৰি মৃত্যুক সাৱটি লোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে মুঠ 88 গৰাকীলৈ ৷ ৰাজ্যৰ ভিন্ন ভিতৰুৱা অঞ্চলত বানাক্ৰান্তক উদ্ধাৰৰ বাবে অভিযান অব্যহত ৰাখিছে এন ডি আৰ এফ আৰু এছ ডি আৰ এফ বাহিনীৰ লোকে ৷ আনহাতে বহু অঞ্চলত এতিয়াও বানাক্ৰান্ত লোকে পোৱা কোনো সাহায্য বা উচিত ব্যৱস্থাপনা ৷ এই সংহাৰী বানৰ কবলত কেৱল মানৱ জীৱনেই সংকটৰ সন্মুখীন হোৱা নাই ৷ সংকটৰ সন্মুখীন হৈছে পোহনীয়া জীৱ-জন্তুৰ লগতে বন্যপ্ৰাণী সমূহো ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে পবিতৰা আৰু লাওখোৱা অভয়াৰণ্যৰ বিস্তীৰ্ণ এলেকা এতিয়া বানৰ কবলত ৷ যাৰ বাব নিৰাপদ আশ্ৰয়স্থলৰ সন্ধানত সম্প্ৰতি কাজিৰঙাৰ বন্যপ্ৰাণী সমূহে কাৰ্বি পাহাৰলৈ ঢাপলি মেলাৰ লগতে,পবিতৰা,লাওখোৱা আদি অভয়াৰণ্যৰ বন্যপ্ৰাণী সমূহে প্ৰাণ ৰক্ষাৰ চেষ্টা কৰি ঢাপলি মেলিছে কাষৰীয়া অঞ্চলসমূহলৈ ৷
লগতে পঢ়ক: যোৰহাটত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি 55 বছৰীয়া ব্যক্তিৰ মৃত্যু