ETV Bharat / state

Assam flood 2023: বানত ক্ষতিগ্ৰস্ত ৰাজ্যৰ 18 জিলাৰ 34 হাজাৰৰো অধিক লোক

author img

By

Published : Jun 19, 2023, 9:11 PM IST

অধিক জটিল হৈ পৰিছে ৰাজ্যৰ বান পৰিস্থিতি ৷ অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া তথ্য অনুসৰি ১৮ খন জিলা প্লাৱিত হৈছে বছৰৰ প্ৰথমটো বানত ৷

Assam Flood 2023
Flood situation in Assam

গুৱাহাটী, 19 জুন: ৰাজ্যজুৰি হৈ থকা ধাৰাষাৰ বৃষ্টিপাতৰ ফলত ক্ৰমাৎ বৃদ্ধি পাইছে বানাক্ৰান্ত জিলাৰ সংখ্যা । বৰ্তমানলৈকে ৰাজ্যত বানত প্লাৱিত জিলাৰ সংখ্যা বৃদ্ধি পাইছে ১৮ খনলৈ । বানৰ সমান্তৰালভাৱে গুৱাহাটী, শিলচৰ আৰু নলবাৰী চহৰত কৃত্ৰিম বানৰ প্রকোপ অব্যাহত আছে । নিমাতীঘাটত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদসীমাৰ তললৈ নামিছে যদিও কামপুৰত কপিলী নৈ সোমবাৰে বিপদসীমাৰ ওপৰেৰে বৈ আছে । মৌচুমী সক্ৰিয় হৈ থকাৰ বাবে অহা কেইদিনমানলৈ ৰাজ্যত বৰষুণ অব্যাহত থাকিব। ফলত বান পৰিস্থিতি অধিক জটিল হৈ পৰাৰ সম্ভাৱনা আছে ।

অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সোমবাৰে সন্ধিয়া প্ৰকাশ কৰা তথ্য অনুসৰি সম্প্ৰতি বিশ্বনাথ, কাছাৰ, দৰং, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, হোজাই, লখিমপুৰ, নগাঁও, কোকৰাঝাৰ , নলবাৰী, শোণিতপুৰ, তিনিচুকীয়া আৰু ওদালগুৰি জিলাৰ ৪৪৪ খন গাঁও বানৰ কৱলত আছে । বানত ৩৪ হাজাৰো অধিক লোক প্ৰভাৱিত হোৱাৰ লগতে ৪,৭৪১ হেক্টৰ কৃষিভূমি বানত বুৰ গৈ আছে । আশ্রয় শিবিৰত সম্প্রতি 900 জন বন্যার্তই আশ্ৰয় লৈ আছে ।

বানত প্ৰভাৱিত হৈছে কুৰি হাজাৰৰো অধিক পশুধন আৰু হাঁহ-কুকুৰা । পোহনীয়া জীৱ-জন্তুৰ সৈতে মথাউৰিতে সহাৱস্থান কৰিব লগা হৈছে বানপীড়িত ৰাইজে । ডিব্ৰুগড়ত আজি এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দলে জলবন্দী অৱস্থাৰপৰা সাতজন লোকক উদ্ধাৰ কৰে । আনহাতে, লখিমপুৰ আৰু বিশ্বনাথত মুঠ চাৰিটা চিকিৎসা সেৱাৰ দল নিয়োজিত কৰা হৈছে । ইপিনে, বিশ্বনাথৰ সোলেঙী নৈ আৰু চেঁচা নৈৰ তিনিটা স্থানত খহনীয়া সৃষ্টি হোৱাৰ লগতে লখিমপুৰ, নাওবৈচাত পাভ নৈৰ বান্ধ খহনীয়াৰ কৱলত পৰিছে ।

লগতে পঢ়ক: Flood in Assam : শাকতোলা মঠাউৰি ছিগি যোৱাৰ আশংকাত ত্ৰস্তমান দৰংবাসী

যোৱা ২৪ ঘণ্টাত কাছাৰ, ধেমাজি, গোৱালপাৰা, লখিমপুৰ, নগাঁও, তামুলপুৰ আৰু ওদালগুৰি জিলাত বাঢ়নী পানীয়ে কেইবাটাও পথৰ ক্ষতি সাধন কৰিছে। নেৰানেপেৰা বৰষুণ আৰু বানে শোণিতপুৰ, বিশ্বনাথ, চিৰাং, ডিব্ৰুগড়, গোৱালপাৰা, কামৰূপ, কাৰ্বি আংলং, কৰিমগঞ্জ, লখিমপুৰ আৰু ওদালগুৰিত বিদ্যালয়, বাঁহৰ দলং, কালভার্ট, অংগনৱাড়ী কেন্দ্র, জলসিঞ্চন প্রকল্প, ফিচাৰী-পুখুৰী আদিৰ বিস্তৰ ক্ষতি সাধন কৰিছে । ইপিনে, বিশ্বনাথত ব্রহ্মপুত্র, ডিব্ৰুগড়ত বুঢ়ীদিহিং, লখিমপুৰত পাভ নৈ, মৰিগাঁৱত ব্ৰহ্মপুত্ৰ, শিৱসাগৰত দিখৌ, শোণিতপুৰত গাভৰু নৈ, দক্ষিণ শালমাৰাত ব্ৰহ্মপুত্ৰই খহনীয়াৰ সৃষ্টি কৰিছে ।

আনহাতে, কৰিমগঞ্জ জিলাৰ বদৰপুৰ চহৰত আজি পুৱা এটা ভূমিস্খলনৰ ঘটনা সংঘটিত হয় । বান, খহনীয়া আৰু ভূমিস্খলনৰ উপৰি নেৰানেপেৰা বৰষুণৰ ফলত নলবাৰী চহৰ, শিলচৰৰ লগতে গুৱাহাটীৰ কেইবাটাও অঞ্চল আজিও কৃত্রিম বানৰ কৱলত আছে । ইপিনে কেন্দ্রীয় জল আয়োগে আজি বিয়লি প্রকাশ কৰা তথ্য অনুসৰি লখিমপুৰৰ বদতিঘাটত সোৱণশিৰি, বৰপেটাৰ বেকী ৰোড ব্ৰীজত বেকী, ডিব্ৰুগড়ত ব্রহ্মপুত্র, শোণিতপুৰৰ এন টি ৰোড ক্ৰ'ছিঙত জীয়া ভৰলী আৰু ধুবুৰীৰ গোলোকগঞ্জত সোণকোষ নৈৰ জলস্তৰ সামান্য হ্রাস পাইছে ।

আটাইকেইখন নৈৰ জলস্তৰ বিপদসীমাৰ তলত আছে যদিও সতর্কতামূলক সীমাৰ ওপৰেৰে বৈ আছে । ইপিনে, বংগোপ সাগৰৰপৰা নিম্নস্তৰত বলি থকা শক্তিশালী দক্ষিণ/ দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত জলীয় বাষ্পৰ অনুপ্ৰৱেশ অব্যাহত থকাৰ ফলত ৰাজ্যজুৰি বৰষুণ অব্যাহত আছে । যোৱা ২৪ ঘণ্টাত নামনি অসম আৰু বৰাকৰ কেইবাখনো জিলাত মুষলধাৰ বৰষুণ হয় । কোকৰাঝাৰত ২১ চেঃমিঃ, গোসাঁইগাঁৱত ১৯ চেঃমিঃ, বৰপেটাত ১০ চেঃমিঃ, কৰিমগঞ্জত ৯ চেঃমিঃ, বিলাসীপাৰাত ৮ চেঃমিঃ, নলবাৰী, তামুলপুৰ, হাইলাকান্দি আৰু শিলচৰত ৭ চেঃমিঃকৈ বৰষুণ হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.