ETV Bharat / state

Sarbanada Sonowal on Traditional Medicine: বিশ্বজুৰি আয়ুষৰ বজাৰ ২২ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে, সোণোৱাল

author img

By

Published : Mar 2, 2023, 7:31 AM IST

বৃহস্পতিবাৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ'ব পৰম্পৰাগত ঔষধ সম্পৰ্কীয় প্ৰথমখন বি২বি আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু এক্সপ' (First B2B International Conference and Expo) । কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাইলৈ গুৱাহাটীত ছাংহাই সহযোগ সংগঠন (এছ চি অ') ৰ অধীনত অনুষ্ঠিত হ'বলগীয়া পৰম্পৰাগত ঔষধ সম্পৰ্কীয় প্ৰথমখন বি২বি আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু এক্সপ'ৰ শুভ উদ্বোধন কৰিব (First global traditional medicine conference in Guwahati) ।

First B2B International Conference
সৰ্বানন্দ সোণোৱাল

গুৱাহাটী, 2 মাৰ্চ: বৃহস্পতিবাৰৰ পৰা চাৰিদিনীয়াকৈ গুৱাহাটীত অনুষ্ঠিত হ'ব পৰম্পৰাগত ঔষধ সম্পৰ্কীয় প্ৰথমখন বি২বি আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু এক্সপ’ (First global traditional medicine conference in Guwahati) ৷ আন্তঃৰাষ্ট্ৰীয় সন্মিলনখনত ১৭ খন দেশৰ পৰা অহা প্ৰায় ১৫০ গৰাকী প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে । আন্তঃৰাষ্ট্ৰীয় এই সন্মিলনখনৰ লগত সংগতি ৰাখি বুধবাৰে গুৱাহাটীত আয়োজন কৰা হয় এখন সংবাদমেল ৷

সংবাদমেলত ভাগ লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতে সমগ্ৰ বিশ্বতে পৰম্পৰাগত ঔষধৰ শক্তিশালী পুনৰুজ্জীৱিতকৰণত মনোনিৱেশ কৰিছে । বিশ্বৰ এক উল্লেখযোগ্য আন্তঃচৰকাৰী সংস্থা ছাংহাই সহযোগ সংগঠন ( Shanghai Cooperation Organisation)ৰ সভাপতিত্বৰ দায়িত্ব এই বছৰত লাভ কৰিছে ভাৰতবৰ্ষই । মোদীৰ সবল নেতৃত্বত আমি গুৱাহাটীত পৰম্পৰাগত ঔষধ সম্পৰ্কীয় এছ চি অ'ৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু এক্সপ' আয়োজন কৰাৰ সুযোগ লাভ কৰিছোঁ "।

First B2B International Conference
সৰ্বানন্দ সোণোৱাল

লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কলে, "ৰোগীৰ যত্ন আৰু নিদানিক উৎকৰ্ষতাৰ লগতে আয়ুষ খণ্ডৰ সৈতে জড়িত সকলোৰে বাবে এয়া এক অনন্য সুযোগ, কিয়নো এছ চি অ'ৰ ১৭ খন দেশৰ বিশেষজ্ঞসকলে মানৱ জীৱনৰ মান সমৃদ্ধকৰণৰ বাবে পৰম্পৰাগত ঔষধৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰিবলৈ ইয়াত একত্ৰিত হৈছে" ৷

উল্লেখ্য যে, পৰম্পৰাগত ঔষধৰ প্ৰস্তুতকৰণ, পুষ্টিকৰ খাদ্য সামগ্ৰী, নিষ্কাশিত বনৌষধি আৰু সেৱা খণ্ডক সামৰি লোৱা এই বিস্তৃত এক্সপ'ত সমগ্ৰ ভাৰতৰ পৰম্পৰাগত ঔষধৰ প্ৰস্তুতকর্তা/ৰপ্তানিকৰ্তা আৰু আয়ুৰ্বেদিক চিকিৎসালয়/ক্লিনিকেল সেৱাৰ সৈতে জড়িত অভিজ্ঞ ব্যক্তিসকলৰ সৈতে মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হ'ব । তদুপৰি, SCO আৰু অংশীদাৰ দেশসমূহৰ প্ৰতিনিধি দলৰ সৈতে সংগঠিত B2Bৰ সুবিধা, আয়ুৰ্বেদিক সৌন্দৰ্য আৰু সুস্থতা সামগ্ৰীৰ অন্বেষণ, স্বীকৃতিপ্ৰাপ্ত আয়ুষ চিকিৎসকৰ দ্বাৰা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা, ৰাজহুৱা বক্তৃতাৰ জৰিয়তে পৰম্পৰাগত ঔষধৰ বিষয়ে নজনা বহু কথা জনাৰ সুযোগ, পোনপটীয়া যোগ অধিৱেশনৰ জৰিয়তে স্বাস্থ্যকৰ জীৱন যাপনৰ অভিজ্ঞতা জনসাধাৰণে লাভ কৰিব পাৰিব এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনখনত ।

কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে কয়, " মানৱ জীৱনৰ মান উন্নত কৰাৰ বাবে সমগ্ৰ বিশ্বতে ভাৰতৰ পৰম্পৰাগত ঔষধ প্ৰণালীক পুনৰুজ্জীৱিত কৰাৰ অহৰহ প্ৰচেষ্টা চলি আছে । ইতিমধ্যে আয়ুষ সামগ্ৰীয়ে বিশ্বজুৰি ২২ বিলিয়ন ডলাৰ পৰ্যন্ত বজাৰ দখল কৰিছে" ৷ কাইলৈ উদ্বোধনী অধিৱেশনত কেন্দ্ৰীয় আয়ুষ আৰু মহিলা আৰু শিশু বিকাশ ৰাজ্যিক মন্ত্ৰী ডাঃ মহেন্দ্ৰভাই মুঞ্জপাৰাৰ উপৰি ম্যানমাৰ চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী ডাঃ থেট খাইং ৱিন, মালদ্বীপ চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী ছাফিয়া মহম্মদ ছৈইদ প্ৰমুখ্যে উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকিব ।

লগতে পঢ়ক : Mission Flood free Guwahati: আকাশ মাৰ্গৰে মহানগৰীৰ নৈ-জলাশয় পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.