ETV Bharat / state

GMC election 2022 : অগপৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ

author img

By

Published : Mar 29, 2022, 5:46 PM IST

অহা ১৯ এপ্ৰিলত অনুষ্ঠিত হ'ব গুৱাহাটী পৌৰ নিগম নিৰ্বাচন (GMC election 2022)। ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা । বিজেপি, কংগ্ৰেছৰ পাছত এইবাৰ অগপ দলেও প্ৰকাশ কৰিলে প্ৰাৰ্থী তালিকা । ৬০ টা ৱাৰ্ডৰ মাত্ৰ ৭ টাতহে অগপ দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব ।

GMC election 2022
অগপৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ

গুৱাহাটী, ২৯ মাৰ্চ : বিজেপিৰ সৈতে মিত্ৰতা কৰি একপ্ৰকাৰ অস্তিত্বৰ সংকটত পৰিছে অসম গণ পৰিষদ । আগন্তুক গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত মাত্ৰ ৭ টা ৱাৰ্ডহে বিজেপিয়ে এৰি দিলে মিত্ৰজোঁটৰ অগপক । গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত (GMC election 2022) মুঠ ৬০ টা ৱাৰ্ডৰ ভিতৰত মাত্ৰ ৭ টা ৱাৰ্ডত প্ৰতিদ্বন্দিতা আগবঢ়াব অসম গণ পৰিষদে । এই বিষয়টোৱে সম্প্ৰতি অসমৰ ৰাজনীতিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

GMC election 2022
অগপৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ

মঙলবাৰে অগপ দলে প্ৰকাশ কৰিছে গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ (First candidate list of AGP for GMC election) প্ৰথমখন প্ৰাৰ্থীৰ তালিকা । প্ৰথমখন তালিকাত পশ্চিম গুৱাহাটী সমষ্টিৰ ১, ১০, ১২, ১৩, ২৪ নম্বৰ ৱাৰ্ডৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । প্ৰাৰ্থীকেইগৰাকী ক্ৰমে ৰঞ্জন পাটোৱাৰী, কল্পনা দাস, দিপাংকৰ বৈশ্য, পূৰবী তালুকদাৰ আৰু বিজু মেধী ।

লগতে পঢ়ক :GMC election 2022: গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত সাতজন নিৰীক্ষকক নিয়োগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.