গুৱাহাটী, 5 ফেব্ৰুৱাৰীঃ মহানগৰীৰ জালুকবাৰীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় বুলি সন্দেহ প্ৰকাশ । এই বিধ্বংসী অগ্নিকাণ্ডত প্ৰায় ৭টাকৈ প্লাষ্টিকৰ সামগ্ৰী মজুত ৰখা গুদাম ভস্মীভূত হয়। জুইৰ লেলিহান শিখাই নিমিষতে চাৰখাৰ কৰি পেলাই গুদামকেইটাৰ সামগ্ৰীসমূহ। প্ৰায় ৪০ লাখ টকাৰ সামগ্ৰীৰ ক্ষয় ক্ষতি হোৱা বুলি জানিব পৰা গৈছে।
ইফালে নাজিৱ আলী নামৰ লোক এজনৰ ভাড়া গুদামত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। ৫খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰে নিৰ্বাপন কৰা হয় জুই। এই অগ্নিকাণ্ডৰ ফলত আতংকময় পৰিৱেশৰ সৃষ্টি হয় সমগ্ৰ জালুকবাৰী অঞ্চলটোত।