ETV Bharat / state

FIR against NHAI : মৰণফান্দত পৰিণত ৰাষ্ট্ৰীয় ঘাইপথ; গুৰুত্ব নাই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ - accident in NH s of Assam

নিয়মীয়াকৈ টোল কৰ সংগ্ৰহ কৰাৰ পিছতো ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি নকৰাৰ ফলত বৃদ্ধি পোৱা দুৰ্ঘটনাক লৈ ক্ষুণ্ণ ব্যৱসায়ীৰ এহাজাৰ দাখিল । গুৱাহাটীৰ ব্যৱসায়ী ইছমাইলুৰ ৰহমানে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে নেলী থানাত দাখিল কৰিলে এজাহাৰ । ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত থকা গাঁতৰ বাবেই তেওঁৰ বিলাসী বাহনৰ দুটাকৈ চকাৰ ফুটি যায় । ঘটনাত সৌভাগ্যবশতঃ প্ৰাণ ৰক্ষা গাড়ীখনত থকা যাত্ৰীৰ । যাতায়াত ব্যৱস্থা সুচল কৰাৰ বিপৰীতে টোল কৰ সংগ্ৰহত গুৰুত্ব কেন্দ্ৰৰ ।

very poor condition of NHs of assam
মৰণফান্দত পৰিণত ৰাষ্ট্ৰীয় ঘাইপথ
author img

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 2:18 PM IST

গুৱাহাটী, 27 আগষ্ট: ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ চমুকৈ NHAI ৰ বিৰুদ্ধে এইবাৰ দাখিল হ’ল এজাহাৰ । উল্লেখ্য যে, দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ অৱস্থা অতি শোচনীয় হৈ পৰাৰ পৰিপ্ৰেক্ষিতত যাতায়াত ব্যৱস্থা অসহনীয় তথা বিপদজনক হৈ পৰিছে । ৰাইজে NHAI ৰ বিৰুদ্ধে ক্ষোভ উজাৰি অহাৰ সময়তে শেহতীয়াকৈ এজন লোকে নেলী থানাত দাখিল কৰিছে এজাহাৰ ।

নিয়মীয়াকৈ টোলকৰ সংগ্ৰহৰ পিছতো ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি নকৰাৰ ফলত বৃদ্ধি পোৱা দুৰ্ঘটনাক লৈ ক্ষুণ্ণ হৈ গুৱাহাটীৰ ইছমাইলুৰ ৰহমান নামৰ ব্যৱসায়ী এজনে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে শেহতীয়াকৈ নেলী থানাত দাখিল কৰিছে এজাহাৰ । গুৱাহাটীৰ ইছমাইলুৰ ৰহমান নামৰ ব্যৱসায়ীজনে যোৱা মাহৰ শেষৰ ভাগত নেলী থানাত এজাহাৰ দাখিল কৰি NHAI ৰ বিৰুদ্ধে একপ্ৰকাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ।

very poor condition of NHs of assam
ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰাৱস্থা

ব্যৱসায়ী ৰহমানে ক’হিমাৰ পৰা গুৱাহাটী অভিমুখে আহি থাকোতে নেলী থানাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত থকা গাঁতৰ বাবে তেওঁৰ বিলাসী মাৰ্চিডিজৰ দুটা চকাৰ ফুটি যায় । এই ঘটনাত সৌভাগ্যবশতঃ প্ৰাণ ৰক্ষা পৰিছিল ৰহমান আৰু গাড়ীখনত থকা তেওঁৰ পুত্ৰ তথা দুই সতীৰ্থৰ । নিশা সংঘটিত এই ঘটনাৰ পিচত তেওঁ কোনোমতে গুৱাহাটীত উপস্থিত হ'বলৈ সক্ষম হয় ।

পিচদিনা তেওঁ গাড়ীখন মেৰামতি কৰিবলৈ যাওঁতে টায়াৰৰ দোকানীয়ে জানিবলৈ দিয়ে যে বিগত কেইটামান দিনত নেলীৰ উক্ত স্থানত টায়াৰ বিস্ফোৰণ ঘটা কেইবাখনো গাড়ী উক্ত প্রতিষ্ঠানটোলৈ আনি টায়াৰ সলনি কৰিবলগা হৈছে । এই কথা জানিব পাৰি ব্যৱসায়ী ৰহমানে ৰাষ্ট্ৰীয় ঘাইপথৰ এনে দুৰৱস্থাৰ বাবে NHAI ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নেলী থানাত এজাহাৰ দাখিল কৰে । নিয়মীয়াকৈ টোলকৰ আদায় কৰাৰ পিচতো NHAI য়ে ৰাষ্ট্ৰীয় ঘাইপথৰ গাঁত আদি মেৰামতি নকৰাৰ পৰিণতিত দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে ।

ব্যৱসায়ীজনে দিয়া এজাহাৰৰ ক্ষেত্রত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া অৱশ্যে পৰৱৰ্তী সময়ত হ’ব লক্ষণীয় বিষয় ।

very poor condition of NHs of assam
মৰণফান্দত পৰিণত ৰাষ্ট্ৰীয় ঘাইপথ

উল্লেখ্য যে, মেৰামতিৰ অভাৱত ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহ ক্ৰমাৎ অতি শোচনীয় হৈ পৰিছে । যাৰ ফলত যাতায়াত ব্যৱস্থা যথেষ্ট কষ্টকৰ হৈ পৰাৰ লগতে বিপদসংকুল হৈ পৰিছে । কিন্তু তৎস্বত্বেও চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষৰ কোনো কাণসাৰ নাই । ইয়াৰ বিপৰীতে ৰাজ্যবাসীৰ মূৰত মাধমাৰ শোধাই কেন্দ্ৰীয় চৰকাৰে অসমত টোলগেটৰ অধিক বোজা জাপি দিয়াতহে গুৰুত্ব দিছে ।

ইফালে, নিৰ্মাণ কাৰ্য চলি থকা প্ৰকল্পসমূহো ক্ৰমাৎ লেহেমীয়া হৈ পৰিছে । লক্ষণীয় বিষয় যে নুমলীগড়ৰ পৰা ডিব্ৰুগড়লৈ নিৰ্মাণ কৰি থকা ফ’ৰলেনযুক্ত পথছোৱাৰ নিৰ্মাণৰ কাম এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই । আনকি টোলগে'ট স্থাপন কৰিব খোজা দেৰগাঁও অঞ্চলতে ফ’ৰলেনৰ কাম আধৰুৱা হৈ আছে । ইফালে যোৰহাটৰ পৰা ডিমৌলৈ ৰাষ্ট্ৰীয় পথছোৱাত যাতায়াত কৰাটোৱেই এতিয়া যথেষ্ট কঠিন হৈ পৰিছে ।

একেদৰে কলিয়াবৰৰ ভোমোৰাগুৰি দলঙৰ দুয়ো দিশে নিৰ্মাণ কৰি থকা ফ’ৰলেন পথ নিৰ্মাণৰ কাম আৰু বিশ্বনাথ চাৰিআলি-গহপুৰৰ মাজৰ ফ’ৰলেনৰ কাম এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই । বিশেষকৈ বছৰ বছৰ ধৰি নিৰ্মাণ কাৰ্য চলাই থকা বিশ্বনাথ চাৰিআলি আৰু গহপুৰৰ মাজৰ পথছোৱাই জ্বলাকলা খুৱাইছে ৰাইজক । পথৰ দুৰৱস্থাৰ বাবেই দুৰ্ঘটনাৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে ।

ইফালে, যাতায়াত ব্যৱস্থা সুগম কৰাৰ বিপৰীতে চৰকাৰে টোলগেটৰ যোগেদি ৰাজহ সংগ্ৰহতহে জোৰ দি আহিছে । আনহাতে, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰী কৰ্তৃপক্ষৰ চূড়ান্ত অৱহেলা আৰু ফ’ৰলেন নিৰ্মাণৰ নামত চলা অভাৱনীয় লুণ্ঠনৰ বাবেই উজনি অসম ৰাজ্যৰ আন অংশৰ লগত পথ যোগাযোগ ব্যাহত হৈ পৰাৰ আশংকা প্রবল হৈ উঠিছে । প্ৰকল্পৰ লেহেম গতি আৰু মেৰামতিৰ অভাৱত ৰাষ্ট্ৰীয় ঘাইপথসমূহ বৰ্ত্তমান সময়ত মৰণফান্দত পৰিণত হৈছে ।

লগতে পঢ়ক: Explosion in cracker factory: অবৈধভাৱে স্থাপিত আতচবাজী কাৰখানাত বিস্ফোৰণ; প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ জনতাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.