ETV Bharat / state

Financial Grant to Adivashi Group: আদিবাসী উগ্ৰপন্থী সংগঠনৰ প্ৰাক্তন সদস্যক আৰ্থিক সাহায্য প্ৰদান

author img

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 8:52 PM IST

দেওবাৰে ৫ টাকৈ আদিবাসী উগ্ৰপন্থী সংগঠনৰ প্ৰাক্তন সদস্যক প্ৰদান কৰা হয় আৰ্থিক সাহায্য । মুখ্যমন্ত্ৰীৰ উপস্থিতিত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয় আৰ্থিক সাহায্য বিতৰণ অনুষ্ঠান ।

Financial Grant to Adivashi Group
আদিবাসী উগ্ৰপন্থী সংগঠনৰ প্ৰাক্তন সদস্যক আৰ্থিক সাহায্য প্ৰদান

গুৱাহাটী, 8 অক্টোবৰ: দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ল আৰ্থিক সাহায্য বিতৰণ অনুষ্ঠান ৷ ৫ টাকৈ আদিবাসী উগ্ৰপন্থী সংগঠনৰ প্ৰাক্তন সদস্যক প্ৰদান কৰা হয় আৰ্থিক সাহায্য ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ACMA, BCF, AANLA, APA আৰু STF ৰ প্ৰাক্তন সদস্যৰ মাজত বিতৰণ কৰা হয় আৰ্থিক সাহায্য । সংগঠনকেইটাৰ মুঠ ১,১৮১ গৰাকী সদস্যক ৪ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হয় । উক্ত অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ, DGP জি পি সিং আদিকে ধৰি বহুকেইগৰাকী ব্যক্তি ।

উক্ত অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘আদিবাসী শান্তি চুক্তিৰ আজি এটা উল্লেখযোগ্য দিন ৷ ভাৰত চৰকাৰ আৰু অসম চৰকাৰে আদিবাসী শান্তিচুক্তিত স্বাক্ষৰ কৰিছিল । আদিবাসী চুক্তি অনুসৰি যিসকল কেডাৰ ঘূৰি আহিব তেখেতসকলক পুনৰ সংস্থাপন দিয়া হ'ব । আজি ৰাজ্যৰ ৫ টা আদিবাসীৰ গোটৰ ১ হাজাৰ ১৮১ গৰাকীক আৰ্থিক সাহায্য প্ৰদান কৰিছোঁ । যাৰ জৰিয়তে কেডাৰসকলে জীৱনৰ এক নতুন অধ্যায় আজিৰে পৰা আৰম্ভ কৰিব পাৰিব ।’’

‘‘আজিৰ পৰা কেইমাহমান আগতে এই সদস্যসকলে তেওঁলোকৰ অস্ত্ৰ চৰকাৰক জমা দিছিল । আজি এই ১,১৮১ গৰাকী সদস্যক ৪ লাখ টকাৰ এখন ফিক্স ডিপজিত প্ৰদান কৰা হ'ব । সাধাৰণতে এই ফিক্স ডিপজিত তিনিবছৰৰ । কিন্তু যাতে সকলো সদস্যই তৎকালীনভাৱে নিজৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে তাৰ বাবে এটা ব্যৱস্থা গ্ৰহণ কৰা হৈছে । আজি দিয়া ফিক্স ডিপজিতখনৰ বিপৰীতে SBI ৰ পৰা এই সদস্যসকলে ৩ লাখ ২০ টকা ঋণ ল’ব পাৰিব । উক্ত টকাখিনি পুনৰ সংস্থাপনৰ বাবে গৃহ বিভাগৰ ফালৰ পৰা দিয়া হৈছে । ইয়াৰ উপৰিও সদস্যসকলে চৰকাৰৰ আন আন আঁচনিসমূহৰো সুবিধা গ্ৰহণ কৰিব পাৰিব ।’’ মুখ্যমন্ত্ৰীয়ে লগতে কয় ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয়, ‘‘আদিবাসী শান্তিচুক্তিখন স্বাক্ষৰ হোৱাৰ পাছত ৰাজ্যলৈ শান্তি ঘূৰি আহিছে । আন আন উগ্ৰপন্থীসকলৰ সৈতেও আমি আলাপ আলোচনা চলাই থকা হৈছে । আজিৰ দিনত ৰাজ্যৰ মাত্ৰ ৪ খন জিলাত অশান্ত অঞ্চল ঘোষণা কৰি AFSPA বলৱৎ কৰা হৈছে । এই ৪ খন জিলাৰ পৰাও অশান্ত অঞ্চলত আইন প্ৰত্যাহাৰৰ আশ্বাস দিছে কেন্দ্ৰীয় চৰকাৰে । ৰাজ্যত ইতিবাচক আন্দোলনৰ আৰম্ভ হৈছে । বৰ্তমান ৰাজ্যত অমৃত কলহ যাত্ৰা, খেল মহাৰণ আদি হৈছে । আজি অসমখনত শান্তিৰ নতুন দিগন্তলৈ পৰিগণিত হৈছে । ৰাজ্যত এতিয়া সন্ত্ৰাসবাদ আৰু আন্দোলন লাহে লাহে নাইকিয়া হৈছে । ৰাজ্যৰ অৰ্থনৈতিক বিকাশে ৰাজ্যত নতুন দিগন্তৰ সূচনা কৰিছে ।’’

লগতে পঢ়ক: Assam CM Wife Land controversy: আকৌ মাটি কিনিলে মুখ্যমন্ত্ৰীৰ পত্নীয়ে, কংগ্ৰেছৰ চৰকাৰ হ’লে হ’ব তদন্ত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.