ETV Bharat / state

Gunotsav 2022: কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূতো অনুষ্ঠিত হয় গুণোৎসৱ

author img

By

Published : Jun 4, 2022, 7:52 PM IST

কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহতো অনুষ্ঠিত হয় গুণোৎসৱ (Gunotsav in Guwahati)। শনিবাৰে মহানগৰীৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী । ইফালে কামৰূপ একাডেমিৰ গুণোৎসৱত অংশ গ্ৰহণ কৰিলে পূৱ গুৱাহাটীৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই ।

Gunotsav 2022
কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূতো অনুষ্ঠিত হয় গুণোৎসৱ

গুৱাহাটী, ৪ জুন: ৰাজ্যৰ কেইবাখনো জিলাৰ লগতে কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহতো অনুষ্ঠিত হয় গুণোৎসৱ (Gunotsav in Guwahati)। শণিবাৰে তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ চতুৰ্থটো দিন । মহানগৰীৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত থাকে (Chandra Mohan Patowary at Gunotsav) । বিদ্যালয়খনৰ গুণোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে বিদ্যালয়ৰ স্কুলীয়া জীৱনৰ স্মৃতি ৰোমন্থন কৰে ।

ছাত্ৰ-ছাত্ৰীসকলকো আদিপাঠ দিয়ে মন্ত্ৰী পাটোৱাৰীয়ে । সংবাদ মাধ্যমৰ আগত তেও কয় যে, সোনাৰাম স্কুলৰ নাম আছে সমগ্ৰ অসমতে ৷ এই স্কুলখনে বহুত ভাল ফলাফল দেখুৱাইছে । পুৰণি স্মৃতি জড়িত আছে এই স্কুলখনত মোৰ । এবাৰ মোৰ পৰীক্ষাৰ চেন্টাৰ পৰিছিল । আজি স্কুলত আহি অতীতৰ দিনবোৰ মনত পৰিছে । আজি গুণোৎসৱৰ কাৰণে আহিলোঁ । বিদ্যালয়খনত যি যি আন্তঃগাঁথনিৰ দৰকাৰ আছে সেইখিনি কাম কৰা হ’ব বুলিও প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰীগৰাকীয়ে ।

আনহাতে বিদ্যুৎ চালিত বাছ সম্পৰ্কে তেওঁ কয় যে, কামাখ্যালৈকে 20 খন বিদ্যুৎ চালিত বাছ এতিয়া চলি আছে (Electric bus in Guwahati)। 200 খন বিদ্যুৎ চালিত বাছ অনাৰ বাবে আমি নিবিদা দিছো । প্ৰদূষণ নিয়ন্ত্ৰণৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীলৈ বিদ্যুৎ চালিত গাড়ী অহাৰ পাছত পেট্ৰ’ল-ডিজেলৰ গাড়ী চলাবলৈ দিয়া নহ’ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । ইপিনে পিংক বাছ বন্ধ হোৱা সম্পৰ্কেও কয় যে, পিংক বাছ বন্ধ হোৱা নাই । যাত্ৰীৰ সংখ্যা কম হোৱাৰ বাবেহে সম্প্ৰতি বন্ধ কৰি থোৱা বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

আনহাতে অ’লা-উবেৰৰ সম্পৰ্কে মন্তব্য কৰি কয় যে, কোনোবাই যদি ভাড়া বেছিকৈ লৈছে তেনেহ’লে প্ৰমাণ দিয়ক । ভাড়া বেছিকৈ লোৱা অ’লা-উবেৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

ইপিনে কামৰূপ একাডেমিৰ গুণোৎসৱত অংশ গ্ৰহণ কৰিলে পূব গুৱাহাটীৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই (Siddhartha Bhattacharya at Gunotsav)। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে ভাব বিনিময় কৰে প্ৰাক্তন মন্ত্ৰীজনে । মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই মন্তব্য কৰি কয় যে মই কেতিয়াও আশা নকৰো, দলে যিটো সময়ত যি দায়িত্ব দিয়ে তাকে কৰি গৈছো । দায়িত্ব দিলে মই দায়িত্ব পালন কৰো । আশা প্ৰত্যাশা একো নাই । জীৱনত পাবলগীয়া একো নাই । মোৰ প্ৰথম দায়িত্ব হৈছে সমষ্টিবাসীৰ আশা প্ৰত্যাশা পূৰণ কৰা ।

গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত নিজৰ সমষ্টিৰ ২০ টাকৈ ৱাৰ্ডে বিজেপিৰ প্ৰাৰ্থীক জয়লাভ কৰাবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে পূব গুৱাহাটীৰ বিধায়কগৰাকীয়ে ৷ গুৱাহাটীৰ কৃত্ৰিম বানক লৈ মন্তব্য কৰি কয় যে নিৰ্বাচনী আচৰণবিধি প্ৰয়োগ হোৱাৰ বাবে উন্নয়নমূলক কামসমূহ হোৱা নাছিল । যাৰ বাবে নলা-নৰ্দমাৰ কাম বন্ধ হৈ পৰিছিল । যাৰ ফলত এইবাৰ গুৱাহাটী মহানগৰীত বানপানী অধিক হৈছে । পৰিকল্পনাৰ অভাৱ হৈছে বুলি মন্তব্য কৰি সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয়, বাৰিষা হ’ব বুলি বহি থাকিলে নহ’ব, অক্টোবৰ মাহৰ পৰাই কাম কৰিব লাগিব ৷

লগতে পঢ়ক: 9 জুনত বহু মন্ত্ৰীৰ দপ্তৰো সলনি হ'বঃ মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.