ETV Bharat / state

Femina Miss India 2023: ফেমিনা মিছ ইণ্ডিয়া ২০২৩ৰ চূড়ান্ত প্ৰতিযোগী অনুষ্কা লেখাৰুক সম্বৰ্ধনা

author img

By

Published : Apr 22, 2023, 5:07 PM IST

'ফেমিনা মিছ ইণ্ডিয়া ২০২৩' ৰ গ্ৰেণ্ড ফিনালেত শীৰ্ষ ১২ ৰ চূড়ান্ত প্রতিযোগী অনুষ্কা লেখাৰুক সম্বৰ্ধনা জ্ঞাপন কৰে ব্যতিক্রম মাছডোৱে । গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সভাত মণিপুৰত অনুষ্ঠিত 'ফেমিনা মিছ ইণ্ডিয়া ২০২৩' ৰ গ্ৰেণ্ড ফিনালেত শীৰ্ষ ১২ গৰাকী মডেলৰ ভিতৰত স্থান লাভ কৰা মডেল গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় (Anushka Lekharu of Femina Miss India 2023 felicitated) ।

Anushka Lekharu of Femina Miss India 2023 felicitated
ফেমিনা মিছ ইণ্ডিয়া ২০২৩ ৰ অনুষ্কা লেখাৰুক সম্বৰ্ধনা

গুৱাহাটী, ২২ এপ্ৰিল: মণিপুৰত অনুষ্ঠিত ‘‘ফেমিনা মিছ ইণ্ডিয়া ২০২৩’’ ৰ গ্ৰেণ্ড ফিনালেত শীৰ্ষ ১২ ৰ চূড়ান্ত প্রতিযোগী অনুষ্কা লেখাৰুক বিশেষ সম্বর্ধনা (Anushka Lekharu of Femina Miss India 2023 felicitated) । ব্যতিক্রম মাছডোৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক অনুষ্ঠানত অনুষ্কা লেখাৰুক সম্বর্ধনা জনোৱা হয় ৷ লগতে তেওঁৰ এই যাত্ৰা আৰু কেনেকৈ তেওঁ নিজৰ সপোন পূৰণৰ বাবে আগবাঢ়িছে সেই বিষয়ে এক অন্তৰংগ আলাপো অনুষ্ঠিত কৰা হয় (Femina Miss India 2023) ।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পুষ্টিবিদ শ্বেতা হিমৎসিংকা (Nutritionist and health coach Shweta Himtzingka) । অনুষ্কাক অভিন্দন জনাই ব্যতিক্ৰমৰ প্ৰতিষ্ঠাপক ড৹ সৌমেন ভাৰতীয়াই কয় যে, অসমকন্যা অনুষ্কাই "ফেমিনা মিছ ইণ্ডিয়া ২০২৩" ৰ শীৰ্ষ ১২ ৰ চূড়ান্ত প্রতিযোগী হিচাপে অসমক প্রতিনিধিত্ব কৰাটোৱেই আমাৰ বাবে গৌৰৱৰ ক্ষণ ।

লগতে তেওঁ 'মিছ ইকো ৱাৰিয়াৰ' শীৰ্ষক খিতাপ লাভ কৰি সমগ্ৰ অসমবাসীক গৌৰৱান্বিত কৰিছে বুলি উল্লেখ কৰে পুষ্টিবিদ শ্বেতা হিমৎসিংকাই । লগতে তেওঁ কয় যে, ই তেওঁৰ কঠোৰ পৰিশ্ৰম দৃঢ়তা আৰু নিষ্ঠা প্রতিফলন ঘটাইছে আৰু সমগ্ৰ দেশৰ বহু উচ্চাকাংক্ষী সপোনৰ বাবে তেওঁ এক প্ৰেৰণা হিচাপে পৰিগণিত হৈছে ।

আজি তেওঁক অভিনন্দন জনাবলৈ পাই আনন্দিত হোৱা বুলি উল্লেখ কৰি এনে বহু অনুষ্কা ওলাই আহক সেয়াই কামনা কৰা বুলি মন্তব্য আগবঢ়াই । "ফেমিনা মিছ ইণ্ডিয়া ২০২৩' ৰ গ্ৰেণ্ড ফিনালেত শীৰ্ষ ১২ ৰ চূড়ান্ত প্রতিযোগী অনুষ্কাই তেওঁক আদৰণি জনোৱা আৰু উৎসাহিত কৰাৰ বাবে ব্যতিক্ৰম পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰে ।

ফেমিনা মিছ ইণ্ডিয়া তেওঁৰ জীৱনৰ বহুত তাৎপর্ণ বহন কৰা এটা শব্দ বুলি উল্লেখ কৰি অনুস্কাই কয়, "আজি মোক এনেদৰে শুভেচ্ছা আৰু উৎসাহ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ ।" ইফালে পুষ্টিবিদ আৰু স্বাস্থ্য প্রশিক্ষক শ্বেতা হিমৎসিংকাই কয়, “এই "ফেমিনা মিছ ইণ্ডিয়া ২০২৩" ৰ দৰে এনে এক সন্মানীয় সৌন্দৰ্য প্ৰতিযোগিতাত আমাৰ অসমৰ ছোৱালীয়ে গৌৰৱ কঢ়িয়াই অনাটো সঁচাকৈয়ে প্রশংসনীয় ।" ব্যতিক্রম মাছডোৰ এনে পদক্ষেপক শলাগ লয় পুষ্টিবিদ তথা স্বাস্থ্য প্রশিক্ষক শ্বেতা হিমৎসিংকাই ।

লগতে পঢ়ক: Earth day 2023: বিশ্ব পৃথিৱী দিৱস: ধুনীয়া এখন ধৰিত্ৰী সৃষ্টিৰ বাবে সকলোৱে বিনিয়োগ কৰো আহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.