ETV Bharat / state

Lovlina Borgohain: অসমবাসীৰ আশা সজীৱ কৰি ৰাখিব পাৰি মই সুখী, লাভলীনা বৰগোঁহাই - Lovlina gold medal in World Boxing Championship

বিশ্বজয়ী বক্সাৰ লাভলীনাক মহানগৰীৰ গ্ৰীণউড হোটেলত সম্বৰ্ধনা (BFI felicitation to Lovlina Borgohain) । বিশ্ব মহিলা বক্সিঙৰ খিতাপ জয় কৰি বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হয় লাভলীনা বৰগোঁহাই । আই বি এ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ৭৫ কেজি শাখাত স্বৰ্ণ পদক লাভ কৰে লাভলীনাই ।

Lovlina Borgohain
Lovlina Borgohain
author img

By

Published : Mar 31, 2023, 8:54 AM IST

Updated : Mar 31, 2023, 9:39 AM IST

সম্বৰ্ধনা গ্ৰহণ কৰি লাভলীনাৰ সংবাদ মাধ্যমক সম্বোধন

গুৱাহাটী, ৩১ মাৰ্চ : "কমনৱেলথ গেমছত পৰাজিত হোৱাত নিজৰ ল'ৰা-ছোৱালী বুলি ভাবি হয়তো মোৰ ওপৰত অসমবাসীৰ খং উঠিছিল । অসমৰ মানুহে মোক লৈ কৰা আশাবোৰ সজীৱ কৰিব পৰা কাৰণে মই সুখী ।" বৃহস্পতিবাৰে মহানগৰীৰ গ্ৰীণউড হোটেলত আয়োজিত এক সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য প্ৰদান কৰে অসম গৌৰৱ (Assam Boxer Lovlina Borgohain),বজ্ৰকন্যা তথা মহিলা বক্সিং চেম্পিয়নশ্বিপ, 2023-ৰ স্বৰ্ণ পদক বিজয়ী লাভলীনা বৰগোঁহায়ে (IBA women world boxing championship winner Lovlina) ।

'বক্সিং ফেডাৰেচন অব ইণ্ডিয়া'ই আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি স্বৰ্ণকন্যা লাভলীনা বৰগোঁহায়ে কয়, "অলিম্পিকৰ পিছত বহুত উথান-পতন আহিছিল মোৰ জীৱনত (BFI felicitation to Lovlina Borgohain) । কমনৱেলথত পৰাজিত হোৱাৰ বাবে বহু সমালোচনাৰো সন্মুখীন হৈছিলোঁ মই । পৰাজিত হোৱাত নিজৰ ল'ৰা-ছোৱালী বুলি ভাবি হয়তো অসমবাসীৰ মোৰ ওপৰত খং উঠিছিল । এতিয়া এছিয়ান গেমছৰ বাবে সাজু হৈছোঁ ।

অলিম্পিকৰ ব্ৰঞ্জৰ মেডেলটো স্বৰ্ণলৈ ৰূপান্তৰ কৰাৰ লক্ষ্য মোৰ এতিয়া । মই মানুহৰ মাজত যোগাত্মকভাৱে থাকিব বিচাৰোঁ, মোক ভুল নুবুজিব আপোনালোকে । মই চেষ্টা কৰি মই মোৰ ১০০ শতাংশ দিছোঁ, তাৰ বাদে মই একো কৰিব নোৱাৰোঁ । খেলত জয়-পৰাজয় থাকিবই (Lovlina gold medal in World Boxing Championship) । বিশ্ব চেম্পিয়নশ্বিপৰ মেডেলটো মোৰ নহয়, সকলোৰে । আমাৰ অসমৰ নৱপ্ৰজন্মক অলিম্পিকৰ সপোন দেখুৱাবলৈ চেষ্টা কৰিম । অলিম্পিকৰ মেডেল যাতে মোৰ নামতে নাথাকি আন কাৰোবাৰ হাতলৈও আহে, অসমত তাৰ বাবে চেষ্টা কৰিম ।"

এক আৱেগপূৰ্ণ মুহূৰ্তত লাভলীনাই এনেদৰে কয় । আনহাতে, এক সংবাদমেল সম্বোধন কৰি তেওঁৰ এইৰ সফতাৰ বাবে সমূহ অসমবাসীৰ লগতে অসমৰ মুখ্যমন্ত্ৰী, ভাৰতীয় বক্সিং ফেডাৰেনৰ (BFI) সম্পাদক হেমন্ত কলিতা, ক্ৰীড়া সঞ্চালক নিবেদন দাস পাটোৱাৰীকো ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখ্য যে বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰি বৃহস্পতিবাৰে অসমত উপস্থিত হয়হি বক্সাৰ লাভলীনা বৰগোঁহাই । তেওঁক অসম চৰকাৰ তথা বিভিন্ন দল-সংগঠনৰ তৰফৰ পৰা বিমানবন্দৰতে উষ্ম আদৰণি জনোৱা হয় ৷ ইয়াৰ পিছত জনতা ভৱনত আয়োজিত কৰা এক অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাভলীনা বৰগোঁহাইক সম্বৰ্ধনা জ্ঞাপন কৰে । উল্লেখ্য যে শেহতীয়াকৈ আইবিএ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ৭৫ কেজি শাখাত স্বৰ্ণ পদক জয় কৰে লাভলীনাই ।

লগতে পঢ়ক :Lovlina Borgohain: জনতা ভৱনত লাভলীনাক সম্বৰ্ধনা জ্ঞাপন মুখ্যমন্ত্ৰীৰ

Last Updated : Mar 31, 2023, 9:39 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.