ETV Bharat / state

FCI Depot in Manipur : মণিপুৰত এফচিআই ডিপো ভাৰ্চুৱেলী উদ্বাধন কেন্দ্ৰীয় মন্ত্ৰী সাধ্বী নিৰঞ্জনৰ - FCI depot of Manipur virtually inaugurated

কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ আৰু গ্ৰামোন্নয়ন ৰাজ্যিক মন্ত্রী সাধ্বী নিৰঞ্জন জ্যোতিয়ে গুৱাহাটীৰ পৰা সোমবাৰে ভার্চুৱেলী মণিপুৰৰ তামেংলঙত এফচিআই ডিপো উদ্বোধন কৰে (FCI depot inaugurated in Manipur) । মণিপুৰৰ তামেংলঙত নতুনকৈ স্থাপন কৰা এফ চি আই ডিপোত ৪,৭৩০ মেট্রিক টন খাদ্য-সামগ্ৰী সংৰক্ষণৰ ক্ষমতা সৃষ্টি কৰা হৈছে ।

FCI depot of Manipur virtually inaugurated
মণিপুৰৰ তামেংলঙত ভার্চুৱেলী উদ্বোধন কৰা হ'ল এফচিআই ডিপো
author img

By

Published : Jan 30, 2023, 8:43 PM IST

গুৱাহাটী,৩০ জানুৱাৰী: গুৱাহাটীৰ পৰা মণিপুৰত ভার্চুৱেলী এফচিআই ডিপো উদ্বোধন কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা ৰাজ্যিক মন্ত্রী সাধ্বী নিৰঞ্জন জ্যোতিৰ । কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ আৰু গ্ৰামোন্নয়ন ৰাজ্যিক মন্ত্রী শ্রীমতী সাধ্বী নিৰঞ্জন জ্যোতিয়ে (central minister Sadhwi Niranjan Jyoti) সোমবাৰে গুৱাহাটীস্থিত এফচিআইৰ মাণ্ডলিক কাৰ্যালয়ত আয়োজিত এক অনুষ্ঠানৰ পৰা ভার্চুৱেলী মণিপুৰৰ তামেংলঙত ভাৰতীয় খাদ্য নিগমৰ এটা ডিপো উদ্বোধন কৰে (FCI depot inaugurated in Manipur) ।

এই উপলক্ষে অনুষ্ঠিত সভাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে, এফচিআয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত বহু দূৰ আগবাঢ়িছে । এফচিআয়ে ২০১৪ চনত ৫.০৫ লাখ মেট্রিক টনৰ পৰা ২০২৩ চনত ৮.২১ লাখ মেট্রিক টনলৈ মজুত কৰাৰ ক্ষমতা বৃদ্ধি কৰিছে । মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, এফচিআইয়ে উত্তৰ-পূৰ্বাঞ্চলত সক্ৰিয়তাৰে কাম কৰি আছে (FCI depot of Manipur virtually inaugurated) । ২০২২-২৩ চনত অসম আৰু ত্ৰিপুৰাই এতিয়ালৈকে ক্ৰমে ১,২১,৬৩০ মেট্রিক টন আৰু ২৮,৪৭৬ মেট্রিক টন ধান ক্ৰয় কৰিছে ।

এয়া অনাগত দিনত আৰু অধিক বৃদ্ধি পাব বুলি তেওঁ কয় । উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ক্ৰয়ৰ লক্ষ্যৰ উমৈহতীয়া উদ্দেশ্য হৈছে কৃষকসকলক ফলপ্রসূ মূল্যৰে সহায় আগবঢ়োৱা (Food Corpration of India) । বিজেপি চৰকাৰৰ উন্নয়নমূলক কামৰ খতিয়ান দাঙি ধৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বৰ্তমানৰ চৰকাৰে উত্তৰ-পূব অঞ্চলৰ উন্নয়নৰ বাবে সকলো খণ্ডতে সৰ্বাধিক অগ্রাধিকাৰ দি আহিছে আৰু ইতিমধ্যে ইয়াৰ উন্নয়ন ত্বৰান্বিত কৰিছে ।

তেওঁ ভাষণত দেশক খাদ্য সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত এফচিআইৰ ভূমিকাৰ কথা উল্লেখ কৰে । তেওঁ কয় যে ভাৰত চৰকাৰৰ নীতিৰ সৈতে সংগতি ৰাখি মুকলি বজাৰত ঘেঁহুৰ মূল্য নিয়ন্ত্ৰণৰ বাবে এফচিআয়ে মুক্ত বজাৰ বিক্ৰী আঁচনি আৰম্ভ কৰিছে । তেওঁ লগতে কয় যে, উক্ত আঁচনিৰ অধীনত মুকলি বজাৰত ৩০ লাখ মেট্রিক টন ঘেঁহু উপলব্ধ কৰা হ'ব । অসম, ত্ৰিপুৰা, মিজোৰাম আৰু মেঘালয় ৰাজ্যত এফচিআয়ে মুঠ ১৬৪০০ মেট্রিক টন ঘেঁহুৰ পৰিমাণৰ বাবে এই আঁচনিৰ অধীনত নিবিদা প্ৰস্তুত কৰিছে । যাতে আটা মিল, ব্যক্তিগত ব্যৱসায়ী, বৃহৎ পৰিমাণৰ ক্ৰেতা আৰু ঘেঁহুজাতীয় সামগ্ৰীৰ উৎপাদনকাৰীসকলে এফচিআইৰ নিৰ্ধাৰিত ডিপোৰ পৰা সামগ্ৰী ল'ব পাৰে ।

অনুষ্ঠানত এফচিআইৰ উত্তৰ-পূৰ্বাঞ্চলৰ কার্যবাহী সঞ্চালক ডি পি শুক্লাই কয় যে এফচিআয়ে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় খণ্ড আঁচনিৰ (চিএছএছ) অধীনত উত্তৰ-পূব মণ্ডলত ১,০৫,৮৯০ মেট্রিক টন খাদ্য সামগ্ৰীৰ সংৰক্ষণ স্থান সৃষ্টি কৰি আছে । ২০১৭ চনৰ পৰা আজিলৈকে ৫৩,৯৩০ মেট্রিক টন খাদ্য সামগ্ৰীৰ সংৰক্ষণৰ ক্ষমতা সৃষ্টি কৰা হৈছে আৰু উত্তৰ-পূৰ্বাঞ্চলত চলিত বৰ্ষৰ শেষৰ ফালে আৰু প্ৰায় ৩০,০০০ মেট্রিক টন খাদ্য সামগ্ৰীৰ সংৰক্ষণৰ ক্ষমতা বৃদ্ধি কৰা হ'ব ।

শুক্লাই কয় যে মণিপুৰৰ তামেংলঙত নতুনকৈ স্থাপন কৰা এফচিআই ডিপোত ৪৭৩০ মেট্রিক টন খাদ্য সামগ্ৰীৰ সংৰক্ষণৰ ক্ষমতা সৃষ্টি কৰা হৈছে । মণিপুৰৰ তামেংলঙত নতুনকৈ স্থাপন কৰা এফচিআই ডিপোত তামেংলং আৰু ন'নি ৰাজহ জিলাৰ খাদ্য শস্যৰ প্ৰয়োজনীয়তা পূৰণ কৰিব বুলি তেওঁ কয় । অনুষ্ঠানত এফচিআইৰ অধ্যক্ষ আৰু পৰিচালনা সঞ্চালক অশোক কে কে মীনাও উপস্থিত থাকে ।

লগতে পঢ়ক: G20 summit in Guwahati: G20 সন্মিলনৰ বাবে গুৱাহাটীৰ পদপথৰ বিপণিত পৌৰ নিগমৰ হাতোৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.