ETV Bharat / state

প্ৰেম-প্ৰতাৰণাৰ পাচত ৰঙাঘৰত অধিবক্তা

বিবাহৰ প্ৰলোভনেৰে এগৰাকী মহিলাৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি অশ্লীল ফটো সংগ্ৰহেৰে ভাবুকি প্ৰদান কৰা ভণ্ড প্ৰেমিক অৱশেষত আলহী হ’ল ৰঙাঘৰৰ ৷

author img

By

Published : Jun 10, 2019, 3:25 AM IST

প্ৰেম-প্ৰতাৰণাৰ পাচত ৰঙাঘৰত অধিবক্তা

গুৱাহাটী, 10 জুনঃ আদালত প্ৰেম, মেচেজ তাৰ পাচতেই প্ৰতাৰণা ৷ হয় আমি ক’বলৈ গৈছো এজন ভণ্ড অধিবক্তাৰ কথা ৷ পতি পত্নীৰ বিবাহ বিচ্ছেদ প্ৰক্ৰিয়া আদালতত চলি থকাৰ মাজতেই আবিৰ্ভাৱ ঘটিল এজন অধিবক্তাৰ । মোচাৰফ হুছেইন নামৰ এজন ভণ্ড অধিবক্তাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন অধিবক্তা বুলি মিছা পৰিচয় দিছিল ভুক্তভোগি এগৰাকী মহিলাক । মহিলাগৰাকীক প্ৰতিশ্ৰুতি, বিবাহ বিচ্ছেদৰ কেছ অতি কম দিনৰ ভিতৰতে জয় লাভ কৰাই দিব মহিলাগৰাকীক । ইয়াৰ বাবে মহিলাগৰাকীৰ পৰা পাৰিশ্ৰমিক ভাৱে এক লাখ সত্তৰ হাজাৰ টকা নগদ ধন লৈছিল ধৃত মোচাৰফে ।

প্ৰেম-প্ৰতাৰণাৰ পাচত ৰঙাঘৰত অধিবক্তা

সময় বাগৰাৰ লগে লগে আদালতৰ চিনাকি ৰূপান্তৰ হ'ল প্ৰেমত । কিন্তু বিবাহ বিচ্ছেদৰ বিষয়টো কোনো অগ্ৰগতি লাভ নকৰাত বাক বিতণ্ডাত লিপ্ত হ’ল দুয়ো । এই ঘটনাৰ পিছতেই ভণ্ড প্ৰেমিক মোচাৰফ হুছেইন মহানগৰীৰ বিষ্ণুপুৰত শনিবাৰে নিশা আহিল মহিলাগৰাকীৰ বাসগৃহলৈ ৷ বিবাহৰ প্ৰলোভন দি মহিলাগৰাকীৰ অশ্লীল ফটো বন্দী কৰি মহিলাগৰাকীক ভাবুকি প্ৰদান মোচাৰফৰ । ভৱিষ্যতে টকা ঘূৰাই খুজিলে মহিলাগৰাকীক সমাজত মুখ দেখাব নোৱাৰা কৰি দিব বুলিও ভাবুকি প্ৰদান ভণ্ড প্ৰেমিকৰ ৷

এই ঘটনাৰ পাচতেই উপায়ন্তৰ হৈ পিচত ভৰলুমুখ আৰক্ষীৰ কাষ চাপে মহিলাগৰাকী । ভৰলুমুখ আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে গোচৰ ৰুজু কৰি মহানগৰীৰ আঠগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম ভণ্ড মোচাৰফ হুছেইনক ।

Intro:পতি পত্নীৰ বিবাহ বিচ্ছেদ প্ৰক্ৰিয়া আদালতত চলি থকা মুহূৰ্তৰ মাজত আবিৰ্ভাৱ ঘটিল এজন ভণ্ড প্ৰেমিকৰ। মোচাৰফ হুছেইন নামৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন অধিবক্তা বুলি মিছা পৰিচয় দিছিল এগৰাকী মহিলাক। এই ভণ্ড প্ৰেমিকজনে মহিলাগৰাকীক প্ৰতিশ্ৰুতি দিছিল যে এই বিবাহ বিচ্ছেদৰ কেছ অতি কম দিনৰ ভিতৰত মহিলাগৰাকীক জয় লাভ কৰাই দিব। ইয়াৰ বাবে মহিলাগৰাকীৰ পৰা পাৰিশ্ৰমিক এক লাখ সত্তৰ হাজাৰ টকা নগদ ধন লৈছিল। সময় বাগৰাৰ লগে লগে আদালতৰ চিনাকি প্ৰেমত ৰূপান্তৰ হ'ল। কিন্তু বিবাহ বিচ্ছেদৰ ঘটনাত কোনো অগ্ৰগতি লাভ নকৰাত বাকবিতণ্ডাৰ সৃষ্টি হয় দুয়োৰে মাজত। এই ঘটনাৰ পিছতেই দেখা ভণ্ড প্ৰেমিক মোচাৰফ হুছেইন মহানগৰীৰ বিষ্ণুপুৰত শনিবাৰে নিশা মহিলাগৰাকীৰ ঘৰত আহে। আৰু বিবাহৰ প্ৰলোভনেৰে মহিলাগৰাকীৰ অশ্লীল ফটো বন্দী কৰি মহিলাগৰাকীক ভাবুকি প্ৰদান কৰিবলৈ লয়। ভৱিষ্যতে টকা ঘূৰাই খুজিলে মহিলাগৰাকীক সমাজত মুখ দেখাব নোৱাৰা কৰি দিব বুলিও ভাবুকি প্ৰদান কৰে ভণ্ড লোকজনে। উপায়ন্তৰ হৈ মহিলাগৰাকী কাষ চাপে ভৰলুমুখ আৰক্ষীৰ। ভৰলুমুখ আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি মহানগৰীৰ আঠগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে মোচাৰফ হুছেইনক। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.