ETV Bharat / state

Fake Call Center: ভুৱা কল চেন্টাৰ চলাই কোটিপতি হোৱা কোন এই দেৱজ্যোতি ? - কোটিপতি হোৱা কোন এই দেৱজ্যোতি

গুৱাহাটী ভুৱা কল চেন্টাৰ চলাই প্ৰৱঞ্চনাৰে কোটি কোটি ধন লুট কৰা অন্যতম অভিযুক্ত দেৱজ্যোতি দে (32) ওৰফে ডেভিদ ক’ত, কিয় বিখ্যাত জানো আহক ...

Fake Call Center
ভুৱা কল চেন্টাৰ চলাই কোটিপতি হোৱা কোন এই দেৱজ্যোতি
author img

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 6:52 PM IST

গুৱাহাটী, 17 ছেপ্টেম্বৰ: গুৱাহাটী ভুৱা কল চেন্টাৰ চলাই প্ৰৱঞ্চনাৰে কোটি কোটি ধন লুট কৰা অন্যতম অভিযুক্ত দেৱজ্যোতি দে (32) ওৰফে ডেভিদ কোন ? ক’ত, কিয় বিখ্যাত দেৱজ্যোতি ওৰফে ডেভিদ ?

2009 চনত কৰিমগঞ্জৰ পৰা গুৱাহাটীলৈ আহিছিল ডেভিদ। গুৱাহাটীত প্ৰথমে এখন চেলুন খুলি জীৱিকা আৰম্ভ কৰিছিল ডেভিদে । পৰৱৰ্তী সময়ত গুৱাহাটীৰ পৰা কলিকতালৈ গৈ কাম কৰিছিল ডেভিডে । 2016 চনত পুনৰ গুৱাহাটীলৈ ঘূৰি আহি অবৈধ কাৰ্যকলাপৰ সৈতে জড়িত হৈ পৰে ।

2021 চনৰ পৰা সক্ৰিয়ভাৱে ভুৱা কল চেন্টাৰ খুলি প্ৰৱঞ্চনাৰে কোটি কোটি টকা মানুহৰ কষ্ট উপাৰ্জিত ধন ঘটি আহিছে ডেভিদে । বিলাসী জীৱন যাপন কৰা ডেভিডে বি এম ডাব্লিউ গাড়ী ব্যৱহাৰ কৰিছিল। ডেভিডৰ ডুবাইত শেহতীয়াকৈ এটা কাৰ্যালয় আৰু এটা এজেঞ্চি ক্ৰয় কৰাৰ লগতে ৰেছিডেনশ্বিপো গ্ৰহণ কৰিছিল । মুম্বাই, ডুবাইৰ দৰে অত্যাধুনিক চহৰত বিশাল সম্পত্তি গঢ়ি তুলিছিল ।

বিবাহৰ পূৰ্বে বন্ধু-বান্ধৱক থাইলেণ্ডত ব্যাচেলাৰ পাৰ্টি দিছিলে । ডেভিডৰ এনে লাইফষ্টাইল দেখি স্তম্ভিত হৈছিল সকলো । এটা কল চেন্টাৰৰ পৰা প্ৰৱঞ্চনাৰে মাহিলি কোটি কোটি টকা ঘটি বিলাসী জীৱন যাপন কৰি আহিছিল ।

উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা মহানৰ আৰক্ষীয়ে 8 টা কল চেন্টাৰত অভিযান চলায় মূল অভিযুক্তসহ 191 জনক আটক কৰিছিল । 200 তকৈ অধিক আৰক্ষীয়ে 15 জনীয়া দল গঠন কৰি একে সময়তে মহানগৰীৰ 8 টাকৈ স্থানত অভিযান চলাই ভুৱা কল চেন্টাৰৰ লগত জড়িত থকা 191 জনকৈ লোক আটক কৰে । এই অভিযানত 164 টা ডেক্সটপ, 90 টা লেপটপ, 26 টা মেবাইল আৰু চাইবাৰ অপৰাধৰ লগত জড়িত আন সামগ্ৰী জব্দ কৰে ।

ঘটনা সন্দৰ্ভত, এটি গোচৰ ৰুজু কৰি ইতিমধ্যে আৰক্ষীয়ে 52 গৰাকীক গ্ৰেপ্তাৰ কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে । এই চক্ৰৰ লগত জড়িত থকা আৰু লোক অনাগত দিনত জালত পৰা সম্ভাৱনা আছে ।

লগতে পঢ়ক: Cyber crime Bust in Guwahati: ভুৱা কল চেন্টাৰ চলাই প্ৰৱঞ্চনাৰে কোটি কোটি টকা লুট কৰা ৫২ প্ৰৱঞ্চক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.