ETV Bharat / state

B.Ed certificate Scam in Assam : গ্ৰেপ্তাৰ হ’ব ভুৱা বিএড ডিগ্ৰীধাৰী শিক্ষক ! সস্তম শিক্ষা বিভাগ - ভুৱা ডিগ্ৰীৰে চাকৰিত নিযুক্তি লাভ

জালত পৰিব ভুৱা বিএড ডিগ্ৰীধাৰী শিক্ষক ! জিলাই জিলাই সাজু শিক্ষা বিভাগ ৷ কাইলৈ প্ৰমাণপত্ৰ দাখিলৰ শেষ দিন ৷

B Ed certificate Scam in Assam
ৰাজ্যৰ শিক্ষা বিভাগৰ সোমবাৰৰ পৰা চলিব এক বিশেষ অভিযান
author img

By

Published : Aug 5, 2023, 2:06 PM IST

গুৱাহাটী, ৫ আগষ্ট : ৰাজ্যৰ শিক্ষা বিভাগৰ সোমবাৰৰ পৰা চলিব এক বিশেষ অভিযান ৷ গ্ৰেপ্তাৰ হ’ব পাৰে বহু বহিঃৰাজ্যৰ পৰা ভুৱা ডিগ্ৰীৰ প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি চাকৰি লোৱা শিক্ষক । শিক্ষা বিভাগে নিজববীয়াকৈ প্ৰস্তুত কৰিছে এক বিশেষ তালিকা ৷ জিলাই জিলাই সাজু হৈছে শিক্ষা বিভাগৰ বিষয়া ৷

শেহতীয়াভাৱে ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ৰ অধ্যক্ষ নাইবা প্ৰধান শিক্ষকলৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে স্কুল শিক্ষা বিভাগে । এই নিৰ্দেশনা অনুযায়ী অহা ৬ তাৰিখ অৰ্থাৎ কাইলৈৰ ভিতৰত বি এড আৰু ডি এল এড ডিগ্ৰী থকা শিক্ষকৰ তালিকা দাখিল কৰিব লাগিব বিদ্যালয়ৰ মূৰব্বীসকলে ।

জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ ওচৰত দাখিল কৰিব লাগিব বি এডৰ মূল প্ৰমাণ পত্ৰসহ নম্বৰৰ তালিকা । এই বি এড ডিগ্ৰীৰ মূল প্ৰমাণ পত্ৰসহ নম্বৰ তালিকাসমূহ বিভাগীয়ভাৱে তন্ন তন্নকৈ পৰীক্ষা কৰিব ৰাজ্যৰ শিক্ষা বিভাগে ৷

উল্লেখযোগ্য যে, দীৰ্ঘ দিন ধৰি ৰাজ্যৰ বৃহৎ সংখ্যক শিক্ষকে বহিঃ ৰাজ্যৰ পৰা ভুৱা বি এড ডিগ্ৰী আৰু ডি এল এড ডিগ্ৰীৰ প্ৰমাণ পত্ৰ লৈ নিযুক্তি লাভ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে । এই অভিযোগক গুৰুত্ব সহকাৰে লয় ৰাজ্য চৰকাৰে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে ৷

তাৰ পাচতেই ভুৱা ডিগ্ৰীৰে চাকৰিত নিযুক্তি লাভ কৰাসকলক চিনাক্ত কৰাৰ বাবে বি এড ডিগ্ৰীৰ পৱৰমাণ পত্ৰ আৰু নম্বৰ তালিকা পৰীক্ষাৰ সিদ্ধান্ত গ্ৰহণ কৰে শিক্ষা বিভাগে । মুখ্যমন্ত্ৰীৰ তৎপৰতাৰ ভিত্তিত নিৰ্দেশনা জাৰি কৰে স্কুল শিক্ষা বিভাগে ৷

এতিয়া কাইলৈ ৬ আগষ্টৰ ভিতৰত শিক্ষকসকলে বি এড ডিগ্ৰীৰ পৰ্মাণ পত্ৰ জমা দিয়াৰ পিচত শিক্ষা বিভাগে সোমবাৰৰ পৰা আৰম্ভ কৰিব সেইসমূহ পৰীক্ষণ প্ৰক্ৰিয়া ৷ তাৰ পিচতেই বৃহৎ সংখ্যক ভুৱা ডিগ্ৰীধাৰী বহু শিক্ষক জালত পৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : Lok Kalyan Divas : ভাৰতৰত্ন গোপীনাথ বৰদলৈক স্মৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.