ETV Bharat / state

Protest in Guwahati: প্ৰাপ্য বকেয়া আদায়ৰ দাবীত চচলত সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ ধৰ্ণা - অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থা

২ আগষ্টত দেশৰ সকলো সুলভ মূল্যৰ ব্যৱসায়ীয়ে বিভিন্ন দাবীৰে দিল্লীৰ সাংসদ ভৱনত ঘেৰাও কাৰ্যসূচী ৰূপায়ন কৰিব । দিল্লীৰ ৰামলীলা মৈদামৰ(Ramlila Maidan) পৰা হ’বলগীয়া এই বৃহৎ প্ৰতিবাদী সমদলত ভাগ ল’ব অসমৰ প্ৰায় ২০ হাজাৰ সুলভ মূল্যৰ ব্যৱসায়ীয়ে ।

Protest in Guwahati
প্ৰাপ্য বকেয়া আদায়ৰ দাবীত চচলত সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ ধৰ্ণা
author img

By

Published : Jul 18, 2022, 9:50 PM IST

গুৱাহাটী, ১৮ জুলাই: প্ৰাপ্য বকেয়া আদায়ৰ দাবীত গুৱাহাটীৰ চচলৰ ধৰ্ণাস্থলীত সোমবাৰে সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ উদ্যোগত(Assam Fair price shop dealers Association) এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় । সুলভ মূল্যৰ ব্যৱসায়ীসকলে সন্মুখীন হৈ অহা বহুকেইটা সমস্যা সমাধানৰ দাবী উত্থাপন কৰে প্ৰতিবাদস্থলীত ৷

প্ৰতি কুইন্টল চাউলৰ কমিচন ৪৪০ টকালৈ বৃদ্ধি কৰা, অন্যান্য ৰাজ্যৰ দৰে অসমতো ৰাজ সাহায্যযুক্ত চেনী যোগান ধৰা, কেৰাচিন তেলৰ মূল্য হ্ৰাস কৰি প্ৰতিটো পৰিয়ালক ৫ লিটাৰকৈ দিয়াৰ ব্যৱস্থা কৰা, উজলা আঁচনিৰ গেছৰ চিলিণ্ডাৰ সুলভ মূল্যৰ দোকানৰ জৰিয়তে বিতৰণৰ ব্যৱস্থা কৰা আদিকে ধৰি কেইবাটাও দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সহস্ৰাধিক সুলভ মূল্যৰ দোকানীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে (Protest at Sasal in Guwahati) ।

প্ৰাপ্য বকেয়া আদায়ৰ দাবীত চচলত সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ ধৰ্ণা

আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাৰ তৰফৰ পৰা দিছপুৰ সংমণ্ডলৰ ACP হিমাংশু দাসৰ(Dispur ACP Himangshu Das) জৰিয়তে ১২ টা দাবী সন্মিলিত এখন স্মাৰক পত্ৰ দেশৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে । উল্লেক্ষ যে, অহা ২ আগষ্টত দেশৰ সকলো সুলভ মূল্যৰ ব্যৱসায়ীয়ে বিভিন্ন দাবীৰে দিল্লীৰ সাংসদ ভৱনত ঘেৰাও কাৰ্যসূচী ৰূপায়ন কৰিব । দিল্লীৰ ৰামলীলা মৈদামৰ পৰা হ’বলগীয়া এই বৃহৎ প্ৰতিবাদী সমদলত ভাগ ল’ব অসমৰ প্ৰায় ২০ হাজাৰ সুলভ মূল্যৰ ব্যৱসায়ীয়ে ।

লগতে পঢ়ক: Demand for cancellation of NPS : নতুন পেঞ্চন নীতি বাতিলৰ দাবীত বাইহাটাত মুকলি সভা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.