ETV Bharat / state

BJP Mahila Morcha : 9 আৰু 10 ছেপ্টেম্বৰত গুৱাহাটীত বিজেপি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা - ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা

গুৱাহাটীত অনুষ্ঠিত হ'ব ভাৰতীয় জনতা পাৰ্টিৰ মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা ৷ 9 আৰু 10 ছেপ্তেম্বৰত অনুষ্ঠিত হ'ব এই সভা ৷ মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকা ইন্দু গোস্বামী আৰু মহিলা মৰ্চাৰ অসম ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকাৰ সংবাদ মেল সম্বোধন ৷

Executive meeting of BJP Mahila Morcha
ভাৰতীয় জনতা পাৰ্টিৰ মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা
author img

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 7:42 PM IST

Updated : Sep 8, 2023, 8:06 PM IST

বিজেপিৰ মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সন্দৰ্ভত সংবাদমেল

গুৱাহাটী, 8 ছেপ্টেম্বৰ : 9 আৰু 10 ছেপ্টেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ'ব ভাৰতীয় জনতা পাৰ্টিৰ মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা ৷ অনুষ্ঠিত হ’ব লগা এই সভা সন্দৰ্ভত বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকা ইন্দু গোস্বামী আৰু মহিলা মৰ্চাৰ অসম ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকাই এক সংবাদ মেল সম্বোধন কৰে ৷

সংবাদমেলত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকা তথা ৰাজ্যসভাৰ সাংসদ ইন্দু গোস্বামীয়ে মহিলা মৰ্চাৰ আগন্তুক দুদিনীয়া কাৰ্যসূচী সন্দৰ্ভত অৱগত কৰে ৷ তেওঁ কয় যে, ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ দুদিনীয়া কাৰ্যসূচীত 5 খনকৈ সত্ৰ অনুষ্ঠিত হ'ব ৷ য'ত সমগ্ৰ ভাৰতৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি বক্তব্য প্ৰদান কৰিব ৷ লগতে 2024 ৰ লোকসভা নিৰ্বাচন আৰু আগন্তুক 5 খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত মহিলা মৰ্চাৰ ভূমিকা সন্দৰ্ভত আলোচনা কৰা হ'ব ৷ ভাৰতৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 200 গৰাকী মহিলা কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰিব এই কাৰ্যনিৰ্বাহক সভাত ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মহিলা মৰ্চাৰ প্ৰভাৰী দুশ্যন্ত গৌতম, ৰাজ্যসভাৰ সাংসদ এচ ফাংগনন কন্যাক, বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক তথা সাংসদ কামাখ্যা প্ৰসাদ তাচা, সাংসদ কুইন ওজা, ভাৰতীয় জনতা পাৰ্টিৰ সহ-সাংগঠনিক সাধাৰণ সম্পাদক শিৱ প্ৰকাশ, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তীকে ধৰি অসম চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰী, বিধায়ক এই সভাত উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে বিজেপিৰ নেত্ৰীগৰাকীয়ে ৷

আনহাতে সংবাদ মেলৰ আৰম্ভণিতে মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকাই ভাৰতৰত্ন সুধাকণ্ঠ ড৹ভূপেন হাজৰিকাদেৱৰ জন্ম বাৰ্ষিকী উপলক্ষে তেখেতৰ এটি গীতৰ কলি আওৰাই গণশিল্পীগৰাকীক শ্ৰদ্ধা নিবেদন কৰে ৷ সংবাদ মেলত মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় সংবাদ বিভাগৰ আহ্বায়িকা নিতু দাৱাচ, মিডিয়া পেনেলিষ্ট ড৹ জেফৰিণ মেহজাবিনো উপস্থিত থাকে ৷

লগতে পঢ়ক : Bhupen Hazarika: জালুকবাৰীৰ সমাধিক্ষেত্ৰত সুধাকণ্ঠৰ অনুষ্টুপীয়া অনুষ্ঠান; মন্তব্য প্ৰদানৰ পৰা বিৰত সাংস্কৃতিক মন্ত্ৰী

Last Updated : Sep 8, 2023, 8:06 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.