ETV Bharat / state

কি উপায়েৰে সু-সংগঠিত কৰিব পৰা যাব ৰাজ্যৰ বিত্তীয় অৱস্থা ? - কি উপায়েৰে সু-সংগঠিত কৰিব পৰা যাব ৰাজ্যৰ বিত্তীয় অৱস্থা ?

ই টিভি ভাৰতৰে আছুতীয়া সাক্ষাৎকাৰত বিশিষ্ট অৰ্থনীতিবিদ ডঃ দেৱজিৎ মহন্ত ৷

Exclusive interview with economist Dr. Debajit Mahanta
কি উপায়েৰে পুণৰ সংগঠিত কৰিব পৰা যাব ৰাজ্যৰ বিত্তীয় অৱস্থা ?
author img

By

Published : Apr 24, 2020, 2:26 PM IST

গুৱাহাটী, 24 এপ্ৰিল: লক ডাউনে বিধ্বস্তপ্ৰায় কৰি তুলিছে সমগ্ৰ বিশ্বৰ অৰ্থনীতি ৷ এনে সময়ত দীঘলীয়া লক ডাউন খোলাৰ পিছত অসমৰ অৰ্থনীতি পুনৰ ঠন ধৰি উঠিবলৈ যে বহু সময়ৰ প্ৰয়োজন হ'ব সেয়া পুনৰ দোহৰাৰ প্ৰয়োজন নাই ৷ কিন্তু কি উপায়েৰে পুনৰ সংগঠিত কৰিব পৰা যাব ৰাজ্যৰ বিত্তীয় অৱস্থা ? কিয়নো,ৰাজ্যৰ বিত্তীয় অৱস্থা যে এই সময়ত মুঠেও সন্তোষজনক নহয় সেই কথা ইতিমধ্যে স্পষ্টভাৱে ঘোষণা কৰিছে বিত্ত মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই ৷ তেন্তে কি হ'ব পাৰে উদ্ধাৰৰ উপায় ?

অৰ্থনীতিবিদ ডঃ দেৱজিৎ মহন্তৰে সাক্ষাৎকাৰ খণ্ড-1

ৰাজ্যৰ এগৰাকী বিশিষ্ট অৰ্থনীতিবিদ ডঃ দেৱজিৎ মহন্তৰ মতে, অসমে এই ভয়ানক বিত্তীয় সংকটৰ পৰা উদ্ধাৰ পোৱাৰ এটাই সম্ভাৱনা আছে -সেয়া হৈছে কৃষি খণ্ডৰ উন্নয়ন ৷ ই টিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত তেনে কেতবোৰ নতুন সম্ভাৱনাৰ ইংগিত দিয়ে বিশিষ্ট অৰ্থনীতিবিদ গৰাকীয়ে ।

অৰ্থনীতিবিদ ডঃ দেৱজিৎ মহন্তৰে সাক্ষাৎকাৰ খণ্ড-2

লগতে তেওঁ কয় যে,কৃষকসকলক ৰেপিড টেষ্টৰ জৰীয়তে তেওঁলোক ক'ভিড-19ত আক্ৰান্ত হয় নে নহয় এই কথা সোনকালেই নিশ্চিত কৰাৰ প্ৰয়োজন ৷ যদি আক্ৰান্ত নহয় তেনেহলে বিলম্ব নকৰি তেওঁলোকে যাতে কৃষি কাৰ্যত মনোনিৱেশ কৰিব পাৰে তাৰ প্ৰতি চৰকাৰে সহযোগ আৰু উৎসাহ যোগোৱাৰ প্ৰয়োজন ৷

লগতে পঢ়কঃ বটদ্ৰৱাত গ্ৰামীন বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.