ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মা এগৰাকী বহুমুখী প্ৰতিভাশালী ব্যক্তিঃ তৰুণ গগৈ - Assam Ex CM

যুদ্ধ কোনো কাৰণতে ভাল লক্ষণ নহয় বুলি মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ

প্ৰাক্তন মুখ্যমন্ত্ৰী
author img

By

Published : Mar 1, 2019, 11:45 PM IST

বৰঝাৰ, ১ মাৰ্চঃ অসমৰ এগৰাকী অন্যতম শক্তিশালী মন্ত্ৰী তথা বৰ্তমান চৰকাৰৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা তেঁওৰে এগৰাকী প্ৰাক্তন সংগীৰ । শুকুৰবাৰে গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত হিমন্ত বিশ্ব শৰ্মাক এগৰাকী বহুমুখী ব্যক্তি বুলি উল্লেখ কৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ।

প্ৰাক্তন মুখ্যমন্ত্ৰী

ৰাজধানী নতুন দিল্লীৰ পৰা পোনে পোনে আহি গুৱাহাটীত উপস্থিত হোৱাৰ পাচতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এইদৰে প্ৰকাশ কৰে তিনি দশক অসমক প্ৰতিনিধিত্ব কৰা ৰাজ্যৰ বিজ্ঞ তথা জ্যেষ্ঠ ৰাজনীতিজ্ঞজনে । হিমন্ত বিশ্ব শৰ্মা বাংলাদেশীৰ ৰক্ষক বুলি কোৱাৰ লগতে অসমলৈ বাংলাদেশী আনি তেঁও বাংলাদেশীৰ মুখ্যমন্ত্ৰী হ'ব বিছাৰিছে বুলিও তীৰ্যক মন্তব্য প্ৰদান কৰে তৰুণ গগৈয়ে ।

আনহাতে ভাৰত-পাকিস্তানৰ মাজত উদ্ভৱ হোৱা শেহতীয়া পৰিস্থিতি সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে । ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধৰ পৰিস্থিতি কোনো কাৰণতে শুভলক্ষণ নহয় বুলি উল্লেখ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে । তেঁওৰ মতে যুদ্ধৰ ফলত অনাহকত অৰ্থ আৰু মানৱ সম্পদৰ ক্ষতি হয় । তাৰ পৰিৱৰ্তে ভাৰতবৰ্ষই পাকিস্তানৰ ওপৰত অন্যান্য আমোলাতান্ত্ৰিক আৰু সামৰিক কূটকৌশলেৰে হেঁচা প্ৰয়োগ কৰাটোহে দেশৰ বাবে উল্লেখনীয় বুলি কয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ।

Slug:-A_Azara_Former_Cm_831-832_bite_Ajay_Das

Vo... হিমন্ত বিশ্ব ৰ্শমাৰ হেনো বহুকেইখন মুখ । ৰাহুল গান্ধীক বাংলাদেশত চৰকাৰ গঠন কৰিব লাগিব বুলি কোৱা হিমন্তই নিজে বাংলাদেশীক ৰঙা দলিচা পাৰি দিছে । হিমন্ত হেনো বহুমুখীয়া । প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কৰিলে এই মন্তব্য। আনহাতে আমেৰিকাৰ হেচাতহে বায়ুসেনাৰ কামাণ্ডাৰ আভিনন্দনক পাকিস্তানে মুকলি কৰি দিয়া বুলিও মন্তব্য কৰে । শুক্ৰবাৰে দিল্লীৰ পৰা আহি বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈয়ে হিমন্তক বহুমুখীয়া বুলি সমালোচনা কৰে ।

Bite.....

আজাৰা পৰা অজয় দাস,etv bharat assam

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.