ETV Bharat / state

মুখ্যমন্ত্ৰীৰ পথ প্ৰদৰ্শক মোডী নে অমিত শ্বাহ নিশ্চিত কৰক : তৰুণ গগৈ - কংগ্ৰেছ

মোহন ভাগৱতে এন আৰ চিৰ ক্ষেত্ৰত কৰিছে বিভাজনৰ ৰাজনীতি ৷ ভাৰত আৰু পাকিস্তানৰ বিভাজনৰ বাবে দায়ী জিন্না আৰু আৰ এছ এছ ৷ অসমত 'এডভাণ্টেজ আছাম' হোৱা নাই 'ডিছএডভাণ্টেজ আছাম' হে হৈছে । সংবাদমেলত চৰকাৰক চোকা সমালোচনা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷

গুৱাহাটীত তৰুণ গগৈৰ সংবাদমেল
author img

By

Published : Sep 30, 2019, 7:30 PM IST

Updated : Sep 30, 2019, 10:52 PM IST

গুৱাহাটী, 30 ছেপ্টেম্বৰ : "মুখ্যমন্ত্ৰীৰ পথ প্ৰদৰ্শক হ'ব লাগিছিল শংকৰদেৱ বা আজান ফকীৰ । কিন্তু তেওঁৰ পথ প্ৰদৰ্শক মোডী নে অমিত শ্বাহ নে মোহন ভাগৱত তেওঁ নিশ্চিত কৰক৷" সোমবাৰে দিছপুৰস্থিত বাসগৃহত এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য আগবঢ়াই ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ মোহন ভাগৱতে এন আৰ চিৰ ক্ষেত্ৰত বিভাজনৰ ৰাজনীতি কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে, এন আৰ চি খন আনি আমি ধৰ্মৰ ভিত্তিত ৰূপায়ন কৰাটো বিচৰা নাই । মোহন ভাগৱত অসমলৈ আহি হিন্দু সকলক ৰক্ষণাবেক্ষণ দি আমাৰ মাজত বিদ্বেষ ভাৱ সৃষ্টি কৰিব বিচাৰিছে । লগতে ভাৰত আৰু পাকিস্তানৰ বিভাজনৰ বাবে জিন্না আৰু আৰ এছ এছ দায়ী, কংগ্ৰেছ নহয় বুলিও তেওঁ প্ৰকাশ কৰে । "হিন্দু অহিন্দু বিচাৰ কৰিলে শুদ্ধ এন আৰ চি নহ'ব । এন আৰ চি খন 1971 চন হওঁতেই ইমান দিন লাগিলে 1951 চন হ'বলৈ হ'লে আৰু কিমান দিন লাগিব তাৰ ঠিক নাই ।" গতিকে এইক্ষেত্ৰত এখন ৰিভিউ কমিটি গঠন কৰি এন আৰ চি ৰ পৰা বাদ পৰা প্ৰকৃত ভাৰতীয়ৰ নাম এন আৰ চিত সুমুৱাব লাগে বুলিও উল্লেখ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।

"অসমৰ আইন শৃংখলাৰ অৱনতি হৈছে । চাৰিওফালে অৰাজকতাৰ সৃষ্টি হৈছে । চৰকাৰৰ ৮৮ কোটি টকা ধাৰ লাগিছে । অসমত 'এডভাণ্টেজ আছাম' হোৱা নাই 'ডিছএডভাণ্টেজ আছাম' হে হৈছে ।" এনেদৰে সংবাদমেলত চৰকাৰক চোকা সমালোচনা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷

গুৱাহাটীত তৰুণ গগৈৰ সংবাদমেল

ইফালে, তেওঁ নুমলীগড় ৰিফাইনেৰীক ব্যক্তিগতকৰণৰ বাতৰি ওলোৱা সন্দৰ্ভত কয় যে, ব্যক্তিগতকৰণ কৰাৰ কোনো কাৰণ নাই । এনেদৰে ব্যক্তিগতকৰণ কৰা কাৰ্যই চৰকাৰ যে দেউলীয়া হৈছে সেইটো প্ৰামান কৰিছে আৰু দেশখনকো দেউলীয়া কৰিছে । নেহেৰুৰ কাৰণেই কাশ্মীৰ আজি ভাৰতৰ অংশ হৈ আছে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

দেশত অনুষ্ঠিত হ'বলগা উপ নিৰ্বাচন সন্দৰ্ভত মন্তব্য কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী কয় যে, আগন্তুক উপ নিৰ্বাচনত 4 টা সমষ্টিতে কংগ্ৰেছে যুঁজিব আৰু ইয়াৰ বাবে কংগ্ৰেছে বাগানৰ মজদূৰকো টিকট দিছে ।

Intro:'মুখ্যমন্ত্ৰীৰ পথ প্ৰদৰ্শক হ'ব লাগিছিল শংকৰদেৱৰ বা আজান ফকীৰ। কিন্তু তেওঁৰ পথ প্ৰদৰ্শক মোডী নে অমিত শ্বাহ নে মোহন ভাগত তেওঁ নিশ্চিত কৰক' : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈBody:সোমবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে তেওঁৰ দিছপুৰস্থিত আবাস গৃহত এখনি সংবাদমেলৰ সন্মোধন কৰি শাসনাধিস্থ গেৰুৱা দলটিক কটাক্ষ কৰি বহু সমালোচনামূলক মন্তব্য আগবঢ়াই সদ্যপ্ৰকাশিত এন আৰ চি সন্দৰ্ভত কৈছে যে মোহন ভাগৱতে এন আৰ চিৰ ক্ষেত্ৰত বিভাজনৰ ৰাজনীতি কৰিছে। এন আৰ চি খন আনি আমি ধৰ্মৰ ভিত্তিত ৰূপায়ন কৰাটো বিচৰা নাই। মোহন ভাগৱৎ অসমলৈ আহি মুখ্যমন্ত্ৰীক হিন্দু সকলক ৰক্ষণাবেক্ষণ দিয়াৰ যি চেষ্টা কৰিছে তাত আমাৰ মাজত বিদ্বেষ ভাৱ সৃষ্টি কৰিব বিচাৰিছে সেয়া এক নিন্দনীয় বিষয় হ'ব। গতিকে জিন্না আৰু মোহন ভাগৱতৰ আদৰ্শ তেওঁলোকে গ্ৰহণ নকৰে। লগতে ভাৰত আৰু পাকিস্তানৰ বিভাজনৰ বাবে জিন্না আৰু আৰ এছ এছ দায়ী, কংগ্ৰেছ নহয়। হিন্দু অহিন্দু বিচাৰ কৰিলে শুদ্ধ এন আৰ চি নহ'ব। এন আৰ চি খন ১৯৭১ চন হওঁতেই ইমান দিন লাগিলে ৫১ চন হ'বলৈ হ'লে আৰু কিমান দিন লাগিব তাৰ ঠিক নাই। গতিকে এইক্ষেত্ৰত এখন ৰিভিউ কমিটি গঠন কৰি এন আৰ চি ৰ পৰা বাদ পৰা প্ৰকৃত ভাৰতীয়ৰ নাম এন আৰ চি ত সুমুৱাব লাগে বুলিও উল্লেখ কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে।

মুখ্যমন্ত্ৰীৰ পথ প্ৰদৰ্শক হ'ব লাগিছিল শংকৰদেৱৰ বা আজান ফকীৰ। কিন্তু তেওঁৰ পথ প্ৰদৰ্শক মোডী নে অমিত শ্বাহ নে মোহন ভাগত তেওঁ নিশ্চিত কৰক। মোহন ভাগতৰ পথ প্ৰদৰ্শক হলে অসমখন ভাগি চুৰমাৰ হ'ব। আজি অসমলৈ মোহন ভাগৎ কিয় আহিব লগা হ'ল? নিশ্চয় মুখ্যমন্ত্ৰী ব্যৰ্থ হৈছে বুলি কৈ সৰ্বানন্দ সোনোৱালক কটাক্ষ কৰে।

ইয়াৰোপৰি বহু বিতৰ্কিত হোজাইৰ বিধায়ক শিলাদিত্য দেৱক কটাক্ষ কৰি কয় মুছলমান বিষয়াবোৰে হিন্দুৰ নাম কাটিছে। তেওঁৰ বিৰুদ্ধে শাস্তি দিব লাগে। কোনে কোনে নাম কাটিছে তাৰ তালিকা দিয়ক বুলি শিলাদিত্যক উভতি ধৰে।

অসমৰ আইন শৃংখলাৰ অৱনতি হৈছে। ইয়াত ৰাউদী অসম হৈছে । চাৰিওফালে অৰাজকতা হৈছে। চৰকাৰৰ ৮৮ কোটি টকা ধাৰ লাগিছে। ইমান ফুৰিবলৈ গৈ আলিংগন কৰিলা কিন্তু কি হ'ল? ইয়াত Advantage Assam হোৱা নাই disadvantage Assam হে হৈছে। যদি Advantage Assam হৈছে তেনেহ'লে সাংবাদিক সকলৰ লগত গৈ আমাক দেখুৱাই দিয়ক। চৰকাৰ খন এতিয়া থৰক বৰক হৈছে বুলি মন্তব্য প্ৰকাশ কৰে।

ইফালে তেওঁ নুমলীগড় ৰিফাইনেৰিক ব্যক্তিগতকৰণৰ বাতৰি ওলোৱা সন্দৰ্ভত কয় যে ব্যক্তিগতকৰণ কৰাৰ কোনো কাৰণ নাই। এইবোৰ কৰি তেওঁ কি কৰিব বিচাৰিছে। এনেদৰে ব্যক্তিগতকৰণ কৰাক লৈ চৰকাৰ যে দেউলিয়া হৈছে গম পোৱা গৈছে। আৰু দেশখনকো দেউলিয়া কৰিছে। নেহেৰুৰ কাৰণেই কাশ্মীৰ আজি ভাৰতৰ অংশ হৈ আছে।

দেশত অনুষ্ঠিত হ'বলগা উপ নিৰ্বাচনক কেন্দ্ৰ কৰি গগৈয়ে কয় যে আগন্তুক উপ নিৰ্বাচনত ৪টা সমষ্টিতে কংগ্ৰেছে যুঁজিব আৰু ইয়াৰ বাবে কংগ্ৰেছে বাগানৰ মজদূৰকো টিকট দিছে। বিজেপিয়ে কিয় মজদুৰক নিদিলে বুলি প্ৰশ্ন কৰি কয় যে তেওঁলোকে মজদুৰক ৰাজনৈতিকভাৱে সবল কৰাটো নিবিচাৰে। কংগ্ৰেছ আৰু এ আই ইউ ডি এফত ফাঁট মেলা সম্পৰ্কত কয় উপ নিৰ্বাচনত নহয় কিন্তু ২০২১ চনত এ আই ইউ ডি এফ ৰ লগত মিত্ৰতা কৰিবও পাৰো বুলি কয়।

আগন্তুক নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰঙাপাৰা আৰু সোনাৰিত প্ৰচাৰৰ বাবে গগৈ যাব বুলি সংবাদ মাধ্যমৰ আগত কয়।Conclusion:Asrar Ansari
Guwahati
Last Updated : Sep 30, 2019, 10:52 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.